শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

MI vs SRH Live Score, IPL 2025: ঘৰৰ মাটিত নিজামী আক্ৰমণ প্ৰতিহত হাৰ্দিকৰ ‘পল্টন’ৰঃ পুনৰ পৰাজয়ৰ পথত হায়দৰাবাদ

Mumbai Indians vs Sunrisers Hyderabad Live Score in Assamese: জয়ৰ ধাৰালৈ উভতিছে মুম্বাই ইণ্ডিয়ানছ। ব্যৰ্থতা দূৰ কৰি বিগত মেচত দিল্লীক পৰাস্ত কৰাৰ পিছত আজি হায়দৰাবাদক ৫ উইকেটত পৰাস্ত কৰি মুম্বাইয়ে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাইছে।

monjit-dutta
Monjit Dutta | Updated On: 17 Apr 2025 23:29 PM
MI vs SRH Live Score, IPL 2025: ঘৰৰ মাটিত নিজামী আক্ৰমণ প্ৰতিহত হাৰ্দিকৰ ‘পল্টন’ৰঃ পুনৰ পৰাজয়ৰ পথত হায়দৰাবাদ
আজি মুম্বাই-হায়দৰাবাদৰ যুঁজ

ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে আই পি এলৰ আজিৰ মেচৰ বাবে। অনুৰাগীৰ এই অপেক্ষাৰ আঁৰত আছে এক বিশেষ উৎকণ্ঠা। কিয়নো মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত মুখামুখি হ’ব এই সংস্কৰণৰ অন্যতম শক্তিশালী বলিং আক্ৰমণেৰে সমৃদ্ধ মুম্বাই ইণ্ডিয়ানছ আৰু আটাইতকৈ আক্ৰমণাত্মক বেটিং শৈলীৰ বাবে পৰিচিত দল ছানৰাইজাৰ্ছ হায়দৰাবাদ। দুয়োটা দলেই এই ছিজনত এতিয়ালৈকে ছয়খনকৈ মেচত অংশ লৈ মাত্ৰ দুখনকৈ মেচতহে জয়লাভ কৰিছে আৰু এনে প্ৰদৰ্শনৰ পৰিণতিত মুম্বাই পইণ্ট তালিকাৰ সপ্তম স্থানত থকাৰ বিপৰীতে হায়দৰাবাদ আছে নৱম স্থানত। দুয়োটা দলে নিজৰ শেহতীয়া মেচত জয়লাভ কৰি প্ৰত্যাৱৰ্তনৰ আশা দেখুৱাইছে। সেয়ে আজিৰ মেচখন অত্যন্ত আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 17 Apr 2025 11:27 PM (IST)

    ক্ৰমাগত দ্বিতীয় জয় মুম্বাইৰ

    ছিজনত প্ৰাৰম্ভিক বিপৰ্যয় নেওচি শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ক্ৰমাগত দ্বিতীয় বিজয় সাব্যস্ত কৰিছে মুম্বাই ইণ্ডিয়ানছে। জয়ৰ বাবে মাত্ৰ ১ ৰানৰ প্ৰয়োজনৰ সময়ত দুটাকৈ উইকেট হেৰুৱালেও তিলক বাৰ্মাই এটা চাৰি কোবাই মুম্বাইক ৫ উইকেটত জয়ৰ সোৱাদ দিয়ে। এই জয়েৰে মুম্বায়ে পূৰ্বৰ স্থানতে অটুট থাকিলেও ৰান ৰেট কিছু উন্নত কৰে। আনহাতে বিগত মেচত পৰাজয়ৰ ধাৰা অন্ত পেলাই জয় লাভ কৰিলেও পুনৰ এবাৰ পৰাজয় সহিব লগা হৈছে হায়দৰাবাদে।

  • 17 Apr 2025 11:16 PM (IST)

    পতন আন এক উইকেটৰ

    জয়ৰ বাবে মাত্ৰ ১ ৰানৰ প্ৰয়োজন হোৱাৰ সময়ত মুম্বাই ইণ্ডিয়ানছে হেৰুৱাইছে দুটাকৈ উইকেট। প্ৰথমে পাণ্ডিয়াৰ পিছত এইবাৰ নমন ধীৰকো পেভিলিয়নৰ পথ দেখুৱাইছে মালিঙ্গাই।

  • 17 Apr 2025 11:13 PM (IST)

    পাণ্ডিয়াৰ বিদায়

    মাত্ৰ ১ ৰানৰ প্ৰয়োজনৰ সময়ত বাউণ্ডেৰী কোবাই দলক জয়ৰ সোৱাদ দিয়াৰ চেষ্টা চলাই বিদায় লৈছে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই।

  • 17 Apr 2025 10:55 PM (IST)

    জেকছক বিদায় দিলে কামিন্সে

    অধিনায়ক পেট কামিন্সে দলৰ দিছে প্ৰত্যাৱৰ্তনৰ আশা। যাদৱৰ পিছতে উইলে জেকছকো কামিন্সে দেখুৱাইছে পেভিলিয়নৰ পথ। জেকছে ২৬টা বলত ৩৬ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

  • 17 Apr 2025 10:44 PM (IST)

    সূৰ্যৰ বিদায়

    মুম্বাই ইণ্ডিয়ানছে হেৰুৱাইছে তৃতীয়টো উইকেট। পেট কামিন্সৰ বলত জিশানৰ হাতত কেচ তুলি দি ক্ৰীজ এৰা সূৰ্যই দুটাকৈ চাৰি আৰু ছয়েৰে ১৫টা বলত ২৬ ৰান সংগ্ৰহ কৰে।

  • 17 Apr 2025 10:41 PM (IST)

    জয়ৰ কাষ চাপিছে মুম্বাই

    প্ৰায় জয়ৰ কাষ চাপিছে মুম্বাই ইণ্ডিয়ানছ। হাতত এতিয়াও ৮টা উইকেট বাকী থকা অৱস্থাত দলটোক জয়ৰ বাবে ৪৫টা ৪২ ৰানৰ প্ৰয়োজন।

  • 17 Apr 2025 10:22 PM (IST)

    হৰ্ষলে বিদায় দিলে ৰিকেল্টনক

    সপ্তম অভাৰত ন’ বলৰ বাবে ৰিকেল্টনে জীৱনদান পাইছিল যদিও অষ্টম অভাৰত তেওঁক পেভিলিয়নৰ পথ দেখুৱাইছে হৰ্ষল পেটেলে। ২৩টা বলত ৫টা চাৰিৰে ৰিকেল্টনে সংগ্ৰহ কৰে ৩১ ৰান।

  • 17 Apr 2025 10:15 PM (IST)

    ৰিকেল্টনৰ জীৱনদান

    যুৱ স্পিনাৰ জিশান আনচাৰীৰ হাতলৈ আহিছিল ৰিকেল্টনৰ উইকেট। পিছে উইকেটকীপাৰ হেনৰিখ ক্লাছেনৰ হাতৰ এক সামান্য অংশ ষ্টাম্পৰ পৰা আগবাঢ়ি থকাৰ বাবে থাৰ্ড আম্পায়াৰে ন’ বলৰ সংকেত দিয়ে আৰু এইদৰে ৰক্ষা পৰে ৰিকেল্টন।

  • 17 Apr 2025 10:03 PM (IST)

    ৰিকেল্টনৰ বাউণ্ডেৰীৰ হেট্ৰিক

    ৰোহিতে বিদায় ল’লেও ক্ৰীজত আছে আনগৰাকী অপেনাৰ ৰিকেল্টনে। ক্ৰমাৎ আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা ৰিকেল্টনে এশান মালিংগাই কৰা পাৱাৰ প্লে’ৰ অন্তিম অভাৰত একেলগে তিনিটাকৈ চাৰি কোবায় আৰু দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰায়।

  • 17 Apr 2025 09:53 PM (IST)

    কামিন্সে বিদায় দিলে ৰোহিতক

    আক্ৰমণাত্মক আৰম্ভণিৰে ৰোহিতে ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দিছিল যদিও দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হৈছে। পেট কামিন্সৰ বলত হেডৰ হাতত কেচ দি বিদায় লোৱা ৰোহিতে ১৬টা বলত ২৬ ৰান সংগ্ৰহ কৰে।

  • 17 Apr 2025 09:50 PM (IST)

    ৰোহিতে দিছে ফৰ্ম ঘূৰাৰ ইঙ্গিত

    প্ৰথমকেইখন মেচত ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱা ৰোহিত শৰ্মাই আজি দিছে ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত। এইপৰ্যন্ত ৰোহিতে ১৫টা বলত ৩টা ছয়েৰে ২৬ ৰান সংগ্ৰহ কৰিছে।

  • 17 Apr 2025 09:38 PM (IST)

    ছামিৰ দৃঢ় আৰম্ভণি

    পূৰ্বৰ মেচত ব্যয়বহুল বিবেচিত হ’লেও আজি নিজৰ প্ৰথমটো অভাৰত প্ৰত্যাশিত প্ৰদৰ্শন দাঙি ধৰিছে অভিজ্ঞ পেচাৰ মহম্মদ ছামিয়ে। প্ৰথম অভাৰত ছামিয়ে ব্যয় কৰিছে মাত্ৰ ৩ ৰান।

  • 17 Apr 2025 09:20 PM (IST)

    হায়দৰাবাদৰ সংগ্ৰহ ১৬২ ৰান

    অন্তিম অভাৰত পাণ্ডিয়াৰ বলত অনিকেত বাৰ্মাই দুটা আৰু পেট কামিন্সে এটা ছয় কোবোৱাৰ সুবাদত ১৬২ ৰানৰ এক প্ৰত্যাহ্বানজনক স্ক’ৰ থিয় কৰাবলৈ সক্ষম হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদে। এইদৰে তৃতীয় জয়ৰ সন্ধানত থকা মুম্বাইয়ে লাভ কৰিছে ১৬৩ ৰানৰ লক্ষ্য।

  • 17 Apr 2025 09:10 PM (IST)

    হায়দৰাবাদৰ সুখ কাঢ়িলে বুমৰাহে

    ১৮ সংখ্যক অভাৰত ২১ ৰান সংগ্ৰহেৰে ক্লাছেনে হায়দৰাবাদৰ শিবিৰত আশা দেখুৱাইছিল যদিও ১৯ সংখ্যক অভাৰৰ প্ৰথমটো বলতে এই আশা ভংগ কৰালে যশপ্ৰীত বুমৰাহে। ক্লাছেনৰ বেটৰ পৰা আহে ২৮টা বলত ৩৭ ৰান।

  • 17 Apr 2025 09:07 PM (IST)

    ক্লাছেনৰ আগ্ৰাসী ৰূপ

    হায়দৰাবাদৰ শিবিৰলৈ কিছ সকাহ কঢ়িয়াই আনিছে ক্লাছেনে। দীপক চাহাৰে কৰা ইনিংছৰ ১৮ সংখ্যক অভাৰত দুটাকৈ চাৰি আৰু ছয়েৰে ২১ ৰান সংগ্ৰহ কৰে বিস্ফোৰক বেটাৰগৰাকীয়ে।

  • 17 Apr 2025 09:03 PM (IST)

    ৰেড্ডীক বিদায় দিলে ব’ল্টে

    ইনিংছৰ মন্থৰ গতিৰ অন্ত পেলাই ৰানৰ গতি খৰতকীয়া কৰাৰ চেষ্টাত বিদায় লৈছে নীতিশ কুমাৰ ৰেড্ডীয়ে। ব’ল্টৰ বলত তিলকৰ হাতত কেচ তুলি দি বিদায় লোৱা নীতিশে ২১টা বলত মাত্ৰ ১৯ ৰান সংগ্ৰহ কৰে।

  • 17 Apr 2025 08:56 PM (IST)

    ১৬ অভাৰত সংগ্ৰহ ১১২ ৰান

    আক্ৰমণাত্মক বেটিঙৰ বাবে পৰিচিত হায়দৰাবাদে আজি ৰান সংগ্ৰহৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিবলগা হৈছে। ১৬ অভাৰৰ সমাপ্তিলৈ দলটোৱে ৩টা উইকেটহে হেৰুৱাইছে যদিও মাত্ৰ ১১২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

  • 17 Apr 2025 08:33 PM (IST)

    অৱশেষত হেডৰ বিদায়

    দুবাৰকৈ জীৱনদান পালেই অৱশেষত বিদায় লৈছে ট্ৰেভিছ হেডে। উইল জেকছৰ বলত চেণ্টনাৰৰ হাতত কেচ তুলি দিয়ে হেডে। স্বভাৱসিদ্ধ আক্ৰমণাত্মক শৈলীৰ বিপৰীতে হেডে আজি ২৯ বলত মাত্ৰ ২৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

  • 17 Apr 2025 08:25 PM (IST)

    ন’ বলে ৰক্ষা কৰিলে হেডক

    ২৪ ৰানৰ ব্যক্তিগত স্ক’ৰত পাণ্ডিয়াৰ বলত কেচ তুলি দিছিল ট্ৰেভিছ হেডে। কিন্তু পিছ মুহূৰ্ততে থাৰ্ড আম্পায়াৰে ন’ বলৰ সংকেট দিয়াত তেওঁ ৰক্ষা পৰে। লক্ষণীয়ভাৱে ফ্ৰী হিটতো তেওঁ কোবোৱা শ্বট পুনৰ ফিল্ডাৰৰ হাততে কেচ ৰূপত পৰিছিল।

  • 17 Apr 2025 08:19 PM (IST)

    নিটিকিল কিষাণ

    ছিজনত নিজৰ প্ৰথমখন মেচতে বিস্ফোৰক শতকেৰে উজলিলেও ছন্দ হেৰুৱালে ঈশানে। আজিও মাত্ৰ ২ ৰান সংগ্ৰহ কৰিয়েই উইল জেকছৰ বলত ষ্টাম্পিং আউট হয় বাওঁহতীয়া বেটাৰগৰাকী।

  • 17 Apr 2025 08:14 PM (IST)

    অভিষেকৰ বিদায়

    প্ৰথম বলতে জীৱনদান পোৱাৰ পিছত ইনিংছৰ ৭.৩ অভাৰত ব্যক্তিগত ৪০ ৰানৰ স্ক’ৰত বিদায় লৈছে অভিষেক শৰ্মাই। অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বলত অভিষেকে ৰাজ বাৱাৰ (চাব ফিল্ডাৰ) হাতত কেচ দি আউট হয়।

  • 17 Apr 2025 07:57 PM (IST)

    অভিষেকৰ ‘হেট্ৰিক’

    হাতত বেট লৈ হেট্ৰিক অৰ্জন কৰিছে অভিষেক শৰ্মাই। প্ৰথম বলতে জীৱনদান পোৱা অভিষেকে ইনিংছৰ পঞ্চম অভাৰত দীপক চাহাৰৰ বলত একেলগে তিনিটাকৈ চাৰি কোবাই বাউণ্ডেৰীৰ হেট্ৰিক অৰ্জন কৰে।

  • 17 Apr 2025 07:37 PM (IST)

    এইবাৰ হেডেও পালে জীৱনদান

    প্ৰথম অভাৰতে জীৱনদান পাইছে হায়দৰাবাদৰ দুই অপেনাৰ। অভিষেক শৰ্মাই প্ৰথম বলত জীৱনদান পোৱাৰ পিছত চতুৰ্থ বলত হেডো কোনোমতে ৰক্ষা পৰে। কৰ্ণ শৰ্মাই এক কঠিন কেচ লাভ কৰিছিল যদিও আয়ত্ব কৰিবলৈ সক্ষম নোহোৱাত দ্বিতীয়বাৰৰ বাবে উইকেট দখলৰ পৰা বঞ্চিত হয় দীপক চাহাৰ।

  • 17 Apr 2025 07:33 PM (IST)

    প্ৰথম বলতে জীৱনদান পালে অভিষেকে

    দীপক চাহাৰে কৰা মেচৰ প্ৰথমটো বলতে আক্ৰমণৰ চেষ্টা চলাই শ্লিপত কেচ তুলি দিছিল অভিষেক শৰ্মাই। পিছে উইল জেকছে এই কেচ ড্ৰপ কৰাত জীৱনদান পায় অভিষেকে।

  • 17 Apr 2025 07:19 PM (IST)

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশত থাকিব ৰিয়ান ৰিকেলটন, উইল জেকচ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ আৰু কৰ্ণ শৰ্মা। অৰ্থাৎ ৰোহিত শৰ্মা ইম্পেক্ট চাব হিচাপে খেলপথাৰত নমাটো প্ৰায় নিশ্চিত।

  • 17 Apr 2025 07:17 PM (IST)

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশত দেখা যাব ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাছেন, অনিকেত বাৰ্মা, পেট কামিন্স, হৰ্ষল পেটেল, জিশান আনচাৰী, মহম্মদ ছামি, ঈশান মালিঙ্গাক। আনহাতে দলৰ ইম্পেক্ট চাবৰ তালিকাত আছে অভিনৱ মনোহৰ, জয়দেৱ উনাডকাট, শচীন বেবী, ৰাহুল চাহাৰ, উইয়ান মুল্ডাৰৰ নাম।

  • 17 Apr 2025 07:14 PM (IST)

    পাণ্ডিয়াই ল’লে বলিঙৰ সিদ্ধান্ত

    ঘৰুৱা খেলপথাৰ ৱাংখেড়েৰ পৰিৱেশত সুযোগৰ সদব্যৱহাৰ কৰাৰ আশাৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ প্ৰথমে বেটিং কৰা দেখা যাব বিপজ্জনক হায়দৰাবাদক।

Published On - Apr 17,2025 7:09 PM