শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

MI vs KKR Live Score, IPL 2025: ৱাংখাড়েৰ বুকুত ৰাজকীয় অভিষেক অশ্বনীৰঃ ঘৰৰ মাটিত ছিজনৰ প্ৰথম জয়ৰ সোৱাদ ল’লে মুম্বাইয়ে

Mumbai Indians vs Kolkata Knight Riders Live Score in Assamese: এফালে পাঁচবাৰৰ চেম্পিয়ন আৰু আনফালে তিনিবাৰৰ চেম্পিয়ন, ৱাংখাড়েত আজি দেখা যাব চেম্পিয়ন বনাম চেম্পিয়নৰ যুঁজ। খেলপথাৰত নামিব ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছ আৰু ভ্ৰমণকাৰী কলকাতা নাইট ৰাইডাৰ্ছ। কলকাতাৰ প্ৰত্যাহ্বান নেওচি হাৰ্দিক নেতৃত্বাধীন ‘পল্টনে’ অনুৰাগীৰ আশা পূৰ্ণ কৰিব পাৰিবনে, সেয়া হ’ব লক্ষণীয়।

monjit-dutta
Monjit Dutta | Updated On: 31 Mar 2025 22:32 PM
MI vs KKR Live Score, IPL 2025: ৱাংখাড়েৰ বুকুত ৰাজকীয় অভিষেক অশ্বনীৰঃ ঘৰৰ মাটিত ছিজনৰ প্ৰথম জয়ৰ সোৱাদ ল’লে মুম্বাইয়ে
ৱাংখেড়েত আজি MI আৰু KKRৰ যুঁজ

এফালে পাঁচবাৰৰ চেম্পিয়ন আৰু আনফালে তিনিবাৰৰ চেম্পিয়ন, ৱাংখাড়েত আজি দেখা যাব চেম্পিয়ন বনাম চেম্পিয়নৰ যুঁজ। খেলপথাৰত নামিব ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছ আৰু ভ্ৰমণকাৰী কলকাতা নাইট ৰাইডাৰ্ছ। ডিফেণ্ডিং চেম্পিয়ন কলকাতাই উদ্বোধনী মেচতে পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত দ্বিতীয় মেচত জয়ৰ মনোবল লৈ আজি অৱতীৰ্ণ হ’ব ৱাংখেড়েত। আনহাতে প্ৰথম দুখন মেচতে পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত এতিয়াও প্ৰথমটো পইণ্টৰ সন্ধানত অপেক্ষা কৰিবলগা হৈছে প্ৰতিযোগিতাৰে অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছে। আজি ঘৰৰ মাটিতে দলটোৱে এই অপেক্ষাৰ অন্ত পেলাব বুলি আশা কৰিছে অনুৰাগীয়ে। কলকাতাৰ প্ৰত্যাহ্বান নেওচি হাৰ্দিক নেতৃত্বাধীন ‘পল্টনে’ অনুৰাগীৰ আশা পূৰ্ণ কৰিব পাৰিবনে, সেয়া হ’ব লক্ষণীয়।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 31 Mar 2025 10:31 PM (IST)

    জয়ৰ পথলৈ ঘূৰিল মুম্বাই

    অৱশেষত আই পি এলৰ ১৮ সংখ্যক ছিজনত প্ৰথমটো জয়ৰ সোৱাদ পালে মুম্বাই ইণ্ডিয়ানছে। প্ৰথমে অভিষেককাৰী অশ্বনী কুমাৰৰ লগতে বলিং বিভাগৰ চমকৰ পিছত ৰিকেল্টনৰ অপৰাজিত অৰ্ধশতকৰ সহায়ত ঘৰৰ মাটিত কলকাতা নাইট ৰাইডাৰ্ছক সহজে ৮ উইকেটত পৰাস্ত কৰে মুম্বাইয়ে।

  • 31 Mar 2025 10:17 PM (IST)

    জেকছক বিদায় দিলে ৰাছেলে

    জয়ৰ কাষ চাপিলেও মুম্বাইয়ে হেৰুৱাইছে দ্বিতীয়টো উইকেট। ৰাছেলৰ বলত জেকছে ঠেলি দিয়া বল দৰ্শনীয়ভাৱে আয়ত্ব কৰে অধিনায়ক ৰাহানেই।

  • 31 Mar 2025 10:12 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ ৰিকেল্টনৰ

    প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত অৱশেষত নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছে ৰিয়ান ৰিকেল্টনে। মুম্বাইৰ ইনিংছক গতি প্ৰদান কৰি ৰিকেল্টনে সম্পূৰ্ণ কৰিছে প্ৰথমটো আই পি এল অৰ্ধশতক। নাৰাইণৰ বলত এটা বৃ্হৎ ছয় কোবাই ৩৩টা বলত নিজৰ অৰ্ধশতক পূৰ কৰে যুৱ খেলুৱৈগৰাকীয়ে।

  • 31 Mar 2025 09:51 PM (IST)

    ৰোহিতৰ দুৰ্বল ফৰ্ম অব্যাহত

    অব্যাহত আছে ৰোহিত শৰ্মাৰ দুৰ্বল ফৰ্ম। প্ৰথম দুখন মেচত ৰান সংগ্ৰহত ব্যৰ্থ হোৱা ৰোহিতে আজি ঘৰৰ মাটিত ফৰ্ম ঘূৰাই পাব বুলি আশা কৰা হৈছিল যদিও ১২টা বলত মাত্ৰ ১৩ ৰান কৰিয়েই বিদায় লয়। ৰোহিতক বিদায় দিয়ে ৰাছেলে।

  • 31 Mar 2025 09:46 PM (IST)

    মুম্বাইৰ সফল আৰম্ভণি

    প্ৰথম দুখন মেচত ব্যৰ্থ হ’লেও আজি কিছু সফল হৈছে মুম্বাইৰ অপেনিং যুটি। দুই অপেনাৰ ৰোহিত আৰু ৰিকেল্টনে প্ৰথম ৫ অভাৰত যোগ দিছে ৪৪ ৰান।

  • 31 Mar 2025 09:19 PM (IST)

    লক্ষ্য ১১৭, ক্ৰীজত ইম্পেক্ট চাব ৰোহিত আৰু ৰিকেল্টন

    মুম্বাইৰ সমুখত আজি প্ৰথমটো জয় লাভৰ সুৱৰ্ণ সুযোগ। জয়ৰ বাবে মাত্ৰ ১১৭ ৰানৰ লক্ষ্য অনুসৰণৰ বাবে ক্ৰীজলৈ আহিছে ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টন। আনহাতে কলকাতাৰ হৈ বলিং মুকলি কৰিছে স্পেনছাৰ জনচনে।

  • 31 Mar 2025 09:02 PM (IST)

    ১১৬ ৰানতে থমকিল কলকাতা

    মুম্বাইৰ বলিং আক্ৰমণত বিধ্বস্ত হৈ পৰিল কলকাতাৰ বেটিং লাইন আপ। ১৬.২ অভাৰত মাত্ৰ ১১৬ ৰানতে ইনিংছ সামৰে কলকাতাই আৰু এইদৰে প্ৰথমটো জয়ৰ সন্ধানত থকা মুম্বাইয়ে লাভ কৰিছে ১১৭ ৰানৰ সহজ বিজয় লক্ষ্য। কলকাতাৰ ইনিংছৰ অন্তিমটো উইকেট দখল কৰে মিচেল চেণ্টনাৰে।

  • 31 Mar 2025 08:52 PM (IST)

    পুথুৰে বিদায় দিলে হৰ্ষিতক

    কলকাতাই হেৰুৱাইছে নৱমটো উইকেট। যুৱ স্পিনাৰ ভিগনেশ পুথুৰে মেচত নিজৰ প্ৰথমটো সফলতাৰ ৰূপত দখল কৰে হৰ্ষিত ৰাণাৰ উইকেট।

  • 31 Mar 2025 08:41 PM (IST)

    অশ্বনীৰ চমক অব্যাহত

    অশ্বনী কুমাৰৰ বিধ্বংসী স্পেলত হুৰমূৰকৈ খহিছে কলকাতাৰ ইনিংছ। এইবাৰ ৰাছেলকো নিজৰ চিকাৰ কৰিছে যুৱ পেচাৰগৰাকীয়ে। এইদৰে চতুৰ্থটো উইকেট হস্তগত কৰিছে অশ্বনীয়ে।

  • 31 Mar 2025 08:32 PM (IST)

    পাণ্ডেৰ ইম্পেক্ট ক্ষন্তেকীয়া

    ইম্পেক্ট প্লেয়াৰৰ ৰূপত ক্ৰীজলৈ অহা মনীষ পাণ্ডেই কিছু যুঁজ দিছিল যদিও তেওঁৰ ইনিংছো দীঘলীয়া নহ’ল। অভিষেককাৰী অশ্বনী কুমাৰে চমকপ্ৰদ স্পেলেৰে এইবাৰ মনীষ পাণ্ডেকো পেভিলিয়নলৈ উভতাই পঠাইছে।

  • 31 Mar 2025 08:26 PM (IST)

    অশ্বনীৰ আন এক উইকেট

    অভিষেক মেচতে উজলিছে অশ্বনী কুমাৰ। প্ৰথম বলতে ৰাহানেক বিদায় দিয়াৰ পিছত এইবাৰ অশ্বনীৰ চিকাৰ হৈছে ৰিংকু সিং। ৰিংকুৰ বিদায়ৰ পিছত ক্ৰীজলৈ আহিছে আন্দ্ৰে ৰাছেল।

  • 31 Mar 2025 08:22 PM (IST)

    আধা ইনিংছ সমাপ্ত

    কলকাতাৰ ইনিংছৰ আধা অংশ, অৰ্থাৎ ১০ অভাৰ সমাপ্ত হৈছে। প্ৰথম দহ অভাৰত কলকাতাই ৫টা উইকেট হেৰুৱাই ৬৯ ৰান সংগ্ৰহ কৰিছে।

  • 31 Mar 2025 08:09 PM (IST)

    অন্ত পৰিল অংকৃশৰ যুঁজ

    এক যুঁজাৰু ইনিংছেৰে দলক কিছু আগুৱাই নিয়াৰ চেষ্টা চলাইছিল যদিও এই চেষ্টা দীঘলীয়া নহ’ল অংকৃশ ৰঘূবংশীৰ। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমটো অভাৰতে অংকৃশৰ ৰূপত লাভ কৰে সফলতা। অংকৃশৰ বেটৰ পৰা আহে ১৬টা বলত ২৬ ৰান।

  • 31 Mar 2025 08:01 PM (IST)

    বিপদত কলকাতা

    ঘৰৰ মাটিত শক্তি প্ৰদৰ্শন কৰিছে মুম্বাই ইণ্ডিয়ানছে। কলকাতাৰ ইনিংছত খহনীয়াৰ সৃষ্টি কৰি মুম্বাইৰ বলিং আক্ৰমণে পাৱাৰ প্লে’ৰ ভিতৰত মাত্ৰ ৪১  ৰানতে ৪টা উইকেট দখল কৰিছে। এইবাৰ ভেংকটেশ আয়াৰৰ ৰূপত নিজৰ দ্বিতীয়টো উইকেট দখল কৰিছে দীপক চাহাৰে।

  • 31 Mar 2025 07:49 PM (IST)

    প্ৰথম বলতে উইকেট অশ্বনীৰ

    আই পি এল কেৰিয়াৰৰ অভিষেক মেচত নিজৰ প্ৰথমটো বলতে উইকেট লাভ কৰিছে অশ্বনী কুমাৰে। নিজৰ প্ৰথমটো আই পি এল চিকাৰৰ ৰূপত অশ্বনীয়ে বিদায় দিছে কলকাতাৰ অধিনায়ক অশ্বনী কুমাৰক।

  • 31 Mar 2025 07:39 PM (IST)

    দুই অপেনাৰৰ বিদায়

    মাত্ৰ ২ ৰানৰ স্ক’ৰতে পেভিলিয়নলৈ উভতিছে কলকাতাৰ দুই অপেনাৰ। এইবাৰ কুইণ্টন ডি ক’কক পেভিলিয়নলৈ উভতাই পঠিয়াইছে দীপক চাহাৰে।

  • 31 Mar 2025 07:35 PM (IST)

    নচলিল নাৰাইণৰ বেট

    এক বিস্ফোৰক আৰম্ভণি দিয়াৰ উদ্দেশ্যে অপেনাৰ হিচাপে কলকাতাই প্ৰেৰণ কৰে নাৰাইণক। পিছে কলকাতাৰ এই উদ্দেশ্য পূৰ হ’বলৈ নিদিলে ব’ল্টে। অভাৰৰ চতুৰ্থটো বলতে ব’ল্টে বিদায় দিলে নাৰাইণক।

  • 31 Mar 2025 07:31 PM (IST)

    ক্ৰীজত ক’ক-নাৰাইণ, ব’ল্টৰ হাতত বল

    কলকাতাৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহিছে কুইণ্টন ডি ক’ক আৰু সুনীল নাৰাইণ। আনহাতে নতুন বল হাতত লৈ মুম্বাইৰ হৈ বলিং আৰম্ভ কৰিছে ট্ৰেণ্ট ব’ল্টে।

  • 31 Mar 2025 07:10 PM (IST)

    কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশ

    কলকাতাৰ মূল একাদশতো আজি পৰিৱৰ্তন দেখা গৈছে। দলৰ মূল একাদশ হ’ব এনেধৰণৰ- কুইন্টন ডি ক’ক, সুনীল নাৰাইণ, ভেঙ্কটেশ আয়াৰ, আজিংক্যা ৰাহানে (অধিনায়ক), ৰিংকু সিং, অংকৃশ ৰঘুবংশী, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, স্পেন্সাৰ জনচন, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী।

  • 31 Mar 2025 07:07 PM (IST)

    মুম্বাই দলত পৰিৱৰ্তন

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশত আজি দেখা গৈছে কেইবাটাও পৰিৱৰ্তন। মুম্বাইৰ মূল একাদশত আজি দেখা যাব ৰিয়ান ৰিকেল্টন, উইল জেকচ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, অশ্বনী কুমাৰ আৰু ভিগনেশ পুথুৰক

  • 31 Mar 2025 07:03 PM (IST)

    টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত পাণ্ডিয়াৰ

    ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয়ৰ মাজত হৈ গৈছে টছ। ঘৰুৱা দল মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে।

  • 31 Mar 2025 06:44 PM (IST)

    MI ৰ সম্ভাৱ্য একাদশ 

    ৰোহিত শৰ্মা, ৰিয়ান ৰিকেলটন, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, নমন ধীৰ, মিচেল ছেণ্টনাৰ, দীপক চহৰ, ট্ৰেণ্ট ব’ল্ট, ভিগনেশ পুথুৰ আৰু সত্যনাৰায়ণ ৰাজু।

  • 31 Mar 2025 06:37 PM (IST)

    দুয়ো দলৰ পূৰ্বৰ ৰেকৰ্ড

    এইপৰ্যন্ত দুয়োটা দল ২৪ খন মেচত মুখামুখি হৈছে আৰু ইয়াৰে ২৩ খনত মুম্বাইয়ে জয়লাভ কৰাৰ বিপৰীতে ১১ খনত জয়ী হৈছে কলকাতা। এই দিশত পিছ পৰিলেও পিছে শেহতীয়া ছয়বাৰৰ মুখামুখিত পাঁচখনতে জয়েৰে কলকাতা আগবাঢ়ি আছে।

Published On - Mar 31,2025 6:36 PM