শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

CSK vs MI Playing XI IPL 2025 : নাই হাৰ্দিক-বুমৰাহ, IPL ৰ ইতিহাসত আটাইতকৈ সফল দল দুটাৰ মূল একাদশ চাওক…

আজি দ্বিতীয়খন খেলত মুখামুখি হ'ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। আই পি এলৰ ইতিহাসত সফল দুয়োটা দলে পাঁচবাৰ চেম্পিয়ন হৈছে। চেন্নাই ছুপাৰ কিংছৰ মহেন্দ্ৰ সিং ধোনী আৰু মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শৰ্মাৰ বাবে দল দুটাৰ অনুৰাগীৰ সংখ্যাও অধিক।

CSK vs MI Playing XI IPL 2025 : নাই হাৰ্দিক-বুমৰাহ, IPL ৰ ইতিহাসত আটাইতকৈ সফল দল দুটাৰ মূল একাদশ চাওক…
Image Credit source: PTI
manas-borah
Manas Borah | Updated On: 23 Mar 2025 08:50 AM

আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দিনটোৰ দ্বিতীয়খন খেলত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। আই পি এলৰ ইতিহাসত সফল দুয়োটা দলে পাঁচবাৰ চেম্পিয়ন হৈছে। চেন্নাই ছুপাৰ কিংছৰ মহেন্দ্ৰ সিং ধোনী আৰু মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শৰ্মাৰ বাবে দল দুটাৰ অনুৰাগীৰ সংখ্যাও অধিক।

উল্লেখ্য যে, ধোনীয়ে চেন্নাইৰ অধিনায়কত্ব ঋতুৰাজৰ হাতত অৰ্পণ কৰিছে। আনহাতে, মুম্বাই ইণ্ডিয়ানছে যোৱা ছিজনত ৰোহিতৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে লৈছিল। অৱশ্যে হাৰ্দিকে এই মেচত খেলাৰ সম্ভাৱনা নাই । ইয়াৰ পৰিৱৰ্তে নেতৃত্ব দিব সূৰ্য্যকুমাৰ যাদৱে । দল দুটাৰ মূল একাদশত কোন কোন খেলুৱৈ থাকিব ?

এইবাৰ আই পি এলৰ প্ৰতিটো দলতে পৰিৱৰ্তন দেখা গৈছে । মুম্বাই-চেন্নাইৰ ক্ষেত্ৰতো একেই কথা। আৰম্ভণিতে তাৰকা বলাৰ যশপ্ৰীত বুমৰাহৰ অবিহনে আইপিএলৰ যুদ্ধত নামিব মুম্বাই ইণ্ডিয়ানছ । অৱশ্যে আই পি এলৰ অন্যতম সফল আৰু পূৰ্বে মুম্বাইৰ হৈ খেলা ট্ৰেণ্ট ব’ল্টৰ প্ৰদৰ্শন লক্ষ্যণীয় হ’ব । খেলখনৰ আকৰ্ষণ নিঃসন্দেহে মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মা।

চেন্নাই ছুপাৰ কিংছৰ সম্ভাৱ্য একাদশ : ডেভন কনৱে/ৰচিন ৰবিন্দ্ৰ, ঋতুৰাজ গাইকৱাদ, ৰাহুল ত্ৰিপাঠী, দীপক হুডা/বিজয় শংকৰ, শিৱম ডুবে (ইমপেক্ট অপচন-খলিল আহমেদ/অংশুল কামোজ), ছেম কাৰাণ, ৰবিন্দ্ৰ জাডেজা, মহেন্দ্ৰ সিং ধোনী, ৰবিচন্দ্ৰন অশ্বিন, নূৰ আহমেদ, মাটিছা পাথিৰানা।

মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য একাদশ : ৰোহিত শৰ্মা, ৰিয়ান ৰিকলটন, তিলক বাৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, নমন ধীৰ, ৰবিন মেংগে, মিচেল ছাণ্টনাৰ, কৰ্বিন বছ/মুজীব উৰ ৰহমান, দীপক চহৰ, কৰণ শৰ্মা, ট্ৰেণ্ট ব’ল্ট। ইমপেক্ট অপচন: সত্যনাৰায়ণ ৰাজু/অশ্বিনী কুমাৰ।