শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

MI vs RCB Predicted Playing XI IPL 2025: ঘূৰাই পাইছে বুমৰাহৰ শক্তি, তথাপি মুম্বাইৰ সমুখত আজি বাধা হ’ব নেকি ‘পাণ্ডিয়া’!

Mumbai Indians vs Royal Challengers Bengaluru Preview: ৱাংখেড়েৰ গেলাৰী ভৰ্তি ক্ৰিকেট অনুৰাগীৰ সমুখত আজি প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰতিযোগিতাৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দল মুম্বাই ইণ্ডিয়ানছ আৰু প্ৰতিযোগিতাত এবাৰো শ্ৰেষ্ঠত্ব দখল কৰিব নোৱাৰিলেও অন্যতম জনপ্ৰিয় দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তনে আজি স্বাভাৱিকতেই শক্তি বৃদ্ধি কৰিব মুম্বাইৰ।

MI vs RCB Predicted Playing XI IPL 2025: ঘূৰাই পাইছে বুমৰাহৰ শক্তি, তথাপি মুম্বাইৰ সমুখত আজি বাধা হ’ব নেকি ‘পাণ্ডিয়া’!
আজি মুখামুখি হ’ব MI আৰু RCB
monjit-dutta
Monjit Dutta | Published: 07 Apr 2025 17:02 PM

আজি অনুষ্ঠিত হ’ব আই পি এলৰ ২০ সংখ্যক মেচ। ৱাংখেড়েৰ গেলাৰী ভৰ্তি ক্ৰিকেট অনুৰাগীৰ সমুখত আজি প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰতিযোগিতাৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দল মুম্বাই ইণ্ডিয়ানছ আৰু প্ৰতিযোগিতাত এবাৰো শ্ৰেষ্ঠত্ব দখল কৰিব নোৱাৰিলেও অন্যতম জনপ্ৰিয় দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। ইতিহাসৰ শ্ৰেষ্ঠ দল হ’লেও অৱশ্যে এইবাৰ প্ৰদৰ্শন সন্তোষজনক নহয় মুম্বাইৰ। চাৰিখন মেচৰ ভিতৰত তিনিখনতে পৰাজয়েৰে মুম্বাই সম্প্ৰতি পইণ্ট তালিকাৰ অষ্টম স্থানত আছে। একমাত্ৰ কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষেহে জয়ী হৈছে দলটো।

ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথম দুখন মেচত জয়ী হোৱাৰ পিছত শেহতীয়া মেচখনত পৰাজয়ৰ সন্মুখীন হৈছিল। সম্প্ৰতি পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে দলটো। আজি বাংগালুৰুৱে মুম্বাইৰ ঘৰুৱা খেলপথাৰত খেলিব লাগিব। এনে পৰিস্থিতিত দলটো কিছু চাপত থাকিব। তদুপৰি আঘাতমুক্ত হৈ উভতি অহা যশপ্ৰীত বুমৰাহে আজি মুম্বাইৰ মূল একাদশত থাকিব পাৰে।

বুমৰাহৰ আগমনে স্বাভাৱিকতেই শক্তি বৃদ্ধি কৰিব মুম্বাইৰ। ব’ল্টৰ সৈতে বুমৰাহৰ সন্মিলিত পেচ আক্ৰমণে বাংগালুৰুৰ বেটিং বিভাগক তীব্ৰ প্ৰত্যাহ্বান আগবঢ়াব। অৱশ্যে বলিঙতকৈ মুম্বাইৰ বেটিং বিভাগহে ব্যৰ্থতাৰ কাৰণ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইফালে অন্তিম মেচখনত আঘাতৰ বাবে বাদ পৰা ৰোহিতে আজিৰ মেচখনত খেলাটো প্ৰায় নিশ্চিত। গতিকে আজি ৱাংখেড়েত ৰোহিত বনাম কোহলীৰ যুঁজ প্ৰত্যক্ষ কৰাৰ সুযোগ পাব অনুৰাগীয়ে।

কোহলী-ৰোহিতৰ লগতে আজিৰ মেচৰ আকৰ্ষণ হ’ব পাণ্ডিয়া ভাতৃদ্বয়ৰ পাৰস্পৰিক যুঁজ। এফালে হাৰ্দিক পাণ্ডিয়াই মুম্বাইৰ নেতৃত্ব বহন কৰাৰ বিপৰীতে ভাতৃ ক্ৰুনাল পাণ্ডিয়া বাংগালুৰুৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হৈছে। ছিজনৰ প্ৰথমখন মেচতে চমকপ্ৰদ বলিঙেৰে মেচৰ শ্ৰেষ্ঠ বিবেচিত হোৱা ক্ৰুনাল পাণ্ডিয়াই আজি ভাতৃ হাৰ্দিক নেতৃত্বাধীন মুম্বাইৰ সমুখতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।

ভুৱনেশ্বৰ-হেজেলউডৰ পেচ যুটি আৰু ছল্ট-কোহলীৰ অপেনিং যুটিৰ লগতে মিদল অৰ্ডাৰত অধিনায়ক পাটিদাৰ, লিভিংষ্টনৰ যুটি বাংগালুৰুৰ প্ৰধান শক্তি হ’ব। কিন্তু বুমৰাহ আৰু ব’ল্টৰ পেচ আক্ৰমণৰ সমুখত বাংগালুৰুৰ বেটিং বিভাগে যে যথেষ্ট পৰিশ্ৰম কৰিব লাগিব সেয়া নিশ্চিত। চাওঁ আহক আজিৰ মেচত দুয়োটা দলৰ সম্ভাৱ্য একাদশ-

মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ ৰোহিত শৰ্মা, উইল জেকছ, ৰিয়ান ৰিকেল্টন, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, ৰাজ বাৱা, মিচেল চেণ্টনাৰ, দীপক চাহাৰ/অশ্বনী কুমাৰ, যশপ্ৰীত বুমৰাহ, ট্ৰেণ্ট ব’ল্ট, ভিগনেশ পুথুৰ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ ফিলিপ ছল্ট, বিৰাট কোহলী, দেৱদত্ত পাড়িকাল ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা, টিম ডেভিড, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জ’ছ হেজলউড, যশ দয়াল, সুয়শ শৰ্মা।