শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

MI vs RCB Live Score, IPL 2025: ঘৰৰ মাটিতো উদ্ধাৰ নহ’ল মুম্বাইৰঃ ক্ৰুনালৰ ‘লাষ্ট অভাৰ’ চমকেৰে ৱাংখেড়েত ব্যৰ্থতা দূৰ আৰচিবিৰ

Mumbai Indians vs Royal Challengers Bengaluru Live Score in Assamese: আন এক পৰাজয়েৰে ব্যৰ্থতাৰ হতাশাজনক দৌৰ অব্যাহত ৰাখিলে মুম্বাই ইণ্ডিয়ানছে। এইবাৰ ঘৰৰ মাটিতো পৰাজয়ৰ সন্মুখীন হৈছে দলটো। মেচৰ মাজভাগত পৰাজয়ৰ শংকাত ভোগাৰ পিছতো দুৰন্ত প্ৰত্যাৱৰ্তনেৰে ১২ ৰানত জয়লাভ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।

monjit-dutta
Monjit Dutta | Updated On: 07 Apr 2025 23:33 PM
MI vs RCB Live Score, IPL 2025: ঘৰৰ মাটিতো উদ্ধাৰ নহ’ল মুম্বাইৰঃ ক্ৰুনালৰ ‘লাষ্ট অভাৰ’ চমকেৰে ৱাংখেড়েত ব্যৰ্থতা দূৰ আৰচিবিৰ
আজি মুম্বাই বনাম বাংগালুৰুৰ যুঁজ

হতাশাজনক প্ৰদৰ্শনেৰে আই পি এল ২০২৫ৰ আৰম্ভণি কৰাৰ পিছত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিপক্ষে অৱতীৰ্ণ হ’বলৈ সাজু হৈছে মুম্বাই ইণ্ডিয়ানছ। নিজৰ ঘৰুৱা খেলপথাৰ ৱাংখেড়েত আজি মুম্বাইয়ে সুযোগ লাভ কৰিব শক্তি প্ৰদৰ্শনৰ। এইপৰ্যন্ত চাৰিখন মেচৰ ভিতৰত তিনিখনতে পৰাস্ত হৈ সম্প্ৰতি পইণ্ট তালিকাৰ অষ্টম স্থানত আছে মুম্বাই। একমাত্ৰ ৱাংখেড়েত খেলা মেচখনতহে দলটোৱে এতিয়ালৈকে জয়ৰ মুখ দেখিছে। গতিকে আজি ঘৰৰ মাটিত পুনৰ জয়ৰ ধাৰালৈ উভতাৰ লক্ষ্যৰে বাংগালুৰুৰ বিপক্ষে যুঁজিব দলটোৱে। ইফালে ১০ বছৰৰ মূৰত ৱাংখেড়েত প্ৰথম জয়ৰ সন্ধানত নামিব বাংগালুৰুও। অৱশ্যে আঘাতমুক্ত হৈ উভতি অহা বুমৰাহৰ সমুখত আৰচিবিয়ে দিব লাগিব কঠিন পৰীক্ষা।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 07 Apr 2025 11:33 PM (IST)

    অন্তিম অভাৰত ক্ৰুনালৰ চমক, পৰাস্ত মুম্বাই

    ছিজনত হতাশাজনক প্ৰদৰ্শন অব্যাহত আছে মুম্বাই। আজি ঘৰৰ মাটিতে বাংগালুৰুৰ বিপক্ষে ১২ ৰানত পৰাজয় সহিবলগা হৈছে দলটোৱে। এইদৰে পাঁচখন মেচত চতুৰ্থ পৰাজয়ৰ সন্মুখীন হৈছে মুম্বাই। আনহাতে চাৰিখন মেচৰ ভিতৰত আজি তৃতীয় জয় লাভ কৰিছে বাংগালুৰুৱে।

  • 07 Apr 2025 11:22 PM (IST)

    আৰচিবিৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তন

    অন্তিম অভাৰত মুম্বাইক প্ৰয়োজন হৈছিল ১৯ ৰানৰ। কিন্তু অভাৰৰ প্ৰথম দুটা বলত ক্ৰুনালে চেণ্টনাৰ আৰু দীপক চাহাৰক বিদায় দি মেচৰ স্থিতি নিজৰ পক্ষলৈ আনিছে।

  • 07 Apr 2025 11:15 PM (IST)

    অন্ত পৰিল পাণ্ডিয়া শ্ব’

    মাৰমুখী বেটিঙেৰে দলক ক্ৰমাৎ জয়ৰ দিশলৈ আগুৱাই নিয়াৰ চেষ্টা চলাইছিল হাৰ্দিক পাণ্ডিয়াই। কিন্তু হেজেলউডে তেওঁক বিদায় দি মুম্বাইৰ শিবিৰক পুনৰ এবাৰ চিন্তিত কৰি তুলিছে। পাণ্ডিয়াই খেলে মাত্ৰ ১৫টা বলতে ৪২ ৰানৰ বিস্ফোৰক ইনিংছ।

  • 07 Apr 2025 11:11 PM (IST)

    ক্ৰীজ এৰিলে তিলকে

    এক যুঁজাৰু অৰ্ধশতকীয় ইনিংছ খেলি আউট হৈছে তিলক বাৰ্মা। মাত্ৰ ২৯টা বলত ৪টাকৈ ছয় আৰু চাৰিৰে ৫৬ ৰান সংগ্ৰহ কৰি তিলকে ভুৱনেশ্বৰৰ বলত বিদায় লয়।

  • 07 Apr 2025 11:04 PM (IST)

    তিলকৰ অৰ্ধশতক

    মাৰমুখী বেটিঙেৰে মুম্বাইৰ জয়ৰ আশা বৃদ্ধি কৰিছে তিলক বাৰ্মাই। আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা তিলকে মাত্ৰ ২৬টা বলতে নিজৰ অৰ্ধশতক পূৰ কৰিছে।

  • 07 Apr 2025 10:48 PM (IST)

    ৱাংখেড়েত ‘ভাতৃদ্ৰোহ’

    অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ৱাংখেড়েত তুলিছে ছয়-চাৰিৰ লহৰ। হাৰ্দিকৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল জ্যেষ্ঠ ভাতৃ ক্ৰুনালো। একেলগে দুটাকৈ ছয় কোবাই হাৰ্দিকে ক্ৰুনালক শলঠেকত পেলাইছে।

  • 07 Apr 2025 10:36 PM (IST)

    সূৰ্যৰ বিদায়

    জীৱনদান পায়ো সুযোগ গ্ৰহণত ব্যৰ্থ হ’ল সূৰ্যকুমাৰ যাদৱ। ২৬টা বলত মাত্ৰ ২৮ ৰান কৰি সূৰ্যই য়শ দয়ালৰ লত লিভিংষ্ট’নৰ হাতত কেচ দি বিদায় লয়।

  • 07 Apr 2025 10:32 PM (IST)

    জীৱনদান পালে সূৰ্যই

    উইকেট কীপাৰ জিতেশ শৰ্মা আৰু বলাৰ য়শ দয়ালৰ ভুল বুজাবুজিৰ ফলত জীৱনদান পাইছে সূৰ্যকুমাৰ যাদৱে। সূৰ্যই তুলি দিয়া এটা সহজ কেচ দুয়ো একেলগে আয়ত্ব কৰিবলৈ আগবাঢ়ি যায় যদিও পৰস্পৰৰ সৈতে খুন্দা খোৱাত আয়ত্ব কৰাত বিফল হয়।

  • 07 Apr 2025 10:22 PM (IST)

    জেকছৰ উইকেট দখল ক্ৰুনালৰ

    দুই অপেনাৰৰ বিদায়ৰ পিছত উইল জেকছ আৰু সূৰ্যকুমাৰ যাদৱে ক্ৰীজত কিছু দৃঢ়তা দেখুৱাইছিল যদিও ক্ৰুনাল পাণ্ডিয়াই এই যুটি ভংগ কৰিছে। ১৮টা বলত ২২ ৰান কৰি বিদায় লৈছে উইল জেকছে।

  • 07 Apr 2025 09:50 PM (IST)

    ৰিকেল্টনৰো বিদায়

    ৰোহিতৰ পিছত মুম্বাইৰ আনগৰাকী অপেনাৰ ৰিয়ান ৰিকেল্টনো আউট হৈছে। জ’ছ হেজেলউডৰ বলত নিজৰ উইকেট হেৰুৱাইছে ৰিকেল্টনে।

  • 07 Apr 2025 09:39 PM (IST)

    পেভিলিয়নলৈ ৰোহিত

    এক আক্ৰমণাত্মক আৰম্ভণিৰে ফৰ্মৰ ইংগিত দিলেও ব্যৰ্থ হৈছে ৰোহিত শৰ্মা। ৯টা বলত ১৭ ৰান সংগ্ৰহ কৰি আউট হৈছে ৰোহিত। য়শ দয়ালে বিদায় দিছে তাৰকা খেলুৱৈগৰাকীক।

  • 07 Apr 2025 09:31 PM (IST)

    ক্ৰীজত ৰোহিত-ৰিকেল্টন, প্ৰথম বলতে ভুৱিৰ চমক

    মুম্বাইৰ হৈ ইনিংছ আৰম্ভ কৰিছে ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে। আনহাতে ভুৱনেশ্বৰ কুমাৰে বলিং আৰম্ভ কৰি প্ৰথমটো বলতে এক দৰ্শনীয় ছুইঙেৰে ৰোহিতক প্ৰায় সমস্যাত পেলাইছিল।

  • 07 Apr 2025 09:17 PM (IST)

    মুম্বাইক প্ৰয়োজন ২২২ ৰানৰ

    ৱাংখেড়েত বিস্ফোৰক বেটিঙেৰে বাংগালুৰুৱে ঘৰুৱা দল মুম্বাইৰ বিপক্ষে ২২২ ৰানৰ বৃহৎ লক্ষ্য বান্ধি দিছে। লক্ষণীয়ভাৱে এই মেচত বুমৰাহে প্ৰত্যাৱৰ্তন ঘটাইছিল যদিও প্ৰত্যাৱৰ্তন মেচত তেওঁ উইকেটবিহীন হৈ ৰয়। নিজ স্পেলত ২৯ ৰান খৰচ কৰে বুমৰাহে।

  • 07 Apr 2025 09:11 PM (IST)

    পাটিদাৰক বিদায় দিলে ব’ল্টে

    মাত্ৰ ৩২টা বলত ৫টা চাৰি আৰু ৪টা ছয়েৰে ৬৪ ৰানৰ এক মাৰমুখী ইনিংছ খেলি বিদায় ল’লে অধিনায়ক পাটিদাৰে। ব’ল্টে নিজ স্পেলৰ অন্তিম বলত পাটিদাৰৰ উইকেট দখল কৰে।

  • 07 Apr 2025 09:07 PM (IST)

    ২০০ৰ স্ক’ৰ পাৰ আৰচিবিৰ

    বিধ্বংসী বেটিঙেৰে ৱাংখেড়েত ছয়-চাৰিৰ বৰষুণ তুলিছে ৰজত পাটিদাৰ আৰু জিতেশ শৰ্মাই। দুয়োৰে প্ৰচেষ্টাত ১৮.১ অভাৰত বাংগালুৰুৱে ২০০ ৰানৰ সীমা পাৰ কৰিছে।

  • 07 Apr 2025 08:57 PM (IST)

    পাটিদাৰৰ অৰ্ধশতক

    আক্ৰমণাত্মক বেটিঙেৰে অধিনায়কোচিত ইনিংছ খেলিছে ৰজত পাটিদাৰে। পাণ্ডিয়াৰ বলত এটা বৃহৎ ছয় কোবাই মাত্ৰ ২৫টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰাৰ পিছতে পাটিদাৰে পৰৱৰ্তী দুটা বলতো এটা চাৰি আৰু ছয় কোবায়।

  • 07 Apr 2025 08:45 PM (IST)

    পাণ্ডিয়াৰ ‘ডাবল উইকেট অভাৰ’

    কোহলীক বিদায় দিয়াৰ পিছত একেটা অভাৰতে দ্বিতীয়টো সফলতা লাভ কৰিছে পাণ্ডিয়াই। মাত্ৰ দুটা বল খেলি কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে বুমৰাহৰ হাতত কেচ তুলি দি ক্ৰীজ এৰিছে লিয়াম লিভিংষ্ট’নে।

  • 07 Apr 2025 08:41 PM (IST)

    পাণ্ডিয়াই বিদায় দিলে কোহলীক

    ৪২টা বলত ৬৭ ৰান সংগ্ৰহ কৰি বিদায় লৈছে বিৰাট কোহলীয়ে। মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বলত বল বাউণ্ডেৰীৰ পাৰ কৰাৰ চেষ্টাত কোহলীয়ে নমন ধীৰৰ হাতত কেচ তুলি দি পেভিলিয়নলৈ উভতে।

  • 07 Apr 2025 08:16 PM (IST)

    কোহলীৰ অৰ্ধশতক, পাড়িক্কাল আউট

    আক্ৰমণাত্মক বেটিং অব্যাহত ৰাখি বিৰাট কোহলীয়ে ২৯টা বলত সম্পূৰ্ণ কৰিছে অৰ্ধশতক। কোহলীৰ অৰ্ধশতকৰ পিছতে ভিগনেশ পুথুৰৰ অভাৰটোৰ অন্তিম বলত নিজৰ উইকেট হেৰুৱাইছে দেৱদত্ত পাড়িক্কালে।

  • 07 Apr 2025 08:00 PM (IST)

    চাহাৰৰ খৰচী অভাৰ

    পাৱাৰ প্লে’ৰ অন্তিমটো অভাৰত ২০ ৰান খৰচ কৰে দীপকা চাহাৰে। অভাৰটোত পাড়িক্কালে দুটা ছয়ৰ লগতে এটা চাৰিও কোবায়। এইদৰে প্ৰথম পাৱাৰ প্লে’ৰ সামৰণিলৈ বাংগালুৰুৱে ১টা উইকেট হেৰুৱাই ৭৩ ৰান সংগ্ৰহ কৰিছে।

  • 07 Apr 2025 07:55 PM (IST)

    কোহলীৰ আক্ৰমণাত্মক আৰম্ভণি

    অপেনিং সতীৰ্থ ছল্টে বিদায় ল’লেও আক্ৰমণাত্মক আৰম্ভণি কৰিছে বিৰাট কোহলীয়ে। আনকি বুমৰাহৰ প্ৰথমটো বলৰ সন্মুখীন হৈয়ে এটা ছয় কোবায় তেওঁ। এইদৰে মাত্ৰ ১৮ বলতে কোহলীয়ে সংগ্ৰহ কৰিছে ৩৫ ৰান।

  • 07 Apr 2025 07:35 PM (IST)

    দ্বিতীয় বলতে উইকেট

    প্ৰথম বলত ছল্টৰ বেটৰ পৰা এটা দৰ্শনীয় চাৰি আৰু পৰৱৰ্তী বলতে ব’ল্টৰ এক নিখুঁত বলে কৰে ষ্টাম্পত আঘাত। এইদৰে ইনিংছৰ দ্বিতীয় বলতে ছল্টক বিদায় দি ব’ল্টে মুম্বাইক দিছে সফলতা।

  • 07 Apr 2025 07:31 PM (IST)

    ক্ৰীজত ছল্ট-কোহলী, ব’ল্টৰ হাতত বল

    বাংগালুৰুৰ হৈ ইনিংছ মুকলি কৰিছে ফিল ছল্ট আৰু বিৰাট কোহলীয়ে। আনহাতে হাতত নতুন বল লৈ মুম্বাইৰ হৈ বলিং আৰম্ভ কৰিছে ট্ৰেণ্ট ব’ল্টে।

  • 07 Apr 2025 07:29 PM (IST)

    দুয়ো দলৰ পূৰ্বৰ প্ৰদৰ্শন

    আই পি এলত মুম্বাই ইণ্ডিয়াঞ্চ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ৩৩ বাৰ মুখামুখি হৈছে। এই সময়ছোৱাত মুম্বাই ১৯ খন খেলত জয়ী হোৱাৰ বিপৰীতে ১৪ খনত জয়লাভ কৰিছে বাংগালুৰুৱে।

  • 07 Apr 2025 07:18 PM (IST)

    বাংগালুৰুৰ মূল একাদশ

    ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশত থাকিব- ফিলিপ ছল্ট, বিৰাট কোহলী, দেৱদত্ত পাড়িকাল ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা, টিম ডেভিড, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জ’ছ হেজলউড, যশ দয়াল।

  • 07 Apr 2025 07:17 PM (IST)

    মুম্বাইৰ মূল একাদশ

    অৱশেষত আঘাতমুক্ত হৈ আজি দললৈ উভতি আহিছে যশপ্ৰীত বুমৰাহ। তেওঁৰ কান্ধত স্বাভাৱিকতেই আজি থাকিব গধুৰ দায়িত্ব। আঘাতৰ বাবে শেহতীয়া মেচ খেলিব নোৱাৰা ৰোহিতেও আজি ইম্পেক্ট চাবৰ ৰূপত খেলপথাৰত নামিব। দলৰ মূল একাদশ হ’ব এনেধৰণৰ- উইল জেকচ, ৰিয়ান ৰিকেল্টন, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ, ভিগনেশ পুথুৰ।

  • 07 Apr 2025 07:14 PM (IST)

    প্ৰথমে বলিঙৰ সিদ্ধান্ত পাণ্ডিয়াৰ

    ইতিমধ্যে দুয়ো অধিনায়কৰ মাজত টছ হৈ গৈছে। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Published On - Apr 07,2025 7:11 PM