LSG vs MI Predicted Playing XI IPL 2025: লক্ষ্ণৌৰ শিবিৰলৈ উভতিল ৮ কোটি টকা মূল্যৰ পেচাৰঃ সংকটত পৰিব নেকি মুম্বাই!
Lucknow Super Giants vs Mumbai Indians Preview: আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ১৬ সংখ্যক মেচ। লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত আজি মুখামুখি হ’ব ঘৰুৱা দল লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছ। এইপৰ্যন্ত দুয়োটা দলে ৩ খনকৈ মেচ খেলিছে যদিও মাত্ৰ এখনকৈ মেচতহে জয়লাভ কৰিছে। মেচখনৰ পূৰ্বে লক্ষ্ণৌৰ শিবিৰত যোগ দিছে ৮ কোটি টকা মূল্যৰ এগৰাকী পেচাৰে।

উত্থান পতনেৰে আগবাঢ়িছে আই পি এল ২০২৫। এফালে যদি বিগত ছিজনৰ চেম্পিয়ন কলকাতা আৰু ৰাণাৰ্ছ আপ হায়দৰাবাদে যদি আশা কৰাৰ দৰে প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছে, আনফালে আকৌ দিল্লী আৰু পঞ্জাৱ দলে দৰ্শনীয় আৰম্ভণি ঘটাইছে। কেইবাগৰাকীও যুৱ খেলুৱৈয়ে নিজৰ প্ৰদৰ্শনেৰে মুগ্ধ কৰিছে অনুৰাগী তথা ক্ৰিকেট বিশেষজ্ঞক। আজি অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ১৬ সংখ্যক মেচ। লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত আজি মুখামুখি হ’ব ঘৰুৱা দল লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছ। দুয়োটা দলৰ বাবে এই মেচখন হ’ব ছিজনৰ চতুৰ্থখন মেচ।
এইপৰ্যন্ত দুয়োটা দলে ৩ খনকৈ মেচ খেলিছে যদিও মাত্ৰ এখনকৈ মেচতহে জয়লাভ কৰিছে। মুম্বাইয়ে প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পিছত তৃতীয়খন মেচত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই গৃহ চহৰতে কলকাতাক পৰাস্ত কৰিছিল। এনে স্থিতিত মুম্বাইৰ মনোবল কিছু বৃদ্ধি পাইছে। আনহাতে প্ৰথম মেচত পৰাস্ত হোৱাৰ পিছত দ্বিতীয় মেচত জয়লাভ কৰিছিল যদিও তৃতীয় মেচত পুনৰ পৰাজয়ৰ সন্মুখীন হৈছে লক্ষ্ণৌ।
গতিকে এফালে আজি মুম্বাইয়ে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আৰু আনফালে লক্ষ্ণৌৱেও জয়ৰ পথলৈ উভতাৰ লক্ষ্যৰে আজি মেচত নামিব। লক্ষ্ণৌৱে স্বাভাৱিকতেই ঘৰুৱা পৰিৱেশৰ সুযোগ উঠোৱাৰ চেষ্টা চলাব। আনহাতে এগৰাকী খেলুৱৈৰ অন্তৰ্ভুক্তিয়ে আজি দলৰ শক্তিও কিছু বৃদ্ধি কৰিব। ছিজনৰ আৰম্ভণি হোৱাৰ পৰাই লক্ষ্ণৌৰ কেইবাগৰাকীও পেচাৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰত থাকিব লগা হৈছিল।
এতিয়া আঘাতমুক্ত হৈ শিবিৰত যোগ দিছে দলটোৰ এগৰাকী মূল পেচাৰ আকাশ দীপ। মেগা নিলামত লক্ষ্ণৌৱে আকাশ দীপক ৮ কোটি টকাত ক্ৰয় কৰিছিল। কিন্তু আঘাতৰ বাবে তেওঁ প্ৰথম তিনিখন মেচত খেলিব পৰা নাছিল। আজি মুম্বাইৰ বিপক্ষে মেচত আকাশ দীপে লক্ষ্ণৌৰ হৈ অভিষেক ঘটাব বুলি আশা কৰা হৈছে। তেওঁৰ প্ৰত্যাৱৰ্তনে লক্ষ্ণৌৰ বলিং বিভাগ বহু পৰিমাণে শক্তিশালী কৰিব।
উল্লেখ্য যে এই পৰ্যন্ত দুয়োটা দলৰ মাজত ৬খন মেচ অনুষ্ঠিত হৈছে। মুম্বাইৰ বিপক্ষে আধিপত্য বিস্তাৰ কৰি ইয়াৰে ৫খন মেচতে লক্ষ্ণৌৱে জয়লাভ কৰাৰ বিপৰীতে মুম্বাইয়ে মাত্ৰ ১খন মেচত জয়লাভ কৰিছে। আজি মেচ অনুষ্ঠিত হ’বলগা একনা ষ্টেডিয়ামত দুয়োটা দলৰ মাজত ইতিপূৰ্বে দুখন মেচ হৈছে আৰু দুয়োখন মেচতে ঘৰুৱা দলটোৱে জয়লাভ কৰিছে। চাওঁ আহক আজি দুয়োটা দলৰে সম্ভাৱ্য একাদশ-
লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মূল একাদশ আৰু ইম্পেক্ট চাবঃ মিচেল মাৰ্শ্ব, এইডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), আয়ুস বাদনি, ডেভিড মিলাৰ, আব্দুল ছামাদ, দিগৱেশ সিং ৰাথী, শ্বাৰ্দুল ঠাকুৰ, আভেশ খান, ৰবি বিষ্ণৈ, প্ৰিন্স যাদৱ/আকাশ দীপ।
মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ আৰু ইম্পেক্ট চাবঃ ৰোহিত শৰ্মা, ৰিয়ান ৰিকেল্টন, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট বল্ট, অশ্বনী কুমাৰ, ভিগনেশ পুথুৰ/সত্যনাৰায়ণ ৰাজু।