LSG vs PBKS Live Score, IPL 2025: ৮ উইকেটত জয়লাভ পঞ্জাব কিংছৰ, পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ
Lucknow Super Giants vs Punjab Kings Live Score in Assamese: আজি লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আই পি এল ২০২৫ৰ ত্ৰয়োদশ মেচ। প্ৰথমে বেটিং কৰি পঞ্জাবৰ সন্মুখত ১৭২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে। ৮ উইকেটত জয়লাভ কৰে পঞ্জাব কিংছে। চাওক মেচৰ প্ৰতিটো মুহূৰ্তৰ লাইভ আপডেট...

আজি লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ত্ৰয়োদশ মেচ। এই সময়ছোৱাত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু পঞ্জাব কিংছৰ মাজত হ’ব যুঁজ। ইয়াৰ উপৰিও এই প্ৰতিযোগিতাত মুখামুখি হ’ব আটাইতকৈ দামী খেলুৱৈ আৰু দুই অধিনায়কো । লক্ষ্ণৌৰ কথা ক’বলৈ গ’লে দলটোৱে ইতিমধ্যে ২ খন মেচ খেলি আহিছে। প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছত দ্বিতীয়খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে। ঋষভ পন্তৰ অধিনায়কত্বত থকা এই দলটোৱে ২ পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। আনহাতে, শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত পঞ্জাব কিংছে প্ৰথমখন মেচত দুৰ্দান্ত প্ৰদৰ্শনেৰে গুজৰাট টাইটানছক পৰাস্ত কৰে। এতিয়া দ্বিতীয়খন মেচতো পঞ্জাবে একেধৰণৰ প্ৰদৰ্শন কৰিব বিচাৰিব।
LIVE NEWS & UPDATES
-
পঞ্জাব কিংছৰ জয়
কেপ্তেইন শ্ৰেয়াছৰ বিজয়ী শ্বট। ছয়ৰে অৰ্ধশতক সম্পূৰ্ণ কৰি খেল সমাপ্ত কৰে শ্ৰেয়াছ আয়াৰে। ২২ বল বাকী থাকোতে ৮ উইকেটৰ ডাঙৰ ব্যৱধানত জয়লাভ পঞ্জাব কিংছৰ।
The 6⃣🔥
The Catch 🤌Both approved by Ricky Ponting 😌
Updates ▶ https://t.co/j3IRkQFrAa #TATAIPL | #LSGvPBKS | @PunjabKingsIPL pic.twitter.com/XSuat7Wy1H
— IndianPremierLeague (@IPL) April 1, 2025
-
১৭০ ৰান অতিক্ৰম কৰিলে পঞ্জাবে
১৬ অভাৰৰ খেল সম্পূৰ্ণ হৈছে। বিস্ফোৰক বেটিং অব্যাহত ৰাখি পঞ্জাবে ২ উইকেট হেৰুৱাই ১৭১ ৰান সংগ্ৰহ কৰি এতিয়া জয়ৰ বাবে মাত্ৰ ১ ৰান বাকী।
-
প্ৰভসিমৰন সিং আউট
লক্ষ্ণৌক দ্বিতীয় সফলতা দিলে দিগবেশে। ৩৪টা বলত ৬৯ ৰান সংগ্ৰহ কৰি আউট হ’ল ধুমুহাৰ ষ্টাইলত বেটিং কৰি থকা প্ৰভসিমৰণ সিং। জয়ৰ বাবে ৫৩ টা বলত ৫৫ ৰানৰ প্ৰয়োজন।
-
প্ৰভাসিমৰন সিঙৰ বেটিঙৰ যাদু
২৩ টা বলত অৰ্ধশতক অৰ্জন প্ৰভাসিমৰন। শ্ৰেয়াছ আয়াৰৰ ইনিংছ অব্যাহত। ৯ অভাৰত ৯৯ ৰান সংগ্ৰহ পঞ্জাবৰ। জয়ৰ বাবে ৬৫ বলত ৭২ ৰানৰ প্ৰয়োজন।
-
পঞ্জাব কিংছক প্ৰথমটো আঘাত
প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হৈছে পঞ্জাব কিংছ। দিগবেশ সিঙৰ বলত ৯টা বলত ৮ ৰান সংগ্ৰহ কৰি আউত প্ৰিয়াংশ আৰ্য্য।
Digvesh Rathi adds Priyansh Arya’s name to his wicket-taking list ✍️#TATAIPL | #LSGvPBKS | @LucknowIPL pic.twitter.com/64I6EBdElp
— IndianPremierLeague (@IPL) April 1, 2025
-
দুই অভাৰত ২০ ৰান
পঞ্জাৱ কিংছৰ হৈ বেটিঙৰ আৰম্ভণি কৰিছে প্ৰভসিমৰন সিং আৰু প্ৰিয়াংশ আৰ্য্যই। দুটা অভাৰত ২০ ৰান সংগ্ৰহ।
-
২০ অভাৰত লক্ষ্ণৌৱে সংগ্ৰহ কৰिলে ১৭১ ৰাन
২০ অভাৰৰ অন্তত ৭ টা উইকেট হেৰুৱাই লক্ষ্ণৌৱে সংগ্ৰহ কৰে ১৭১ ৰাণ। ১৭২ ৰাণৰ লক্ষ্য আগত লৈ ক্ৰীজত নামিব শ্ৰেয়াছ বাহিনী।
-
ডেভিদ মিলাৰ আউট
১৮টা বলত ১৯ ৰান সংগ্ৰহ কৰি আউট ডেভিদ মিলাৰ। ১৬ অভাৰৰ অন্তত ৫ টা উইকেটৰ বিনিয়মত তেওঁ ১২৫ ৰান সংগ্ৰহ কৰিছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে।
-
লক্ষ্ণৌৰ ১০০ ৰান অতিক্ৰম
১৫ অভাৰৰ খেল সম্পূৰ্ণ হৈছে। ৪টা উইকেট হেৰুৱাই ১১৭ ৰান সংগ্ৰহ লক্ষ্ণৌৰ। ক্ৰীজত আছে আয়ুছ বাডোনি আৰু ডেভিদ মিলাৰ।
-
পেভিলিয়নমুখী নিকোলাছ পুৰाন
য়ুজবেন্দ্ৰ চাহালৰৰ বলত ৪৪ ৰাन কৰি পেভিলিয়নমুখী নিকোলাছ পুৰाন।
-
১০ অভাৰত ৭৬ ৰান
১০ অভাৰৰ খেল সম্পূৰ্ণ হৈছে। ১০ অভাৰত ৩টা উইকেট হেৰুৱাই ৭৬ ৰান সংগ্ৰহ কৰিছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে। বেটিং কৰি আছে নিকোলাছ পুৰানে আৰু আয়ুষ বদোনিয়ে।
-
মাৰ্কৰামৰ পাছতে পেভিলিয়নমুখী পণ্ট
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হেৰুৱালে ৩টা উইকেট। আইডেন মাৰ্কৰামক ক্লিন বলিং লকি ফাৰ্গুচনৰ । মেক্সৱেলে চিকাৰ কৰিলে পণ্টক। ৬ অভাৰৰ অন্তত ৩টা উইকেট হেৰুৱাই ৩৯ ৰান সংগ্ৰহ কৰিছে লক্ষ্ণৌৱে।
-
প্ৰথম অভাৰতে আঘাট পালে লক্ষ্ণৌৱে
প্ৰথম অভাৰত বিপৰ্যয়ৰ সন্মুখীন হৈছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। চতুৰ্থ বলত নিজেই অৰ্শদীপ সিঙে মিচেল আউট কৰে। প্ৰথম অভাৰৰ অন্তত ১ উইকেট হেৰুৱাই ৩ ৰান সংগ্ৰহ কৰিছে লক্ষ্ণৌৱে।
-
টচত জয়লাভ পঞ্জাবৰ
পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জয়লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েন্টছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।
-
LSGৰ সম্ভাৱ্য একাদশ
মিচেল মাৰ্ছ, ইডেন মাৰ্কৰাম, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), আয়ুষ বদোনি, ডেভিদ মিলাৰ, শ্বাহবাজ আহমেদ, শ্বাৰ্দুল ঠাকুৰ, ৰবি বিষ্ণোই, আবেশ খান, দিগবেশ ৰাথী, প্ৰিন্স যাদৱ।
-
PBKSৰ সাম্ভাৱ্য একাদশ
প্ৰভসিমৰন সিং (উইকেটকীপাৰ), প্ৰিয়াংশ আৰ্য্য, শ্ৰেয়াছ আয়াৰ (অধিনায়ক), শশাংক সিং, মাৰ্কাছ ষ্টয়নিছ, গ্লেন মেক্সৱেল, সূৰ্য্যংশ শ্বেডজ, আজমতুল্লাহ ওমৰজাই, মাৰ্কো ইয়ানছন, অৰ্শ্বদীপ সিং, যুজবেন্দ্ৰ চাহাল, বিজয় কুমাৰ বিষাক।
Published On - Apr 01,2025 6:34 PM