5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

খেল ৰত্ন বঁটা তালিকাত নাম নথকাকলৈ মনু ভাকৰে কি ক’লে ?

২৩ ডিচেম্বৰত প্ৰকাশ কৰা হৈছিল খেল ৰত্ন বঁটাৰ তালিকা । এই তালিকাত নাম নাছিল ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰৰ । শেহতীয়াকৈ মনু ভাকৰে নিজেই এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছে। খেল ৰত্ন বঁটাৰ তালিকাত নাম নথকাক লৈ দুখ প্ৰকাশ কৰিছে মনু ভাকৰে ।

খেল ৰত্ন বঁটা তালিকাত নাম নথকাকলৈ মনু ভাকৰে কি ক’লে ?
মনু ভাকৰ
manas-borah
Manas Borah | Published: 24 Dec 2024 15:57 PM

খেল ৰত্ন বঁটাৰ তালিকাত ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰ নাম থকা বিষয়টো দেশ জুৰি চৰ্চা লাভ কৰিছে । শেহতীয়াকৈ যোৱা ২৩ ডিচেম্বৰত প্ৰকাশ কৰা হৈছিল খেল ৰত্ন বঁটাৰ তালিকা । এই তালিকাত নাম নাছিল ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰৰ । ইয়াৰ পাছতে খেল ৰত্ন বঁটাৰ বাবে মনুৱে আৱেদন কৰা নাছিল বুলি দাবী কৰে ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকলে। আনহাতে মনুৰ পিতৃয়ে মনুৱে আবেদন কৰা বুলি অভিযোগ কৰিছিল যদিও কমিটীৰ পৰা কোনো সঁহাৰি নাপালে। এতিয়া মনু ভাকৰে নিজেই এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছে। খেল ৰত্ন বঁটাৰ তালিকাত নাম নথকাক লৈ দুখ প্ৰকাশ কৰিছে মনু ভাকৰে ।

এবিপি নিউজৰ সৈতে হোৱা এক বাৰ্তালাপত এই বিষয়ত মুকলিকৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মনু ভাকৰে । শ্বুটিং ষ্টাৰগৰাকীক সোধা হৈছিল, ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বাবে পৰামৰ্শ দিয়া নামবোৰৰ ভিতৰত আপোনাৰ নাম কিয় নাই?’ এই প্ৰশ্নৰ উত্তৰত মনুয়ে কয়, ‘মই ভাবো এই প্ৰশ্নটো মোৰ বাবে নহয় । এই প্ৰশ্ন আন কাৰোবাৰ বাবেহে । খেলৰত্ন বৰ ডাঙৰ বঁটা। লাভ কৰাটো মোৰ বাবে এক সন্মানৰ কথা হ’ব।’

মনুক আৰু সোধা হৈছিল, ‘আপুনি দুখী নেকি, এইলৈ আপুনি হতাশা অনুভৱ কৰিছে নেকি?’ এই বিষয়ে ভাৰতীয় খেলুৱৈগৰাকীয়ে ক’লে, ‘মই নিশ্চিতভাৱে অলপ দুখী , কিন্তু ক্ৰীড়া মোৰ লক্ষ্য। এজন নাগৰিক হিচাপে আৰু এজন খেলুৱৈ হিচাপে যিমান পাৰো কঠোৰ পৰিশ্ৰম কৰি পদক লাভ কৰাটো মোৰ কৰ্তব্য। এইবাৰ বঁটা পাম বুলি আশা কৰিছিলোঁ যদিও এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই। কিন্তু যিয়েই নহওক, মই এই বিষয়টো ইতিবাচকভাৱে গ্ৰহণ কৰিছো ।’

উল্লেখ্য যে, পেৰিছ অলিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত বঞ্জৰ পদত লাভ কৰিছিল মনু ভাকৰে । ইয়াৰ লগতে পদক জয় কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছিল মনু ভাকৰে । একেদৰে এই অলিম্পিকতে পুৰুষ সতীৰ্থ সৰৱজোৎ সিঙৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টলৰ দলীয় প্ৰতিযোগিতাত পুনৰ বঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মনু ভাকৰে । ইফালে ২০২২ চনৰ এছিয়ান গেমছত ২৫ মিটাৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰিছি মনু ভাকৰে ।

Latest News