MI vs CSK Live Score, IPL 2025: ৱাংখেড়েত ছয়-চাৰিৰ ফুলজাৰি সূৰ্য-ৰোহিতৰঃ গৃহভূমিত চেপ’কৰ পৰাজয়ৰ পোতক তুলিলে মুম্বাইয়ে

Mumbai Indians vs Chennai Super Kings, Live Score in Assamese: ছিজনত নিজৰ প্ৰথমখন মেচত চেপ’কত চেন্নাইৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছিল মুম্বাই। আজি ঘৰৰ মাটিত সেই পৰাজয়ৰ পোতক তুলি মুম্বাইয়ে অৰ্জন কৰিলে ৯ উইকেটত চমকপ্ৰদ বিজয়। ৰোহিত আৰু সূৰ্যৰ বেটিং তাণ্ডৱৰ সহায়ত মুম্বাইয়ে আজি চেন্নাইয়ে বান্ধি দিয়া ১৭৭ ৰানৰ লক্ষ্য মাত্ৰ ১৫.৪ অভাৰতে অতিক্ৰম কৰে।

MI vs CSK Live Score, IPL 2025: ৱাংখেড়েত ছয়-চাৰিৰ ফুলজাৰি সূৰ্য-ৰোহিতৰঃ গৃহভূমিত চেপ’কৰ পৰাজয়ৰ পোতক তুলিলে মুম্বাইয়ে

মুম্বাইৰ সহজ জয়

Updated On: 

20 Apr 2025 23:08 PM

আই পি এলত আজিৰ দ্বিতীয়খন মেচত দেখা যাব হাইপ্ৰফাইল যুঁজ। প্ৰতিযোগিতাৰ দুই সফলতম দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছে আজি চলিত ছিজনত দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দিতাত নামিব। ইতিমধ্যে দুয়োটা দলে এই ছিজনত নিজৰ প্ৰথমখন মেচৰ ৰূপত পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হৈছিল। চেপ’কত অনুষ্ঠিত হোৱা এই মেচখনত জয়লাভ কৰিছিল ঘৰুৱা দল চেন্নায়ে। অৱশ্যে আজিৰ মেচখন অনুষ্ঠিত হ’ব মুম্বাই ইণ্ডিয়ানছৰ ঘৰুৱা খেলপথাৰ ৱাংখেড়েত। সেয়ে আজি ঘৰৰ মাটিত বিগত মেচত হোৱা পৰাজয়ৰ সুযোগ লাভ কৰিব দলটোৱে।

চেপ’কত অনুষ্ঠিত মেচখনত মুম্বাইৰ দলত নাছিল যশপ্ৰীত বুমৰাহ। গতিকে আজি বুমৰাহৰ উপস্থিতিয়ে মনোবল বঢ়াব মুম্বাইৰ। অৱশ্যে ধোনীৰ নেতৃত্বত বিগত মেচত জয়ৰ সোৱাদ পোৱা চেন্নায়েও সহজে এৰি নিদিব মেচ। মুঠৰ ওপৰত আই পি এলৰ ‘এল ক্লাছিকো’ স্বৰূপ এই মেচখনৰ বাবে এতিয়া যথেষ্ট উৎকণ্ঠাৰে অপেক্ষাৰত সকলো ক্ৰিকেট অনুৰাগী।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 20 Apr 2025 10:56 PM (IST)

    মুম্বাইৰ সহজ জয়

    ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদৱৰ বেটিং বিক্ৰমত ৱাংখেড়েত বিধ্বস্ত হৈ পৰিল চেন্নাইৰ বলিং আক্ৰমণ। মুম্বাইৰ বেটিং বিভাগৰ দুই প্ৰধান স্তম্ভ ৰোহিত আৰু সূৰ্যই ক্ৰমে ৭৬ আৰু ৬৮ ৰানৰ মাৰমুখী অপৰাজিত ইনিংছ খেলি চেন্নাইয়ে বান্ধি দিয়া ১৭৭ ৰানৰ লক্ষ্য মাত্ৰ ১৫.৪ অভাৰতে অতিক্ৰম কৰে। হতাশাজনক আৰম্ভণিৰ পিছত ছিজনত দলটোৰ এয়া চতুৰ্থ জয়। আনহাতে ছিজনত ষষ্ঠবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ’ল চেন্নাই চুপাৰ কিংছ।

  • 20 Apr 2025 10:44 PM (IST)

    যাদৱৰ অৰ্ধশতক

    ৰোহিতৰ পিছত মুম্বাইৰ বেটিং বিভাগৰ আন এক স্তম্ভ স্বৰূপ সূৰ্যকুমাৰ যাদৱেও সম্পূৰ্ণ কৰিছে নিজৰ অৰ্ধশতক। আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা যাদৱে ২৬টা বলত ৬টা চাৰি আৰু দুটা ছয়েৰে অৰ্ধশতক পূৰ কৰে।


  • 20 Apr 2025 10:27 PM (IST)

    ৰোহিতৰ অৰ্ধশতক

    ধাৰাবাহিকভাৱে দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থতাৰ সন্মুখীন হৈ অহাৰ পিছত অৱশেষত আজি ‘আই পি এলৰ এল ক্লাছিকো’ত ফৰ্ম ঘূৰাই পালে ৰোহিত শৰ্মাই। দায়িত্বশীল বেটিঙেৰে ৰোহিতে আজি ৩৩টা বলত দুটা চাৰি আৰু চাৰিটা ছয়েৰে সম্পূৰ্ণ কৰে নিজৰ অৰ্ধশতক।

  • 20 Apr 2025 10:02 PM (IST)

    জাদেজাই বিদায় দিলে ৰিকেল্টনক

    এক শক্তিশালী আৰম্ভণিৰ পিছত মুম্বাইয়ে হেৰুৱাইছে প্ৰথমটো উইকেট। নিজৰ প্ৰথমটো অভাৰতে জাদেজাই বিদায় দিছে ৰিয়ান ৰিকেল্টনক। তেওঁৰ বেটৰ পৰা আহে ১৯টা বলত ২৪ ৰানৰ অৱদান।

  • 20 Apr 2025 09:56 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ মুম্বাইৰ

    মুম্বাইৰ ইনিংছে অতিক্ৰম কৰিছে ৫০ ৰানৰ সীমা। ৪.৫ অভাৰত এটা ৱাইডৰ দ্বাৰা দলটোৰ ৫০ ৰান সম্পূৰ্ণ হোৱাৰ পিছত অভাৰৰ অন্তিমটো বলত এতা বৃহৎ ছয় কোবাই ৰোহিতে দলৰ স্ক’ৰ ৫৬ ৰানলৈ নিয়ে।

  • 20 Apr 2025 09:44 PM (IST)

    মুম্বাইৰ প্ৰত্যাশিত আৰম্ভণি

    লক্ষ্য অনুসৰণ কৰি প্ৰত্যাশিত আৰম্ভণি ঘটাইছে মুম্বাইয়ে। মাত্ৰ ২.৩ অভাৰত দুই অপেনাৰ ৰোহিত আৰু ৰিকেল্টনে যোগ দিছে ৩১ ৰান। বিশেষকৈ ৰোহিতৰ বেটলৈ ৰান অহাটো দলৰ বাবে হৈ পৰিছে সঞ্জীৱনি সদৃশ।

  • 20 Apr 2025 09:19 PM (IST)

    মুম্বাইক দিলে ১৭৭ ৰানৰ লক্ষ্য

    অন্তিম সময়লৈ ৰবীন্দ্ৰ জাদেজাৰ আক্ৰমণাত্মক বেটিঙৰ সুবাদত চেন্নাইয়ে থিয় কৰাইছে ১৭৭ ৰানৰ এক প্ৰত্যাহ্বানজনক লক্ষ্য। এতিয়া এই লক্ষ্য অনুসৰণৰ ক্ষেত্ৰত মুম্বাইৰ বেটিং বিভাগৰ প্ৰদৰ্শন হ’ব লক্ষণীয়।

  • 20 Apr 2025 09:16 PM (IST)

    ৱাংখেড়েত ঘূৰিল জাদেজাৰ তৰোৱাল

    ধৈৰ্যশীল বেটিঙেৰে ইনিংছ আগুৱাই নি দলক এক সফল সামৰণিৰ দিশে লৈ গৈছে জাদেজাই। তাৰ মাজতে ইনিংছৰ অন্তিম অভাৰত তেওঁ সম্পূৰ্ণ কৰে অৰ্ধশতক। ক্ৰমাগতভাৱে এটা ছয় আৰু চাৰি কোবাই জাদেজাই ৩৪টা বলত অৰ্ধশতক পূৰ কৰে।

  • 20 Apr 2025 09:12 PM (IST)

    বুমৰাহে বিদায় দিলে ধোনীক

    ধোনীৰ বেটৰ পৰা ওলোৱা ছয়-চাৰি উপভোগৰ আশাৰে অপেক্ষা কৰি থকা অনুৰাগীক আশাহত কৰিছে বুমৰাহে। গুৰুত্বপূৰ্ণ সময়ত ধোনীক বিদায় দি বুমৰাহে চেন্নাইৰ ইনিংছত কিছু হ’লেও গতি ৰোধ কৰে।

  • 20 Apr 2025 08:59 PM (IST)

    বিদায় ল’লেই ডুবেই

    বিপৰ্যয়ৰ পৰা দলক উদ্ধাৰ কৰি প্ৰথমে ধৈৰ্যশীল বেটিং কৰাৰ পিছত ক্ৰমাৎ আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ৩২টা বলত ৫০ ৰান সম্পূৰ্ণ কৰি বিদায় ল’লে শিৱম ডুবেই। ইয়াৰ পূৰ্বে বাউণ্ডেৰীত বুমৰাহে এক কেচ মিছ কৰাৰ ফলত জীৱনদান পাইছিল ডুবেই আৰু এতিয়া তেওঁক বিদায় দি এই ভুল যেন শুধৰালে বুমৰাহে।

  • 20 Apr 2025 08:53 PM (IST)

    বুমৰাহৰ ভুলত ৰক্ষা পৰিল ডুবে, সম্পূৰ্ণ অৰ্ধশতক

    অশ্বনী কুমাৰৰ বলত ডুবেই তুলি দিয়া এটা কেচ আয়ত্ব কৰাত বিফল হয় যশপ্ৰীত বুমৰাহ আৰু বুমৰাহৰ হাতৰ পৰা ওলাই বল পৰে বাউণ্ডেৰীত। এইদৰে প্ৰাণৰক্ষা পোৱাৰ পিছতে ডুবেই পৰৱৰ্তী বলত এটা ছয় আৰু তাৰ পিছত দুই ৰান সংগ্ৰহ কৰি অৰ্ধশতক পূৰ কৰে।

  • 20 Apr 2025 08:37 PM (IST)

    ১৩ অভাৰত সংগ্ৰহ ৰান

    কিছু মন্থৰ গতিৰে আগবাঢ়িছে চেন্নাইৰ ইনিংছ। এইপৰ্যন্ত দলটোৱে ১৩ অভাৰৰ সমাপ্তিলৈ ৯২ ৰান সংগ্ৰহ কৰিছে।

  • 20 Apr 2025 08:13 PM (IST)

    চেণ্টনাৰে পালে সফলতা

    চেন্নাই চুপাৰ কিংছে হেৰুৱাইছে তৃতীয়টো উইকেট। মিচেল চেণ্টনাৰৰ এটা বল ক্ৰীজৰ পৰা সামান্য ওলাই আহি খেলাৰ প্ৰচেষ্টাত ষ্টাম্পিং হোৱাৰ ফলত পেভিলিয়নলৈ উভতিব লগা হৈছে শ্বেইক ৰছিদে। তেওঁৰ বেটৰ পৰা আহে ২০টা বলত ১৯ ৰান।

  • 20 Apr 2025 08:09 PM (IST)

    চমক সৃষ্টি কৰি আয়ুসৰ বিদায়

    অভিষেক মেচতে বিস্ফোৰক বেটিঙেৰে চেন্নাইক এক শক্তিশালী স্থিতি প্ৰদান কৰিলে আয়ুস মাহাত্ৰেই। মাত্ৰ ১৫টা বলতে ৪টা চাৰি আৰু দুটা ছয়েৰে ৩২ ৰানৰ এক মাৰমুখী ইনিংছ খেলে আয়ুসে। নিজ স্পেলৰ অন্তিম অভাৰত দীপক চাহাৰে লাভ কৰে এই সফলতা।

  • 20 Apr 2025 07:52 PM (IST)

    বিস্ফোৰক আৰম্ভণি আয়ুসৰ

    আই পি এলৰ অভিষেকতে চমক দিছে আয়ুস মাহাত্ৰেই। তেওঁ সন্মুখীন হোৱা প্ৰথমটো বলত ১ ৰান সংগ্ৰহ কৰাৰ পিছত পৰৱৰ্তী তিনিটা বলত এটা চাৰি আৰু দুটা ছয় কোবাইছে।

  • 20 Apr 2025 07:49 PM (IST)

    পুনৰ প্ৰথম বলত উইকেট অশ্বনীৰ

    চলিত ছিজনত কলকাতাৰ বিপক্ষে আই পি এল অভিষেক ঘটাই নিজৰ প্ৰথমটো বলতে উইকেট দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল অশ্বনী কুমাৰে। এই প্ৰদৰ্শনৰেই পুনৰাবৃত্তি কৰি অশ্বনীয়ে আজি নিজৰ প্ৰথমটো বলত বিদায় দিয়ে ৰচিন ৰবীন্দ্ৰক (৫)।

  • 20 Apr 2025 07:36 PM (IST)

    প্ৰথম অভাৰত চেন্নাইৰ সংগ্ৰহ ৪ ৰান

    দীপক চাহাৰে কৰা প্ৰথমটো অভাৰত চেন্নাইয়ে সংগ্ৰহ কৰিছে ৪ ৰান। অভাৰটোত ৰছিদে ৪টা বল খেলি ৩ৰান আৰু ৰবীন্দ্ৰই ২টা বলত ১ ৰান সংগ্ৰহ কৰে।

  • 20 Apr 2025 07:23 PM (IST)

    দুয়ো দলৰ মাজৰ পূৰ্বৰ ৰেকৰ্ড

    মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত আই পি এলত ৩৮ খন মেচ অনুষ্ঠিত হৈছে। ইয়াৰে ২০ খনত মুম্বাই আৰু চেন্নাই ১৮ খন মেচত জয়ী হৈছে। অৱশ্যে চলিত ছিজনত দুয়োটা দলে মুখামুখি হোৱা প্ৰথমখন মেচত জয়ী হৈছিল চেন্নাই।

  • 20 Apr 2025 07:16 PM (IST)

    চেন্নাই চুপাৰ কিংছৰ মূল একাদশ

    চেন্নাইৰ মূল একাদশত আজি দেখা যাব এক পৰিৱৰ্তন। নিয়মীয়া অধিনায়ক ৰুতুৰাজ গায়কোৱাডৰ স্থানত সুযোগ পোৱা আয়ুস মাহাত্ৰেই আজি আই পি এল অভিষেক ঘটাব। দলৰ মূল একাদশত থাকিব- শ্বেইক ৰছিদ, ৰচিন ৰবীন্দ্ৰ, আয়ুস মাহাত্ৰে, ৰবীন্দ্ৰ জাদেজা, শিৱম ডুবে, বিজয় শংকৰ, জেমি অভাৰটন, এম এছ ধোনী (অধিনায়ক), নুৰ আহমেদ, খলিল আহমেদ, মথিশা পাথিৰানা। অংশুল কম্বোজে দলটোৰ ইম্পেক্ট চাবৰ ৰূপত সুযোগ লাভ কৰাৰ অধিক সম্ভাৱনা আছে।

  • 20 Apr 2025 07:12 PM (IST)

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ

    অপৰিৱৰ্তিত মূল একাদশেৰে আজি চেন্নাইৰ বিপক্ষে নামিব মুম্বাই ইণ্ডিয়ানছ। দলৰ মূল একাদশ হ’ব এনেধৰণৰ- ৰিয়ান ৰিকেল্টন, উইল জেকচ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ, অশ্বনী কুমাৰ। আনহাতে ইম্পেক্ট চাবৰ ৰূপত ৰোহিত শৰ্মা খেলপথাৰত নমাৰ সম্ভাৱনাই প্ৰবল।

  • 20 Apr 2025 07:08 PM (IST)

    পাণ্ডিয়াৰ বলিঙৰ সিদ্ধান্ত

    ঘৰৰ মাটিত চেন্নাইয়ে বান্ধি দিয়া লক্ষ্য অনুসৰণৰ ৰণকৌশল গ্ৰহণ কৰিছে মুম্বাই ইণ্ডিয়ানছে। সেয়ে টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যৌনাংগত খজুৱতি আৰু প্ৰস্ৰাৱৰ সময়ত জ্বলি আছে নেকি? এই ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত
Health News: ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ বেঙেনা খাওক !
গৰমৰ দিনৰ মহৌষধ কেঁচা আম! জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি? তেন্তে কৰক এই কাম...