MI vs GT Live Score, IPL 2025: পৰাজয়ৰ ধাৰা অব্যাহত মুম্বাইৰঃ গৃহভূমিত জয়ৰ সোৱাদ ল’লে গুজৰাটে
Mumbai Indians vs Gujarat Titans Live Score in Assamese: মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ছিজনত প্ৰথম জয় লাভ কৰিছে গুজৰাট টাইটানছে। ঘৰৰ মাটিত আজি শুভমন গিল নেতৃত্বাধীন গুজৰাটে মুম্বাইক ৩৬ ৰানত সহজে পৰাস্ত কৰে। আনহাতে চেন্নাইৰ বিপক্ষে প্ৰথম মেচত পৰাজয়ৰ পিছত আজি ক্ৰমাগত দ্বিতীয় পৰাজয়ৰ সন্মুখীন হয় মুম্বাই।

আই পি এলৰ নৱম মেচত আজি মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছ। দুয়োটা দলে প্ৰথম মেচত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত আজি ছিজনত প্ৰথম জয়ৰ সোৱাদ লাভৰ লক্ষ্যৰে নিজৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব। নিষেধাজ্ঞাৰ বাবে প্ৰথম মেচত অংশ ল’ব নোৱাৰা হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশলৈ উভতিব আৰু দলৰ নেতৃত্ব বহন কৰিব। এনে পৰিস্থিতিত দলৰ মূল একাদশত আজি পৰিৱৰ্তন দেখা যাব। আনহাতে ঘৰৰ মাটিতে প্ৰথম মেচতে পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত আজি পুনৰ ঘৰতে দ্বিতীয় মেচ খেলিব গুজৰাটে। গতিকে ঘৰুৱা অনুৰাগীক আজি নিশ্চয় হতাশ কৰিব নিবিচাৰিব দলটোৱে।
LIVE NEWS & UPDATES
-
সহজ জয় গুজৰাটৰ
জয়ৰ সন্ধান অব্যাহত আছে মুম্বাইৰ। ছিজনৰ দ্বিতীয়খন মেচতো আজি গুজৰাট টাইটানছৰ হাতত ৩৬ ৰানত পৰাজয় স্বীকাৰ কৰিছে পাণ্ডিয়া বাহিনীয়ে। আনহাতে প্ৰথম মেচত পৰাস্ত হ’লেও গৃহভূমিত আজি জয়ৰ পথলৈ উভতিছে গুজৰাট।
-
পাণ্ডিয়াৰো বিদায়
অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বিদায়ৰ লগে লগে প্ৰায় যেন পৰাজয় নিশ্চিত হৈ পৰিছে মুম্বাইৰ। বলিঙত সফল হ’লেও বেটিঙত ব্যৰ্থ হোৱা পাণ্ডিয়াই ১৭টা বলত মাত্ৰ ১১ ৰান সংগ্ৰহ কৰে। পাণ্ডিয়াৰ উইকেট যায় ৰাবাডাৰ হাতলৈ।
-
সূৰ্যও উভতিল পেভিলিয়নলৈ
পৰাজয়ৰ শংকাত ভুগিছে মুম্বাই ইণ্ডিয়ানছে। প্ৰসিধ কৃষ্ণই নিজ স্পেলৰ তৃতীয় অভাৰত সূৰ্যকুমাৰ যাদৱৰ উইকেট দখল কৰি মুম্বাইক সংকটত পেলাইছে। সূৰ্যৰ বেটৰ পৰা আহে ৪৮ ৰান।
-
ইম্পেক্ট নপৰিল ৰবিনৰ
ইম্পেক্ট চাব হিচাপে ক্ৰীজলৈ অহা ৰবিন মিঞ্জে বিশেষ প্ৰভাৱ পেলোৱাত বিফল হয়। মাত্ৰ ৩ ৰান সংগ্ৰহ কৰিয়েই ছাই কিশোৰৰ বলত ইশান্ত শৰ্মাৰ হাতত কেচ দি আউট হয় মিঞ্জ।
-
তিলকৰ বিদায়, প্ৰসিধৰ সফলতা
নিজ স্পেলৰ প্ৰথমটো অভাৰতে সফলতা লাভ কৰিছে প্ৰসিধ কৃষ্ণই। তিলক বাৰ্মাক বিদায় দি প্ৰসিধে নিজ দলক তৃতীয়টো উইকেটৰ মুখ দেখুৱায়। ৩৬টা বলৰ সন্মুখীন হৈ তিলকে সংগ্ৰহ কৰে ৩৯ ৰান।
-
১০ অভাৰত ৮৬ ৰান সংগ্ৰহ মুম্বাইৰ
মুম্বাইৰ ইনিংছৰ আধা অংশ ইতিমধ্যে অন্ত পৰিছে। এই দহ অভাৰত দলটোৱে ২টা উইকেট হেৰুৱাই ৮৬ ৰান সংগ্ৰহ কৰিছে। জয়ৰ লক্ষ্যত উপনীত হ’বলৈ মুম্বাইক অন্তিম দহ অভাৰত এতিয়াও ১১ ৰানৰ প্ৰয়োজন।
-
৫০ ৰান পূৰ্ণ মুম্বাইৰ
দুই অপেনাৰৰ বিদায়ৰ পিছত মুম্বাইৰ ইনিংছ আগুৱাই নিছে তিলক আৰু সূৰ্যই। ৬.২ অভাৰত দলটোৱে স্ক’ৰবৰ্ডত ৫০ ৰান সংযোজন কৰিছে।
-
পেভিলিয়নলৈ দুই অপেনাৰ
মহম্মদ চিৰাজৰ ঘাতক বলিঙত পেভিলিয়নলৈ উভতিছে মুম্বাইৰ দুই অপেনাৰ। ৰোহিতৰ পিছত এইবাৰ ৰিকেলটনকো বিদায় দিছে পেচাৰগৰাকীয়ে।
-
পুনৰ ব্যৰ্থ ৰোহিত
ক্ৰমাগত দুটা বলত দুটা বাউণ্ডেৰীৰে ফৰ্মৰ আশা দেখুৱাইছিল যদিও তৃতীয়টো বলত পেভিলিয়নলৈ উভতিল ৰোহিত শৰ্মা। চিৰাজৰ এটা দৰ্শনীয় ইনছুইঙে পেভিলিয়নৰ পথ দেখুৱায় ৰোহিতক।
-
ইম্পেক্ট চাব ৰূপত খেলপথাৰত ইশান্ত
গুজৰাট টাইটানছে দলৰ ইম্পেক্ট চাব হিচাপে অন্তৰ্ভুক্ত কৰিছে অভিজ্ঞ পেচাৰ ইশান্ত শৰ্মাক। ৰাদাৰফ’ৰ্ডৰ স্থানত ইশান্তক ইম্পেক্ট প্লেয়াৰ হিচাপে খেলপথাৰত নমোৱা হৈছে।
-
ক্ৰীজত ৰোহিত-ৰিকেলটন, চিৰাজৰ হাতত বল
১৯৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি মুম্বাইৰ হৈ ইনিংছ আৰম্ভ কৰিছে ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটন। আনহাতে গুজৰাটৰ হৈ বলিং মুকলি কৰিছে মহম্মদ চিৰাজে।
-
মুম্বাইৰ সমুখত ১৯৭ ৰানৰ লক্ষ্য
ইনিংছৰ অন্তিমটো বলত ৰান আউট হয় ছাই কিশোৰ। এইদৰে গুজৰাটে ৮টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰে আৰু মুম্বাই ইণ্ডিয়ানছৰ সমুখত ১৯৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে।
-
সত্যনাৰায়ণে বিদায় দিলে ৰছিদক
নিজ আই পি এল কেৰিয়াৰৰ প্ৰথমটো উইকেট লাভ কৰিছে সত্যনাৰায়ণ ৰাজুৱে। প্ৰথমটো উইকেটৰ ৰূপত যুৱ পেচাৰগৰাকীয়ে বিদায় দিয়ে ৰছিদ খানক।
-
গুজৰাটৰ ইনিংছত খহনীয়াৰ
সফল আৰম্ভণিৰ পিছত গুজৰাটৰ ইনিংছত দেখা গৈছে খহনীয়া। ৬৩ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি সুদৰ্শনে ব’ল্টৰ বলত আউট হোৱাৰ পিছত দীপক চাহাৰে কৰা ১৯ নং অভাৰৰ প্ৰথমটো বলত ৰান আউট হয় তেৱাতীয়া। ইয়াৰ পিছত চাহাৰে ৰাদাৰফৰ্ডকো বিদায় দিয়ে।
-
ব্যৰ্থ হ’ল শ্বাহৰুখ
প্ৰত্যাৱৰ্তন মেচতে উজলিছে অধিনায়ক হাৰ্দিক পাণ্ডিয়া। প্ৰথমে গিলৰ উইকেট দখল কৰাৰ পিছত এইবাৰ শ্বাহৰুখ খানক বিদায় দি দ্বিতীয়টো সাফল্য লাভ কৰিছে মুম্বাইৰ অধিনায়কগৰাকীয়ে।
-
ছাই সুদৰ্শনৰ অৰ্ধশতক
ক্ৰমাগত দ্বিতীয়টো অৰ্ধশতক অৰ্জন কৰিছে ছাই সুদৰ্শনে। প্ৰতিশ্ৰুতিসম্পন্ন যুৱ বেটাৰগৰাকীয়ে ৩৩টা বলত সম্পূৰ্ণ কৰে নিজৰ অৰ্ধশতক।
-
বাটলাৰৰ উইকেট দখল মুজিবুৰৰ
ছাই সুদৰ্শনৰ সৈতে এক গুৰুত্বপূৰ্ণ যুটি বন্ধাৰ পিছত মুজিবুৰৰ বলত নিজৰ উইকেট হেৰুৱাইছে বাটলাৰে। তাৰকা বেটাৰগৰাকীয়ে দললৈ ২৪টা বলত ৩৯ ৰানৰ অৱদান আগবঢ়ায়।
-
১০ অভাৰত মুম্বাইৰ সংগ্ৰহ ৯২ ৰান
গুজৰাটৰ ইনিংছৰ আধা অংশ অৰ্থাৎ প্ৰথম ১০ অভাৰ সামৰণি পৰিছে। এই ১০ অভাৰত গুজৰাটে গিলৰ উইকেট হেৰুৱাই ৯২ ৰান সংগ্ৰহ কৰিছে।
-
পাণ্ডিয়াই বিদায় দিলে গিলক
দলক এক সফল আৰম্ভণি দিয়াৰ পিছত পেভিলিয়নলৈ উভতিছে শুভমন গিল। ২৭টা বলত ৩৮ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি পাণ্ডিয়াৰ বলত নমন ধীৰৰ হাতত কেচ তুলি দি আউট হয় অধিনায়কগৰাকী।
-
গিল-সুদৰ্শনৰ আক্ৰমণাত্মক আৰম্ভণি
গুজৰাটৰ হৈ আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে গিল আৰু সুদৰ্শনে। দুয়োৰে বিধ্বংসী বেটিঙৰ সুবাদত মাত্ৰ ৫.৩ অভাৰতে দলীয় স্ক’ৰ পাৰ হৈছে গুজৰাটৰ।
-
গিলৰ বেটৰ পৰা প্ৰথমটো বাউণ্ডেৰী
ইনিংছৰ প্ৰথম অভাৰত গুজৰাটে সংগ্ৰহ কৰিছে ৭ ৰান। অভাৰৰ অন্তিমটো বলত শুভমন গিলৰ বেটৰ পৰা আহিছে ইনিংছৰ প্ৰথমটো বাউণ্ডেৰী।
-
ক্ৰীজত গিল-বাটলাৰ, বলিং মুকলি কৰিব ব’ল্টে
প্ৰথমে বেটিং কৰা গুজৰাট টাইটানছৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহিছে অধিনায়ক শুভমন গিল আৰু ছাই সুদৰ্শন। আনহাতে মুম্বাইৰ হৈ বলিং কৰিছে ট্ৰেণ্ট ব’ল্টে।
-
মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ
মূল ইণ্ডিয়ানছৰ মূল একাদশত আজি থাকিব ৰিয়ান ৰিকেলটন, ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, মুজিবুৰ ৰহমান, সত্যনাৰায়ণ ৰাজু।
-
গুজৰাট টাইটানছৰ মূল একাদশ
গুজৰাট টাইটানছৰ মূল একাদশত দেখা যাব শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, ছাই সুদৰ্শন, শ্বাহৰুখ খান, শ্বেৰফানে ৰাদাৰফ’ৰ্ড, ৰাহুল টেৱাটিয়া, ৰছিদ খান, আৰ চাই কিশোৰ, কেগিছ’ ৰাবাডা, প্ৰসিধ কৃষ্ণ, মহম্মদ চিৰাজক।
-
টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত পাণ্ডিয়াৰ
ইতিমধ্যে দুয়োটা দলৰ অধিনায়কদ্বয় হাৰ্দিক পাণ্ডিয়া আৰু শুভমন গিলে টছ কৰিছে। টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক পাণ্ডিয়াই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
-
দুয়ো দলৰ পূৰ্বৰ ৰেকৰ্ড
আই পি এলত এইপৰ্যন্ত দুয়োটা দল ৫ বাৰ মুখামুখি হৈছে। এই ৫খন মেচৰ ভিতৰত গুজৰাট টাইটানছে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে দুখন মেচত জয়লাভ কৰিছে।
-
আহমেদাবাদত আজি বেটাৰৰ চমক নে বলাৰৰ আধিপত্য!
কিছু সময়ৰ পিছতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মেচ। দুয়োটা দলে ছিজনৰ প্ৰথম জয় লাভৰ চেষ্টাৰে নামিব এই মেচখনত।
Ahmedabad gets ready to host a clash of two former champions 🤩
It’s @gujarat_titans vs @mipaltan 💪
Who will get the bragging rights tonight? 👊#TATAIPL | #GTvMI pic.twitter.com/RRnGXJmJjw
— IndianPremierLeague (@IPL) March 29, 2025
Published On - Mar 29,2025 6:44 PM