শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

LSG vs DC Live Score, IPL 2025: একানাতো চলিল দিল্লীৰ বিজয় ৰথঃ ঘৰুৱা ভূমিত পোতক তোলা নহ’ল লক্ষ্ণৌৰ

Lucknow Super Giants vs Delhi Capitals Live Score in Assamese: আই পি এল ২০২৫ত লক্ষ্ণৌৰ বিপক্ষে আধিপত্য চলিল দিল্লীৰ। দুয়োদলৰ প্ৰথম মেচত ৰোমাঞ্চকৰ জয়ৰ পিছত আজি দ্বিতীয় মেচতো লক্ষ্ণৌক ৮ উইকেটত সহজে পৰাস্ত কৰি দিল্লীয়ে প্লে’ অফৰ দিশত আৰু এক খোজ আগবঢ়ালে।

monjit-dutta
Monjit Dutta | Updated On: 22 Apr 2025 22:58 PM
LSG vs DC Live Score, IPL 2025: একানাতো চলিল দিল্লীৰ বিজয় ৰথঃ ঘৰুৱা ভূমিত পোতক তোলা নহ’ল লক্ষ্ণৌৰ
আজি দিল্লী বনাম লক্ষ্ণৌৰ মেচ

আই পি এল ২০২৫ৰ আজিৰ মেচত মুখামুখি হ’ব লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু দিল্লী কেপিটেলছ। চলিত ছিজনত দুয়োটা দলৰ মাজত এয়া হ’ব দ্বিতীয়খন মেচ। ইয়াৰ পূৰ্বে দুয়োটা দলে ছিজনত নিজৰ প্ৰথমখন মেচৰ ৰূপত পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হৈছিল। উক্ত মেচখনত আশুতোষ শৰ্মাৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সহায়েৰে দিল্লীয়ে ৰোমাঞ্চকৰ যুঁজৰ অন্তত ১ উইকেটত পৰাস্ত কৰিছিল লক্ষ্ণৌক। দিল্লীয়ে দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰা বিশাখাপট্টনমত উক্ত মেচখন অনুষ্ঠিত হৈছিল। আনহাতে আজিৰ মেচখন অনুষ্ঠিত হ’ব লক্ষ্ণৌৰ ঘৰুৱা খেলপথাৰ একানাত। গতিকে লক্ষ্ণৌৰ বাবে আজি ঘৰৰ মাটিত দিল্লীৰ বিপক্ষে পৰাজয়ৰ পোতক তোলাৰ সুৱৰ্ণ সুযোগ থাকিব।

এই মেচখনত বিশেষভাৱে দৃষ্টি থাকিব লক্ষ্ণৌৰ অধিনায়ক ঋষভ পণ্ট আৰু দিল্লীৰ গুৰুত্বপূৰ্ণ সদস্য কে এল ৰাহুলৰ ওপৰত। কিয়নো দুয়োটা দলে বিগত ছিজনত আজিৰ প্ৰতিপক্ষ দলটোক নেতৃত্ব দি আহিছে। এনে পৰিস্থিতিত আজি নিজৰ পূৰ্বৰ দলৰ বিপক্ষে খেলিব লাগিব পণ্ট আৰু ৰাহুলে। তদুপৰি বিগত ছিজনত লক্ষ্ণৌৰ স্বত্বাধিকাৰীৰ সৈতে ৰাহুলৰ মতভেদে ব্যাপক চৰ্চা লাভ কৰিছিল। আজি ৰাহুলৰ বাবে পূৰ্বৰ এই ঘটনাও নিশ্চিতভাৱে স্মৰণীয় হ’ব।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 22 Apr 2025 10:57 PM (IST)

    দিল্লীৰ সহজ জয়

    প্ৰথমে মুকেশ কুমাৰসহ বলিং আক্ৰমণৰ সঠিক প্ৰদৰ্শনৰ পিছত অভিষেক প’ৰেল আৰু কে এল ৰাহুলৰ দৰ্শনীয় অৰ্ধশতকৰ সহায়েৰে লক্ষ্ণৌক ঘৰৰ মাটিতে ৮ উইকেটত সহজে পৰাস্ত কৰিছে দিল্লী কেপিটেলছে। এইদৰে ছিজনত লক্ষ্ণৌৰ বিপক্ষে সফলতাৰ ধাৰা অব্যাহত ৰখাৰ লগতে দিল্লীয়ে সামগ্ৰিকভাৱে ষষ্ঠ জয়ৰ সোৱাদ লাভ কৰে।

  • 22 Apr 2025 10:51 PM (IST)

    ৰাহুলৰ অৰ্ধশতক

    পুৰণি দল লক্ষ্ণৌৰ বিপক্ষে ৰাহুলৰ বেটৰ পৰা আহিছে এক দৰ্শনীয় ইনিংছ। ধৈৰ্যসহকাৰে নিজৰ লগতে দলৰ ইনিংছ আগুৱাই নিয়া ৰাহুলে ৪০টা বলত নিজৰ অৰ্ধশতক পূৰ কৰে।

  • 22 Apr 2025 10:48 PM (IST)

    অক্ষৰে পালে জীৱনদান

    আক্ৰমণাত্মক বেটিঙেৰে দলক জয়ৰ কাষ চপাই নিছে অধিনায়ক অক্ষৰ পেটেলে। পিছে ব্যক্তিগত ২৫ ৰানত অক্ষৰে দিগৱেশ ৰাঠীৰ বলত তুলি দিয়া এটা সহজ কেচ ড্ৰপ কৰে প্ৰিন্স যাদৱে আৰু এইদৰে জীৱনদান পায় দিল্লীৰ অধিনায়কগৰাকীয়ে।

  • 22 Apr 2025 10:36 PM (IST)

    ৩০ বলত প্ৰয়োজন ৩৩ ৰানৰ

    ১৫ অভাৰৰ অন্তত দিল্লীয়ে সংগ্ৰহ কৰিছে ১২৭ ৰান। হাতত ৮টা উইকেট বাকী থকা অৱস্থাত অন্তিম ৫ অভাৰত দলটোক এতিয়া জয়ৰ বাবে প্ৰয়োজন ৩৩ ৰানৰ।

  • 22 Apr 2025 10:23 PM (IST)

    মাৰ্ক্ৰামে বিদায় দিলে প’ৰেলক

    পুনৰ এবাৰ লক্ষ্ণৌৰ শিবিৰলৈ সকাহ কঢ়িয়াই আনিছে মাৰ্ক্ৰামে। অভিষেক প’ৰেলৰ ৰূপত মাৰ্ক্ৰামে দিল্লীৰ ইনিংছৰ দ্বিতীয়টো উইকেট দখল কৰিছে। ৫১ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি বিদায় লয় প’ৰেলে।

  • 22 Apr 2025 10:16 PM (IST)

    প’ৰেলৰ অৰ্ধশতক

    ধৈৰ্যশীল বেটিঙেৰে দিল্লীৰ ইনিংছ আগুৱাই নিছে অপেনাৰ অভিষেক প’ৰেলে। যুৱ বেটাৰগৰাকীয়ে ৩৩টা বলত ৫টা চাৰি আৰু এটা ছয়েৰে অৰ্ধশতক সম্পূৰ্ণ কৰিছে।

  • 22 Apr 2025 09:51 PM (IST)

    পাৱাৰ প্লে’ত সংগ্ৰহ ৫৪ ৰান

    প্ৰথম পাৱাৰ প্লে’ অৰ্থাৎ ছয় অভাৰৰ সমাপ্তিত দিল্লীয়ে এটা উইকেট হেৰুৱাই ৫৪ ৰান সংগ্ৰহ কৰিছে। ক্ৰীজত প’ৰেলে ২৫ আৰু ৰাহুলে ১১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে।

  • 22 Apr 2025 09:39 PM (IST)

    মাৰ্ক্ৰামে বিদায় দিলে নায়াৰক

    বেটিঙত সফলতাৰ পিছত এইবাৰ বল হাতত লৈয়ো দললৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে এইডেন মাৰ্ক্ৰামে। নিজৰ প্ৰথম অভাৰতে মাৰ্ক্ৰামে কৰুণ নায়াৰক বিদায় দি দিল্লীৰ অপেনিং যুটি ভংগ কৰিছে। নায়াৰে ৯টা বলত দুটা চাৰি আৰু এটা ছয়েৰে ১৫ ৰান সংগ্ৰহ কৰে।

  • 22 Apr 2025 09:26 PM (IST)

    দিল্লীৰ সফল আৰম্ভণি

    ১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি দিল্লীক সফল আৰম্ভণি প্ৰদান কৰিছে প’ৰেল আৰু নায়াৰে। শ্বাৰ্দুল ঠাকুৰে কৰা ইনিংছৰ প্ৰথমটো অভাৰতে দুয়ো তিনিটা বাউণ্ডেৰীসহ ১৫ ৰান সংগ্ৰহ কৰিছে।

  • 22 Apr 2025 09:09 PM (IST)

    মুকেশৰ চমক, লক্ষ্ণৌৰ সংগ্ৰহ ১৫৯ ৰান

    অন্তিম অভাৰত বল হাতত লৈ প্ৰথম ৩টা বলত ৩টা বাউণ্ডেৰী খৰচ কৰিলেও অন্তিম ৩টা বলত দুটা উইকেট দখল কৰে মুকেশ কুমাৰে। অন্তিম বলত মুকেশৰ চিকাৰ হয় পণ্ট। এইদৰে লক্ষ্ণৌক ১৫৯ ৰানত বান্ধি ৰাখিবলৈ সক্ষম হৈছে দিল্লী কেপিটেলছ।

  • 22 Apr 2025 09:05 PM (IST)

    বাডনিৰ বিদায়

    অন্তিম অভাৰৰ প্ৰথম তিনিটা বলত একেলগে তিনিটা চাৰি কোবাই আগ্ৰাসী ৰূপ লৈছিল আয়ুস বাদনিয়ে। অৱশ্যে চতুৰ্থটো বলত বাডনিক ব’ল্ড কৰি পেভিলিয়নলৈ উভতাই পঠায় মুকেশে।

  • 22 Apr 2025 08:43 PM (IST)

    ৰক্ষা পৰিল বাডনি

    ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ অহা আয়ুস বাডনি মাত্ৰ ৩ ৰান সংগ্ৰহ কৰা অৱস্থাতে নিজৰ উইকেট হেৰুওৱাৰ শংকাত পৰিছিল যদিও ট্ৰিষ্টান ষ্টাবছে এটা সহজ কেচ ড্ৰপ কৰি তেওঁক জীৱনদান দিয়ে। এইদৰে তৃতীয়টো সফলতা লাভৰ পৰা বঞ্চিত হয় মুকেশ কুমাৰ।

  • 22 Apr 2025 08:36 PM (IST)

    মুকেশৰ আন এক সাফল্য

    চামাদক বিদায় দিয়াৰ পিছত একেটা অভাৰতে আন এক গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে মুকেশ কুমাৰে। এইবাৰ মুকেশৰ চিকাৰ হৈছে মিচেল মাৰ্শ্ব। অপেনাৰ মাৰ্শ্বে ৩৬টা বলত ৪৫ ৰান সংগ্ৰহ কৰি বিদায় লয়।

  • 22 Apr 2025 08:32 PM (IST)

    চামাদ ব্যৰ্থ

    লক্ষ্ণৌৱে হেৰুৱাইছে তৃতীয়টো উইকেট। এইবাৰ মুকেশ কুমাৰে দখল কৰিছে আব্দুল চামাদৰ উইকেট। ৮টা বলত মাত্ৰ ২ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতে চামাদ।

  • 22 Apr 2025 08:22 PM (IST)

    পেভিলিয়নলৈ পুৰাণ

    মাত্ৰ ৮টা বলৰ ব্যৱধানত দ্বিতীয়টো উইকেট হেৰুৱাইছে লক্ষ্ণৌৱে। এইবাৰ মিচেল ষ্টাৰ্কে বিদায় দিছে নিকোলাচ পুৰাণক। এই ছিজনত অ’ৰেঞ্জ কেপৰ দৌৰত থকা পুৰাণে আজি মাত্ৰ ৯ ৰান সংগ্ৰহ কৰিয়েই ক্ৰীজ এৰে।

  • 22 Apr 2025 08:16 PM (IST)

    চমীৰাই বিদায় দিলে মাৰ্ক্ৰামক

    দিল্লীৰ হৈ নিজৰ অভিষেক মেচতে গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছে দুষ্মন্ত চমীৰাই। ইনিংছৰ দশম অভাৰৰ অন্তিমটো বলত চমীৰাই বিদায় দিয়ে মাৰ্ক্ৰামক। ৩৩টা বলত দুটা চাৰি আৰু তিনিটা ছয়েৰে মাৰ্ক্ৰামে সংগ্ৰহ কৰে ৫২ ৰান।

  • 22 Apr 2025 08:08 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ মাৰ্ক্ৰামৰ

    ছিজনত নিজৰ চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখি আন এটা অৰ্ধশতক অৰ্জন কৰিছে এইডেন মাৰ্ক্ৰামে। মাত্ৰ ৩০টা বলত দুটা চাৰি আৰু তিনিটা ছয়েৰে মাৰ্ক্ৰামে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 22 Apr 2025 08:01 PM (IST)

    জীৱনদান পালে মাৰ্ক্ৰামে

    আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন কৰা এইডেন মাৰ্ক্ৰামে লাভ কৰিছে জীৱনদান। বিপৰাজ নিগমে কৰা ইনিংছৰ অষ্টম অভাৰৰ প্ৰথম বলতে মাৰ্ক্ৰামে এটা ছয় কোবায়। দ্বিতীয় বলত পুনৰ বাউণ্ডেৰী কোবোৱাৰ লক্ষ্যৰে তেওঁ বল তুলি দিয়ে যদিও ভালদৰে টাইমিং নোহোৱাত কেচৰ সুযোগ লাভ কৰিছিল ষ্টাৰ্কে। কিন্তু এই কেচ ড্ৰপ কৰাত ব্যক্তিগত ৪৫ ৰানৰ মাৰ্ক্ৰামে জীৱনদান পায়।

  • 22 Apr 2025 07:54 PM (IST)

    পাৱাৰ প্লে’ত সংগ্ৰহ ৫১ ৰান

    পুনৰ এবাৰ দুই অপেনাৰ মাৰ্ক্ৰাম আৰু মাৰ্শ্বে দলক দিছে শক্তিশালী আৰম্ভণি। দুয়োগৰাকী ইনিংছৰ প্ৰথম পাৱাৰ প্লে’ অৰ্থাৎ ছয় অভাৰত ৫১ ৰান সংগ্ৰহ কৰিছে।

  • 22 Apr 2025 07:35 PM (IST)

    অধিনায়ক বাপুৰ নিয়ন্ত্ৰিত আৰম্ভণি

    দিল্লীৰ হৈ বলিং আৰম্ভ কৰে অধিনায়ক অক্ষৰ পেটেলে। প্ৰথম অভাৰত তেওঁ নিয়ন্ত্ৰিত বলিঙেৰে মাত্ৰ ৩ ৰান খৰচ কৰিছে। লক্ষ্ণৌৰ মাৰ্ক্ৰাম-মাৰ্শ্বৰ সফল অপেনিং যুটিক নিয়ন্ত্ৰণ কৰিবলৈ বাপুৱে কেনে ৰণনীতি গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

  • 22 Apr 2025 07:17 PM (IST)

    লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ আৰু ইম্পেক্ট চাব

    অপৰিৱৰ্তিত মূল একাদশেৰে আজিৰ মেচত নামিব লক্ষ্ণৌ। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- এইডেন মাৰ্ক্ৰাম, মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), আব্দুল চামাদ, ডেভিড মিলাৰ, শ্বাৰ্দুল ঠাকুৰ, দিগৱেশ সিং ৰাঠী, ৰবি বিষ্ণৈ, আভেশ খান, ৰাজকুমাৰ যাদৱ। আনহাতে ইম্পেক্ট চাব হিচাপে থাকিব আয়ুস বাডনি, মায়াংক যাদৱ, শ্বাহবাজ আহমেদ, মেথিউ ব্ৰিৎজকে, হিম্মত সিং।

  • 22 Apr 2025 07:14 PM (IST)

    দিল্লী কেপিটেলছৰ মূল একাদশ আৰু ইম্পেক্ট চাব

    দিল্লী কেপিটেলছৰ মূল একাদশত আজি দেখা যাব পৰিৱৰ্তন। ছিজনত প্ৰথমবাৰৰ বাবে খেলাৰ সুযোগ লাভ কৰিছে শ্ৰীলংকান পেচাৰ দুষ্মন্ত চামিৰাই। দলৰ মূল একাদশ হ’ব এনেধৰণৰ-  অভিষেক প’ৰেল, কৰুণ নায়াৰ, কে এল ৰাহুল, অক্ষৰ পেটেল (অধিনায়ক), ট্ৰিষ্টান ষ্টাবচ, আশুতোষ শৰ্মা, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, দুষ্মন্ত চামিৰা, মুকেশ কুমাৰ। আনহাতে ইম্পেক্ট চাব হিচাপে থাকিব জেক ফ্ৰেজাৰ মেকগুৰ্ক, সমীৰ ৰিজভি, ডোনোভান ফেৰেৰা, মাধৱ তিৱাৰী, ত্ৰিপুৰানা বিজয়।

  • 22 Apr 2025 07:07 PM (IST)

    অক্ষৰে ল’লে বলিঙৰ সিদ্ধান্ত

    অক্ষৰ পেটেলৰ বলিষ্ঠ নেতৃত্বত চলিত ছিজনত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰিছে দিল্লী কেপিটেলছে। আজি টছত জয়ী হৈ অক্ষৰে ৰণনীতি অনুসাৰে গ্ৰহণ কৰিছে প্ৰথমে বলিঙৰ সিদ্ধান্ত।

Published On - Apr 22,2025 7:04 PM