MI vs SRH Predicted Playing XI IPL 2025: জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যঃ ৱাংখাড়েত আজি মুম্বাই-হায়দৰাবাদৰ যুঁজ
Mumbai Indians vs Sunrisers Hyderabad Preview: আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। মুম্বাইৰ ঘৰুৱা খেলপথাৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। এইপৰ্যন্ত দুয়োটা দলে ৬খনকৈ মেচ খেলিছে যদিও দুখনকৈ মেচতহে জয়লাভ কৰিছে। দুয়োটা দলেই নিজৰ শেহতীয়া মেচত দেখিছে জয়ৰ মেচ। গতিকে এই মেচখন হৈ পৰিছে দল দুটাৰ বাবে জয়ৰ ধাৰা অব্যাহত ৰখাৰ যুঁজ।

আজি মুখামুখি হ’ব মুম্বাই আৰু হায়দৰাবাদ
আই পি এল ২০২৫ৰ আজি ৩৩ সংখ্যক মেচ। এই মেচখনত আজি মুখামুখি হ’ব পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ২০১৬ ছিজনৰ খিতাপ জয়ী ছানৰাইজাৰ্ছ হায়দৰাবাদ। মুম্বাইৰ ঘৰুৱা খেলপথাৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। অতীত ভাল হ’লেও পিছে চলিত ছিজনত এই দুয়োটা দলৰে প্ৰদৰ্শন অত্যন্ত হতাশাজনক। এইপৰ্যন্ত দুয়োটা দলে ৬খনকৈ মেচ খেলিছে যদিও দুখনকৈ মেচতহে জয়লাভ কৰিছে। এনে প্ৰদৰ্শনৰ ফলত মুম্বাই সম্প্ৰতি পইণ্ট তালিকাৰ সপ্তম স্থানত থকাৰ বিপৰীতে হায়দৰাবাদ আছে পইণ্ট তালিকাৰ নৱম স্থানত। গতিকে প্লে’ অফত স্থান নিশ্চিতকৰণৰ বাবে দুয়োটা দলে যথেষ্ট কষ্ট কৰিব লাগিব।
উল্লেখ্য যে মুম্বায়ে ছিজনত প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পিছত তৃতীয়খন মেচত জয়ৰ সোৱাদ পাইছিল। ইয়াৰ পিছত পুনৰ দুখন মেচত পৰাজিত হয় দলটো। অৱশ্যে শেহতীয়া মেচখনত পুনৰ জয়ৰ সোৱাদ লাভ কৰে মুম্বায়ে। আনহাতে হায়দৰাবাদে প্ৰথমখন মেচত জয়ী হৈ সফল আৰম্ভণি কৰিছিল যদিও ইয়াৰ পিছত একেলগে চাৰিখন মেচত পৰাজয় সহিবলগা হয়। অৱশ্যে মুম্বাইৰ দৰে হায়দৰােও নিজৰ শেহতীয়া মেচখনত দৰ্শনীয় প্ৰদৰ্শনেৰে বিজয় সাব্যস্ত কৰে।
এনে পৰিস্থিতিত আজিৰ মেচখন দুয়োটা দলৰ বাবে হৈ পৰিছে জয়ৰ ধাৰা অব্যাহত ৰখাৰ যুঁজ। এই মেচখনত বিশেষভাৱে দৃষ্টি থাকিব দুই দলৰ অপেনাৰ ক্ৰমে ৰোহিত শৰ্মা আৰু অভিষেক শৰ্মাৰ ওপৰত। মুম্বাইৰ বেটিং ক্ৰমৰ প্ৰধান ভৰসা ৰোহিতে এইপৰ্যন্ত এখনো মেচত আশানুৰূপ প্ৰদৰ্শন আগবঢ়াব পৰা নাই। আনহাতে প্ৰথমকেইখন মেচত ব্যৰ্থ হ’লেও শেহতীয়া মেচখনত স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে মাৰমুখী শতক অৰ্জন কৰিছিল অভিষেকে।
এফালে বিস্ফোৰক বেটিঙৰ বাবে হায়দৰাবাদ যিদৰে পৰিচিত, সেইদৰে মুম্বাই ইণ্ডিয়ানছো এই সংস্কৰণত শক্তিশালী বলিং আক্ৰমণৰ বাবে চৰ্চিত। গতিকে দুয়োটা দলৰ মাজত আজি এক আকৰ্ষণীয় যুঁজৰ আশা কৰিছে অনুৰাগীয়ে। চাওঁ আহক দুয়োটা দলৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাব-
মুম্বাই ইণ্ডিয়ানছঃ ৰোহিত শৰ্মা, ৰিয়ান ৰিকেল্টন, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ, কৰ্ণ শৰ্মা।
ছানৰাইজাৰ্ছ হায়দৰাবাদঃ অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ, নীতিশ ৰেড্ডী, হেনৰিখ ক্লাছেন, অনিকেত বাৰ্মা, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, জিশান আনচাৰী, মহম্মদ ছামি, ঈশান মালিঙ্গা, জয়দেৱ উনাডকাট।