MI vs LSG Live Score, IPL 2025 : লক্ষ্ণৌৰ বিৰুদ্ধে ৫৪ ৰানত জয়লাভ মুম্বাইৰ ইণ্ডিয়ানছৰ
Mumbai indians vs Lucknow super giants Live Score in Assamese: আজি আইপিএলৰ ৰণত নামিছে মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । মুম্বাই ইণ্ডিয়ানছে একেৰাহে চাৰিখন মেচত জয়লাভ কৰি আত্মবিশ্বাসেৰে প্লে অফৰ দিশে আগবাঢ়িছে।

আজি মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত আইপিএলৰ ৰণত মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । মুম্বাই ইণ্ডিয়ানছে একেৰাহে চাৰিখন মেচত জয়লাভ কৰি আত্মবিশ্বাসেৰে প্লে অফৰ দিশে আগবাঢ়িছে। টেবুলৰ তলৰ পৰা নিজকে উলিয়াই আনি প্লে অফৰ স্থানৰ বাবে কঠিন প্ৰতিযোগিতা দিছে মুম্বাইয়ে। আনহাতে লক্ষ্ণৌৰ খেলৰ প্ৰদৰ্শন এতিয়াও ভাল হোৱা নাই আৰু ঋষভ পণ্টৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। আইপিএলৰ ৪৫ নম্বৰ খেলৰ প্ৰতিটো আপডেটৰ বাবে আমাৰ সৈতে সংযুক্ত হওক ।
LIVE NEWS & UPDATES
-
৫৪ ৰান জয়লাভ কৰে মুম্বাই ইণ্ডিয়ানছে
২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৬১ ৰান সংগ্ৰহ কৰে লক্ষ্ণৌৱে । ৫৪ ৰান জয়লাভ কৰে মুম্বাই ইণ্ডিয়ানছে ।
-
জয় নিশ্চিত মুম্বাইৰ
অন্তিম অভাৰত ৫৮ ৰানৰ প্ৰয়োজন লক্ষ্ণৌক । হাতত এটা উইকেট । জয় নিশ্চিত মুম্বাইৰ ।
-
লক্ষ্ণৌৱে ১৫০ ৰান অতিক্ৰম কৰে
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৮ অভাৰৰ অন্তত ৮ উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্ৰহ কৰিছে। এতিয়া জয়ৰ পৰা বহু দূৰত।
-
বুমৰাহ চতুৰ্থটো সফলতা
লক্ষ্ণৌ দলক অষ্টম আঘাত দিলে যশপ্ৰীত বুমৰাহে। প্ৰথম বলত আউট হৈছে আৱেশ খান। মাত্ৰ এটা অভাৰতে তৃতীয়টো সফলতা লাভ কৰিছে বুমৰাহে।
-
১৮ টা বলত ৬৮ ৰানৰ প্ৰয়োজন
১৭ অভাৰৰ অন্তত লক্ষ্ণৌৰ ৰান ১৪৮ ৰান । ৮ টা উইকেটৰ পতন । এতিয়া জয়ৰ বাবে ১৮ টা বলত ৬৮ ৰানৰ প্ৰয়োজন ।
-
আব্দুল ছামাদ আউট
বিপৰ্যয়ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। মিলাৰৰ পিছত আব্দুল ছামাদ আউট। ৪টা বলত ২ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে ছামাদ ।
-
আয়ুষ বদোনী আউট
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ উত্তেজনা বৃদ্ধি পাইছে। আয়ুষ বদোনিৰ ৰূপত ৫ম উইকেট হেৰুৱাইছে। ১৩৫ ৰানৰ স্ক’ৰত এই বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় লক্ষ্ণৌ
-
শেষৰ ৬ অভাৰ বাকী
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ইনিংছৰ ১৪ অভাৰ সম্পূৰ্ণ হৈছে। তেওঁ ৪ টা উইকেট হেৰুৱাই ১৩৪ ৰান সংগ্ৰহ কৰিছে। এতিয়া তেওঁলোকক জয়ী হ’বলৈ ৩৬টা বলত ৮২ ৰানৰ প্ৰয়োজন।
-
লক্ষ্ণৌৰ চতুৰ্থ আঘাত
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ১১০ ৰানৰ স্ক’ৰত চতুৰ্থটো উইকেটৰ পতন। ৩৪টা বলত ৩৪ ৰান সংগ্ৰহ কৰি আউট মিচেল মাৰ্ছ। এই সফলতা লাভ কৰিছে ট্ৰেণ্ট ব’ল্টে।
-
৯ অভাৰৰ অন্তত লক্ষ্ণৌৰ স্ক’ৰ
লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৯ অভাৰৰ অন্তত ৩টা উইকেট হেৰুৱাই ৮৩ ৰান সংগ্ৰহ কৰিছে। এতিয়া জয়ী হ’বলৈ ১১ অভাৰত ১৩৩ ৰানৰ প্ৰয়োজন।
-
ঋষভ পন্ট আউট
ঋষভ পন্টৰ উইকেট হেৰুৱালে লক্ষ্ণৌৱে । ২ টা বলত চাৰি ৰান আউট ঋষভ ।
-
নিকোলাছ পুৰাণ আউট
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ডাঙৰ বিপৰ্যয়। ১৫টা বলত ২৭ ৰান সংগ্ৰহ কৰি আউট হৈ আছে নিকোলাছ পুৰাণ। লক্ষ্ণৌৱে ৬০ ৰানৰ স্ক’ৰত এই উইকেট হেৰুৱালে।
-
৫ অভাৰৰ অন্তত লক্ষ্ণৌৰ ৰান ৪০
৫ অভাৰৰ অন্তত লক্ষ্ণৌৰ ৰান ৪০ । এটা উইকেট হেৰুৱাইছে লক্ষ্ণৌ দলে । মুম্বাইৰ বলাৰৰ সুন্দৰ আৰম্ভণি ।
-
আইডেন মাৰ্ক্ৰাম আউট
লক্ষ্ণৌৰ প্ৰথমটো আঘাত । আইডেন মাৰ্ক্ৰামে ৯ টা বলত ১১ ৰান সংগ্ৰহ কৰে । মাৰ্ক্ৰামৰ উইকেট লাভ কৰে বুমৰাহে ।
-
লক্ষ্ণৌৰ আৰম্ভণি দ্ৰুত
লক্ষ্ণৌৰ দলটোৱে ৰান চেজ খুব ভালকৈ আৰম্ভ কৰিছে। দলটোৱে প্ৰথম দুটা অভাৰত ১৮ ৰান সংগ্ৰহ কৰিছে। আইডেন মাৰ্ক্ৰাম আৰু মিচেল মাৰ্ছ ক্ৰীজত আছে।
-
লক্ষ্ণৌৰ সন্মুখত ২১৬ ৰানৰ লক্ষ্য
মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰ ২১৬ ৰানৰ লক্ষ্য বান্ধি দিছে লক্ষ্ণৌক । সূৰ্য কুমাৰ যাদৱ আৰু ৰিয়ান ৰিকেলটনে অৰ্ধ শতক অৰ্জন কৰে ।
-
মুম্বাই দলে ২০০ ৰান অতিক্ৰম কৰিলে
মুম্বাই ইণ্ডিয়ানছে ১৯ অভাৰৰ অন্তত ২০০ ৰানৰ সীমা অতিক্ৰম কৰিছে। এতিয়া ইনিংছৰ শেষ অভাৰ বাকী আছে। দলটোৱে সৰ্বাধিক ৰান সংগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
-
সূৰ্যকুমাৰ যাদৱেও অৰ্ধশতক অৰ্জন কৰে
২৮টা বলত ৫৪ ৰানৰ ইনিংছ খেলি আউট সূৰ্যকুমাৰ যাদৱ। আগৰ বলত তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰিছিল।
-
১৭ অভাৰৰ অন্তত মুম্বাইৰ ৰান হৈছে ১৭৪
১৭ অভাৰৰ অন্তত মুম্বাইৰ ৰান হৈছে ১৭৪ । ৫ টা উইকেটৰ পতন । সূৰ্যকুমাৰে ৪৮ ৰান সংগ্ৰহ কৰি থকাৰ লগতে নমন ধীৰে ১১ ৰান কৰি আছে ।
-
কেপ্তেইন পাণ্ডিয়া আউট
১৫৭ ৰানত ৫ম উইকেট হেৰুৱাইছে মুম্বাই ইণ্ডিয়ানছে। এইবাৰ আউট হৈছে অধিনায়ক হাৰ্দিক পাণ্ডিয়া। তেওঁ ৭টা বলত মাত্ৰ ৫ ৰান সংগ্ৰহ কৰে।
-
চতুৰ্থটো বিপৰ্যয়ৰ সন্মুখীন হ’ল মুম্বাই ইণ্ডিয়ানছ
মুম্বাই ইণ্ডিয়ানছেও ১৩৭ ৰানত চতুৰ্থ উইকেট হেৰুৱাইছে। ৫টা বলত ৬ ৰানৰ ইনিংছ খেলি আউট হৈছে তিলক ভাৰ্মা।
-
উইল জেকছ আউট
মুম্বাই ইণ্ডিয়ানছেও ১১৬ ৰান সংগ্ৰহ কৰি তৃতীয়টো উইকেট হেৰুৱাইছে। ২১টা বলত ২৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিল উইল জেকছ।
-
দুটা উইকেটৰ পতন
১০ অভাৰৰ অন্তত মুম্বাইৰ ৰান ১০৫ । দুটা উইকেটৰ পতন । ৩২ টা বলত ৫৮ ৰান কৰি আউট ৰিকেলটন ।
-
৮৫ ৰান সংগ্ৰহ মুম্বাই ইণ্ডিয়ানছৰ
৮ অভাৰৰ অন্তত ৮৫ ৰান সংগ্ৰহ মুম্বাই ইণ্ডিয়ানছৰ । এটা উইকেটৰ পতন । ৰিকেলটনৰ-৫৭(৩০) , জেকছ-১৫(১৪) ।
-
মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো আঘাত
৩৩ ৰানত প্ৰথম উইকেট হেৰুৱাইছে মুম্বাই ইণ্ডিয়ানছ। ৫টা বলত ১২ ৰান সংগ্ৰহ কৰি আউট হৈছে ৰোহিত শৰ্মা। এই উইকেট লাভ কৰিছে আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতি অহা মায়ংক যাদৱে।
-
প্ৰথম অভাৰত বলিং কৰে মায়ংক যাদৱে
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ বলিং আৰম্ভ কৰে দ্ৰুত বলাৰ মায়ংক যাদৱে। এই ছিজনত তেওঁৰ এইখন প্ৰথম মেচ। প্ৰথম অভাৰত তেওঁ মাত্ৰ ৬ ৰানহে সংগ্ৰহ কৰে মুম্বাইয়ে ।
-
মুম্বাই ইণ্ডিয়ানছ খেলা মূল একাদশ
ৰিয়ান ৰিকেলটন (উইকেটকীপাৰ), ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, কৰ্বিন বছ, ট্ৰেণ্ট বল্ট, দীপক চহৰ, কৰ্ণ শৰ্মা।
ইমপেক্ট খেলুৱৈ: যশপ্ৰীত বুমৰাহ, ৰাজ বাৱা, সত্যনাৰায়ণ ৰাজু, ৰবিন মিঞ্জ, ৰিচ টপলি।
-
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ মূল একাদশ
আইডেন মাৰ্কৰাম, মিচেল মাৰ্ছ, নিকোলাছ পুৰাণ, ঋষভ পন্ট (উইকেটকীপাৰ আৰু অধিনায়ক), আব্দুল ছামাদ, আয়ুষ বদোনী, দিগবেশ সিং ৰাথী, ৰবি বিষ্ণোই, আবেশ খান, প্ৰিন্স যাদৱ, মায়ংক যাদৱ।
ইমপেক্ট প্লেয়াৰ: ডেভিদ মিলাৰ, শ্বাহবাজ আহমেদ, হিম্মত সিং, যুৱৰাজ চৌধুৰী, আকাশ মহাৰাজ সিং।
-
মায়ংক যাদৱৰ খেলাৰ সুযোগ
লক্ষ্ণৌ ছুপাৰ জায়েন্টছে এই মেচত পৰিৱৰ্তন কৰিছে। শাৰদুল ঠাকুৰৰ ঠাইত খেলিব মায়ংক যাদৱে। আঘাতৰ পিছত প্ৰথমখন মেচ খেলিবলৈ ওলাইছে শাৰদুল ঠাকুৰে।
-
টছত জয়ী লক্ষ্ণৌ
লক্ষ্ণৌয়ে প্ৰথম টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । মুম্বাই কৰিব বেটিং ।
-
এম আই বনাম এল এছ জি: হেড টু হেড ৰেকৰ্ড
আই পি এলত মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত ৭খন খেল অনুষ্ঠিত হৈছে। এই সময়ছোৱাত লক্ষ্ণৌৱে ৬খন খেলত জয়লাভ কৰিছে আৰু মুম্বাইয়ে মাত্ৰ এখন খেলত জয়লাভ কৰিছে। অৰ্থাৎ এতিয়ালৈকে লক্ষ্ণৌৰ দলটোৱে আধিপত্য বিস্তাৰ কৰি আছে।
Published On - Apr 27,2025 3:02 PM