শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

MI vs KKR Predicted Playing XI IPL 2025: গৃহচহৰত আজি কলকাতাৰ প্ৰত্যাহ্বান, প্ৰথম জয়ৰ সন্ধানত মুম্বাইঃ কেনে হ’ব পাৰে মূল একাদশ!

Mumbai Indians vs Kolkata Knight Riders Preview: পৰৰ মাটিত দুখন মেচ খেলাৰ পিছত এতিয়া ঘৰলৈ ঘূৰিছে মুম্বাই ইণ্ডিয়ানছ। আজি গৃহভূমি মুম্বাইৰ ৱাংখেড়েত ছিজনৰ প্ৰথমখন মেচ খেলিব দলটোৱে। সেয়ে আজিৰ মেচখনতে মুম্বায়ে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ পাব বুলি দলৰ অনুৰাগীসকলে আশা কৰিছে। অৱশ্যে প্ৰতিপক্ষ কলকাতা নাইট ৰাইডাৰ্ছৰ সমুখত এই আশা পূৰণৰ পথ দলটোৰ বাবে সহজো নহ’ব।

MI vs KKR Predicted Playing XI IPL 2025: গৃহচহৰত আজি কলকাতাৰ প্ৰত্যাহ্বান, প্ৰথম জয়ৰ সন্ধানত মুম্বাইঃ কেনে হ’ব পাৰে মূল একাদশ!
আজি ৱাংখেড়েত মুম্বাই বনাম কলকাতা
monjit-dutta
Monjit Dutta | Published: 31 Mar 2025 15:49 PM

আগবাঢ়িছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ। প্ৰতিটো দলেই এই ছিজনত দেখিছে জয়ৰ মুখ। ব্যতিক্ৰম মাথো মুম্বাই ইণ্ডিয়ানছ। প্ৰতিযোগিতাৰ ইতিহাসৰে অন্যতম শ্ৰেষ্ঠ ফ্ৰেন্সাইজিটোৱে এইপৰ্যন্ত দুখন মেচ খেলিছে আৰু দুয়োখনতে পৰাজয় সহিবলগা হৈছে। অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ ক্ষেত্ৰয় এয়া চিনাকি দৃশ্যই। বহুকেইটা ছিজনত দলটোৱে এইদৰে পৰাজয়েৰে আৰম্ভণি কৰাৰ পিছত দুৰন্ত গতিৰে আগবঢ়াৰ চমকপ্ৰদ অতীত আছে। গতিকে প্ৰথম দুখন মেচত পৰাস্ত হ’লেও দলটোৰ অনুৰাগীসকল এতিয়াও হোৱা নাই ব্যথিত।

মুম্বাইৰ এই চিনাকি প্ৰদৰ্শনৰ আভাস আজিয়েই দেখা পাব বুলি আশা কৰিছে অনুৰাগীসকলে। কিয়নো পৰৰ মাটিত দুখন মেচ খেলাৰ পিছত এতিয়া ঘৰলৈ ঘূৰিছে মুম্বাই ইণ্ডিয়ানছ। আজি গৃহভূমি মুম্বাইৰ ৱাংখেড়েত ছিজনৰ প্ৰথমখন মেচ খেলিব দলটোৱে। সেয়ে আজিৰ মেচখনতে মুম্বায়ে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ পাব বুলি দলৰ অনুৰাগীসকলে আশা কৰিছে। অৱশ্যে এই আশা পূৰণৰ পথ দলটোৰ বাবে সহজো নহ’ব।

ঘৰৰ মাটিত মুম্বাইৰ আজি মনোবল বৃদ্ধি পালেও দলটোৰ প্ৰতিপক্ষ হ’ব শক্তিশালী কলকাতা নাইট ৰাইডাৰ্ছ। ডিফেণ্ডিং চেম্পিয়ন কলকাতা এইবাৰ ৰাহানেৰ নেতৃত্বত প্ৰথমখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিপক্ষে পৰাস্ত হ’লেও শেহতীয়া মেচখনত ৰাজস্থান ৰয়েলছৰ বিপক্ষে জয়ী হয়। গতিকে মুম্বাইয়ে আজি প্ৰথম জয়ৰ সন্ধান চলোৱাৰ বিপৰীতে কলকাতাই জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব।

ৱাংখেড়েত অৱশ্যে কলকাতাৰ বিপক্ষে মুম্বাইৰ পূৰ্বৰ প্ৰদৰ্শন যথেষ্ট উন্নত। কলকাতাই এই খেলপথাৰত ২ খন মেচত জয়ী হোৱাৰ বিপৰীতে ঘৰুৱা দল মুম্বাই ৯খন মেচত জয়েৰে আগবাঢ়ি আছে। অৱশ্যে খেলপথাৰত পৰিসংখ্যাই সকলো নহয়, সেয়া সকলোৰে জ্ঞাত। শক্তিৰ দিশৰ পৰা দুয়োটা দলেই যিকোনো স্থানত তথা যিকোনো পৰিস্থিতিত মেচৰ ফল নিজৰ পক্ষলৈ অনাত সিদ্ধহস্ত। গতিকে আজিৰ মেচখন অত্যন্ত ৰোমাঞ্চকৰ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে।

চাওঁ আহক আজিৰ মেচখনত দুয়োটা দলৰ সম্ভাৱ্য একাদশঃ

মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য একাদশ তথা ইম্পেক্ট চাবঃ ৰোহিত শৰ্মা, ৰিয়ান ৰিকেলটন, তিলক বাৰ্মা, উইল জেকচ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, নমন ধীৰ, দীপক চাহাৰ, মিচেল চেণ্টনাৰ, ট্ৰেণ্ট বল্ট, সত্যনাৰায়ণ ৰাজু, ৰবিন মিঞ্জ/ভিগনেশ পুথুৰ।

কলকাতা নাইট ৰাইডাৰ্ছৰ সম্ভাৱ্য একাদশ তথা ইম্পেক্ট চাবঃ কুইণ্টন ডি ক’ক, সুনীল নাৰাইণ, আজিংক্যা ৰাহানে, অংকৃশ ৰঘুবংশী, ভেংকটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, স্পেন্সৰ জনছন, বৈভৱ আৰোৰা, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা।