শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

MI vs GT Predicted Playing XI IPL 2025: আজি ‘নিজ গৃহ’ৰ বিপক্ষে পাণ্ডিয়াৰ ’পল্টন’! চাওঁ আহক গুজৰাট-মুম্বাইৰ সম্ভাৱ্য একাদশ..

Mumbai Indians vs Gujarat Titans Preview: আই পি এল ২০২৫ৰ আজি এক বিশেষ মেচত নামিব মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছ। আহমেদাবাদত ঘৰুৱা দলটোক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে মুম্বাইৰ পল্টন। অনুৰাগীৰ বাবে এই মেচখন আজি হৈ পৰিছে বিশেষ। কিয়নো আজি মুম্বাইৰ অধিনায়ক ৰূপে খেলপথাৰত দেখা যাব হাৰ্দিক পাণ্ডিয়াক।

MI vs GT Predicted Playing XI IPL 2025: আজি ‘নিজ গৃহ’ৰ বিপক্ষে পাণ্ডিয়াৰ ’পল্টন’! চাওঁ আহক গুজৰাট-মুম্বাইৰ সম্ভাৱ্য একাদশ..
MI আৰু GTৰ সম্ভাৱ্য একাদশ
monjit-dutta
Monjit Dutta | Published: 29 Mar 2025 18:22 PM

আই পি এল ২০২৫ৰ আজি এক বিশেষ মেচত নামিব মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছ। আহমেদাবাদত ঘৰুৱা দলটোক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে মুম্বাইৰ পল্টন। অনুৰাগীৰ বাবে এই মেচখন আজি হৈ পৰিছে বিশেষ। কিয়নো আজি মুম্বাইৰ অধিনায়ক ৰূপে খেলপথাৰত দেখা যাব হাৰ্দিক পাণ্ডিয়াক। নিষেধাজ্ঞাৰ বাবে প্ৰথম মেচত বাদ পৰাৰ পিছত আজি এই ছিজনৰ প্ৰথমখন মেচ খেলিব পাণ্ডিয়াই। সেয়াও নিজ গৃহৰ বিপক্ষেই। মাত্ৰ এটা বছৰ আগতে এই গৃহ চহৰতে তীব্ৰ ঘৃণাৰ চিকাৰ হোৱা তাৰকাগৰাকীয়ে আজি কিদৰে প্ৰত্যাৱৰ্তন ঘটাব, সেয়া চাবলৈ ৰৈ আছে ক্ৰিকেটপ্ৰেমী।

লক্ষণীয়ভাৱে প্ৰাক্তন চেম্পিয়ন দুয়োটা দলেই পৰাজয়েৰেই আৰম্ভ কৰিছিল এই ছিজন। মুম্বায়ে প্ৰথম মেচত চেন্নাই চুপাৰ কিংছৰ বিপক্ষে পৰাস্ত হোৱাৰ বিপৰীতে ঘৰৰ মাটিতে পঞ্জাৱ কিংছৰ বিপক্ষে পৰাজয় সহিব লগা হৈছিল গুজৰাটে। পিছে এই পৰাজয় পাহৰি আজি দুয়োটা দলে জয়ৰ পথলৈ ঘূৰাৰ লক্ষ্যৰে নামিব খেলপথাৰত। অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ অন্তৰ্ভুক্তি এইক্ষেত্ৰত মুম্বাইৰ বাবে বিশেষ শক্তি হ’ব।

আনহাতে পুৰণি অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ ৰণনীতিত ভেটা দিবলৈ পূৰ্ণ শক্তিৰেই নামিব গিল বাহিনী। বাটলাৰৰ সৈতে গিলৰ অপেনিং যুটি, ৰাবাডা-চিৰাজৰ পেচ যুটি আৰু ৰছিদ খানৰ স্পিন যাদু এই ক্ষেত্ৰত দলৰ হ’ব প্ৰধান ভৰসা। পঞ্জাৱৰ বিপক্ষে মূল একাদশত নথকা ৱাশ্বিংটন সুন্দৰে হয়তো আজি মুম্বাইৰ বিপক্ষে দলত স্থান পাব পাৰে। আনহাতে পাণ্ডিয়াৰ প্ৰত্যাৱৰ্তনৰ বাবে মুম্বাইত দেখা যাব পৰিৱৰ্তন।

এইক্ষেত্ৰত আজি যুৱ উইকেট কীপাৰ বেটাৰ ৰবিন মিঞ্জে স্থান হেৰুৱাব পাৰে। ইয়াৰ বাদে মুম্বাইৰ মূল একাদশত পৰিৱৰ্তনৰ আন সম্ভাৱনা প্ৰায় নাই। চেন্নাইৰ বিপক্ষে মেচত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা যুৱ স্পিনাৰ ভিগনেশ পুথুৰে আজিও ইম্পেক্ট চাব হিচাপে সুযোগ লাভ কৰাৰ পূৰ্ণমাত্ৰাই সম্ভাৱনা আছে। চাওঁ আহক দুয়ো দলৰ সম্ভাৱ্য একাদশ-

গুজৰাট টাইটানছৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, ছাই সুদৰ্শন, শ্বাহৰুখ খান, শ্বেৰফানে ৰাদাৰফ’ৰ্ড, ৱাশ্বিংটন সুন্দৰ, ৰাহুল টেৱাটিয়া, ৰছিদ খান, আৰ চাই কিশোৰ, কেগিছ’ ৰাবাডা, প্ৰসিধ কৃষ্ণ, মহম্মদ চিৰাজ।

মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ ৰিয়ান ৰিকেলটন, ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, সত্যনাৰায়ণ ৰাজু, ভিগনেশ পুথুৰ।