কৰুণ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মনু ভাকৰৰ আইতাক আৰু মোমায়েকে…

মনু ভাকৰ পৰিয়ালত সংঘটিত হৈছে শোকাৱহ ঘটনা। এক ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে মনুৰ পৰিয়ালৰ দুজনকৈ সদস্যই । জানিব পৰা মতে, মহেন্দ্ৰগড় বাইপাছ পথত এখন স্কুটীত গৈ আছিল মনু ভাকৰৰ মামা আৰু আইতাক। তাৰ পিছত এখন ব্ৰেজা গাড়ীয়ে  প্ৰচণ্ড জোৰেৰে স্কুটীখনত খুন্দা মাৰে।

কৰুণ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মনু ভাকৰৰ আইতাক আৰু মোমায়েকে...

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মনু ভাকৰৰ আইতা আৰু মোমায়েকে

Updated On: 

19 Jan 2025 13:02 PM

কেইদিনমান পূৰ্বে ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে ৰাষ্ট্ৰপতিৰ পৰা খেল ৰত্ন বঁটা লাভ কৰিছিল। তাৰ পাছতে মনু ভাকৰ পৰিয়ালত সংঘটিত হৈছে শোকাৱহ ঘটনা।  এক ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে মনুৰ পৰিয়ালৰ দুজনকৈ সদস্যই । জানিব পৰা মতে, মহেন্দ্ৰগড় বাইপাছ পথত এখন স্কুটীত গৈ আছিল মনু ভাকৰৰ মোমায়েক আৰু আইতাক। তাৰ পিছত এখন ব্ৰেজা গাড়ীয়ে  প্ৰচণ্ড জোৰেৰে স্কুটীখনত খুন্দা মাৰে।

সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে তেওঁলোক দুয়োজন ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। চাৰ্খি দাদৰীত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ব্ৰেজা বাহনৰ চালকজনে।  এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।  ইতিমধ্যে মনু ভাকৰৰ মোমায়েক আৰু আইতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত অভিযুক্তজনক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

মনু ভাকাৰৰ মোমায়েক যুদ্ধবীৰ সিং পেচাত এগৰাকী চালক আছিল। তেওঁৰ ঘৰ মহেন্দ্ৰগড় বাইপাছ। তেওঁ ৰাতিপুৱা স্কুটিখন লৈ কৰ্তব্যৰ বাবে ৰাওনা হৈছিল। মনুৰ আইতাক সাবিত্ৰী দেৱীয়ে ওচৰৰ লোহাৰু চকত সৰু পুত্ৰৰ ঘৰলৈ যাব লগা হৈছিল। সেইকাৰণে তেওঁ পুত্ৰৰ স্কুটিত উঠি তালৈ গৈছিল। তেওঁলোকে দুয়ো কালিয়ানা টাৰ্ণত উপস্থিত হৈছিল, সেই সময়তে  সন্মুখৰ পৰা এখন ব্ৰেজা গাড়ী আহি থকা দেখিছিল। গাড়ীখন দ্ৰুত গতিত ভুল দিশৰে আহি আছিল। তাৰ পাছত বাহনখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই মনু ভাকৰৰ মামাৰ স্কুটীত খুন্দা মাৰে।  খুন্দা মৰাৰ পাছতে স্কুটাৰখন চলাই থকা মনুৰ মোমায়েক আৰু স্কুটাৰখনৰ আৰোহী আইতাক পথত বাগৰি পৰে আৰু বাহনখনো ৰাস্তাৰ কাষত পৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে তেওঁলোক দুয়োজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

খেলুৱৈ আছিল সাবিত্ৰী দেৱী

মনু ভাকৰে পেৰিছ অলিম্পিকত দুটা পদক জিকি ইতিহাস সৃষ্টি কৰিছিল।  একেখন অলিম্পিকত এই কৃতিত্ব প্ৰথম ভাৰতীয় খেলুৱৈৰ অভিলেখ গঢ়িছিল মনুৱে। তেওঁৰ আইতা সাবিত্ৰী দেৱী ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁতকৈ কম নাছিল। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত পদক জিকিছিল। তেওঁৰ সপোন আছিল অলিম্পিকত খেলা। কিন্তু এই ক্ষেত্ৰত তেওঁ ঘৰৰ পৰা সমৰ্থন পোৱা নাছিল।  উল্লেখ্য যে, মনুৱে তেওঁৰ আইতা আৰু মোমায়েকক যথেষ্ট ভাল পাইছিল। পদক জয় কৰি ভাৰতলৈ উভতি অহাৰ পিছত মনু তেওঁলোকৰ ঘৰলৈ গৈছিল। তেওঁ আইতাকৰ হাতৰ বাজৰা আৰু মাকৈৰ ৰুটি খাই খুব ভাল পাইছিল। এই কথা  নিজেই প্ৰকাশ কৰিছিল মনুৰ আইতাকে।

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া