নিজৰ অনন্য সম্পত্তি প্ৰদৰ্শনেৰে নিন্দুকলৈ শক্তিশালী প্ৰত্যুত্তৰ মনুৰঃ লক্ষ্য এইবাৰ অলিম্পিক স্বৰ্ণ | Manu Bhaker strong reply to critics shares her career medal social media Assam news - Assam Tv9

নিজৰ অনন্য সম্পত্তি প্ৰদৰ্শনেৰে নিন্দুকলৈ শক্তিশালী প্ৰত্যুত্তৰ মনুৰঃ লক্ষ্য এইবাৰ অলিম্পিক স্বৰ্ণ

Published: 

26 Sep 2024 16:06 PM

পেৰিছ অলিম্পিকত লাভ কৰা সফলতাৰ পিছত দেশৰ তাৰকা শ্বুটাৰ মনু ভাকৰক সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছিল। কিন্তু একাংশ লোকে মনুক পেৰিছ অলিম্পিকত জয় কৰা দুটা ব্ৰঞ্জ পদকৰ বাবেই শেহতীয়া কিছুদিনত কটাক্ষ কৰা পৰিলক্ষিত হৈছিল। এই নিন্দুকসকললৈ মনুৱে প্ৰেৰণ কৰিছে এক শক্তিশালী প্ৰত্যুত্তৰ।

নিজৰ অনন্য সম্পত্তি প্ৰদৰ্শনেৰে নিন্দুকলৈ শক্তিশালী প্ৰত্যুত্তৰ মনুৰঃ লক্ষ্য এইবাৰ অলিম্পিক স্বৰ্ণ

নিন্দুকলৈ প্ৰত্যুত্তৰ মনুৰ

Follow Us On

পেৰিছ অলিম্পিকত দুটাকৈ ব্ৰঞ্জ মেডেল জয়েৰে দেশবাসীৰ নয়নৰ মণি হৈ পৰিছিল দেশৰ তাৰকা শ্বুটাৰ মনু ভাকৰ। সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছিল খেলুৱৈগৰাকীক। কিন্তু একাংশ লোকৰ মুখত বেছিদিন নিটিকিল মনুৰ প্ৰতি এই প্ৰশংসা। শেহতীয়া কিছুদিনত একাংশ লোকৰ কটুক্তিৰ সন্মুখীন হৈছিল মনু। পেৰিছ অলিম্পিকত জয় কৰা দুটা ব্ৰঞ্জ পদকৰ বাবেই একাংশ লোকে মনুক কটাক্ষ কৰিছিল। কিন্তু এক শক্তিশালী প্ৰত্যুত্তৰেৰে মনুৱে এইবাৰ এই নিন্দুকসকলৰ মুখ বন্ধ কৰি তুলিছে।

নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে মনু ভাকৰে শেহতীয়াকৈ প্ৰদৰ্শন কৰিছে কেৰিয়াৰত লাভ কৰা পদক তথা সন্মান। এখন বিচনাত মনুৱে এই পদক তথা সন্মানসমূহ সজাই মনু ভাকৰে লিখিছে যে ১৪ বছৰ বয়সৰ পৰাই তেওঁৰ পদক লাভৰ এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ইতিমধ্যে তেওঁ অলিম্পিকৰ পদকো লাভ কৰিছে যদিও এতিয়াও দেশৰ বাবে অলিম্পিক স্বৰ্ণ জয়লৈ অপেক্ষা কৰিছে বুলিও মনুৱে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মনু ভাকৰে পোষ্টটোত লিখিছে, “১৪ বছৰ বয়সৰ পৰাই মোৰ শ্বুটিং কেৰিয়াৰ আৰম্ভ হৈছিল। মই কেতিয়াও ভবা নাছিলো যে মই মোৰ কেৰিয়াৰত ইমান আগবাঢ়ি যাম। যেতিয়াই আপুনি কোনো এটা কাম আৰম্ভ কৰে, যিমানেই বাধা সমুখলৈ আহিলেও এই স্বপ্ন পূৰণৰ বাবে যাতে পূৰ্ণ শক্তি ব্যৱহাৰ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখে।“ ‘এই কামত মনোনিৱেশ কৰক, আগবাঢ়ি যাওক আৰু উৎসাহেৰে নিজৰ যাত্ৰা আগবঢ়াই নিয়ক’ বুলিও পোষ্টটোত মনুৱে লগতে কয়।

তাৰকা খেলুৱৈগৰাকীয়ে লগতে কয় “এই সৰু সৰু খোজবোৰেই আপোনাক মহানতাৰ দিশে লৈ যায়। চেষ্টা অব্যাহত ৰাখিব, কিয়নো আপুনি ভবাতকৈ বহু বেছি সক্ষম।” তেওঁ লগতে এছিয়ান গেমছ, কমনৱেলথ গেমছ, ইউথ অলিম্পিক গেমছ, বিশ্ব চেম্পিয়নশ্বিপ, বিশ্বকাপ ট্ৰফী, বিশ্ব বিশ্ববিদ্যালয় গেমছ আদি সকলো প্ৰতিযোগিতাত সাফল্য লাভৰ পিছতো অৱশ্যে অলিম্পিকত দেশৰ বাবে স্বৰ্ণ জয়ৰ সপোন এতিয়াও অব্যাহত আছে বুলি উল্লেখ কৰে।

 

উল্লেখ্য যে পেৰিছ অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত বহু ইভেণ্টলৈ আমন্ত্ৰণ লাভ কৰি আহিছে মনু ভাকৰে। এই অনুষ্ঠানসমূহলৈ মনু ভাকৰে পেৰিছ অলিম্পিকত লাভ কৰা ব্ৰঞ্জৰ পদক দুটিও লৈ যায়। একাংশ লোকে এই কথাত অসন্তুষ্টি প্ৰকাশ কৰি মনুক কটাক্ষ কৰা পৰিলক্ষিত হৈছিল। এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মনুৱে কৈছিল যে আয়োজকসকলৰ আহ্বান মৰ্মে তেওঁ এই পদক দুটা লৈ যায়।

আয়োজকসকলৰ আহ্বানত পেৰিছ অলিম্পিকত লাভ কৰা এই পদক দুটা তেওঁ গৌৰৱেৰে প্ৰদৰ্শন কৰে বুলিও মনুৱে দৃঢ়তাৰে কয় আৰু নিজৰ এই অনন্য যাত্ৰাৰ এয়া তেওঁৰ নিজস্ব প্ৰকাশ ভংগী বুলি মন্তব্য কৰে। এতিয়া তেওঁৰ কেৰিয়াৰৰ সকলো পদক তথা সন্মান প্ৰদৰ্শন এই নিন্দুকসকললৈ মনু ভাকৰৰ আন এক শক্তিশালী প্ৰত্যুত্তৰ হিচাপে গণ্য কৰা হৈছে।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version