অনুৰাগীৰ আশা ভংগ, ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দেখা নাযাব মহম্মদ ছামিক!
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী প্ৰথম তিনিখন টেষ্টত সুযোগ নাপালেও অন্ততঃ অন্তিম দুখন মেচৰ বাবে মহম্মদ ছামিয়ে ভাৰতীয় শিবিৰত যোগ দিব বুলি আশা কৰা হৈছিল। এই সন্দৰ্ভত শেহতীয়াকৈ ব্যাপক চৰ্চাও হোৱা দেখা গৈছিল। পিছে এতিয়া তেনে সম্ভাৱনা প্ৰায় শূন্য হৈ পৰিছে। ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বিপৰীতে এতিয়া আন এখন প্ৰতিযোগিতাতহে দেখা যাব মহম্মদ ছামিক।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয় টেষ্ট শনিবাৰৰ পৰা ব্ৰিজবেনৰ গাব্বাত আৰম্ভ হৈছে। পাঁচখনীয়া মেচৰ এই শৃংখলাটোত এইপৰ্যন্ত দুয়োটা দলে এখনকৈ মেচত জয়ী হৈছে। আজি গাব্বা টেষ্টৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ সন্মুখত বুমৰাহৰ বাদে নিষ্প্ৰভ হৈ পৰে ভাৰতীয় বলিং লাইন আপ। কেৱল মাত্ৰ বুমৰাহে নিজৰ সুনাম অব্যাহত ৰাখি ৫টা উইকেট দখল কৰে। আন বলাৰকেইগৰাকীৰ যোগ্য সহযোগিতাৰ অভাৱত প্ৰায় অকলশৰীয়া হৈ পৰে বুমৰাহ। এনে পৰিস্থিতিত যেন ভাৰতীয় অনুৰাগীসকলে অনুভৱ কৰে মহম্মদ ছামিৰ অভাৱ!
ভাৰতীয় অনুৰাগীসকলে আশা কৰিছিল, প্ৰথম তিনিখন টেষ্টত সুযোগ নাপালেও অন্ততঃ অন্তিম দুখন মেচৰ বাবে ভাৰতীয় শিবিৰত যোগ দিব ছামিয়ে। এই সন্দৰ্ভত শেহতীয়াকৈ ব্যাপক চৰ্চাও হোৱা দেখা গৈছিল। বিচিচিআই আৰু ৰাষ্ট্ৰীয় ক্ৰিকেটএকাডেমিৰ বিষয়াসকলে ছামিৰ প্ৰদৰ্শন আৰু ফিটনেছ লক্ষ্য কৰি থকা বুলিও খবৰ পোহৰলৈ আহিছিল। সেয়ে ছামিয়ে শীঘ্ৰেই ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়ালৈ উৰা মাৰিব বুলি সকলোৱে আশা কৰিছিল।
কিন্তু এই আশা এতিয়া ভংগৰ পথত। অন্তিম দুখন টেষ্টত মহম্মদ ছামিয়ে ভাৰতীয় দলৰ হৈ খেলাৰ সম্ভাৱনা প্ৰায় শূন্য বুলিয়েই যেন ক’ব পাৰি! গাব্বা টেষ্টৰ সামৰণিৰ পিছত অহা ২৬ ডিচেম্বৰৰ পৰা এই শৃংখলাৰ চতুৰ্থখন টেষ্ট। কিন্তু সেই সময়ত আন এক ক্ৰিকেট প্ৰতিযোগিতাতহে ব্যস্ত থাকিব ছামি। ভাৰতীয় ঘৰুৱা এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীৰ বাবে বংগ দল ঘোষণা কৰা হৈছে আৰু এই দলত স্থান দিয়া হৈছে ছামিক।
শনিবাৰে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলে এই প্ৰতিযোগিতাৰ বাবে দল ঘোষণা কৰে। ঘোষিত এই ২০ জনীয়া দলত ছামিক স্থান দিয়া হৈছে। ছামিৰ লগতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দলত ৰিজাৰ্ভ খেলুৱৈ হিচাপে থকা মুকেশ কুমাৰকো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেয়ে মুকেশো এতিয়া দেশলৈ ঘূৰি আহিছে। এই ঘৰুৱা প্ৰতিযোগিতাখন অহা ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু সেয়ে এতিয়া ছামিৰ অষ্ট্ৰেলিয়া ভ্ৰমণ সন্দিহান হৈ পৰিছে।
উল্লেখ্য যে বিগত বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা আঘাতৰ বাবে জাতীয় দলৰ পৰা বাহিৰত আছে অভিজ্ঞ পেচাৰগৰাকী। দীঘলীয়া সময়ৰ বিৰতিৰ পিছত শেহতীয়াকৈ ৰঞ্জী ট্ৰফীৰ জৰিয়তে ছামিয়ে ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছিল। ইয়াৰ পিছতে ছামিয়ে আজি সামৰণি পৰা ঘৰুৱা টি-২০ প্ৰতিযোগিতা ছৈয়দ মুস্তাক আলী ট্ৰফীতো অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাৰ ৯ খন মেচত ১১টা উইকেটো দখল কৰে ছামিয়ে।
এনে উজ্জীৱিত প্ৰদৰ্শনৰ পিছত ছামিয়ে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ জৰিয়তেই জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাব বুলি আশা কৰা হৈছিল। চতুৰ্থ টেষ্টৰ পূৰ্বে ছামিয়ে ভাৰতীয় দলত যোগ দিব পাৰে বুলি চৰ্চাও চলিছিল। কিন্তু বিজয় হাজাৰে ট্ৰফীৰ বাবে বংগ দলত স্থান লাভৰ পিছত এনে চৰ্চা প্ৰায় ভিত্তিহীন যেনেই হৈ পৰিছে। এতিয়া ছামিৰ আান্তঃৰাষ্ট্ৰীয় প্ৰত্যাৱৰ্তন কেতিয়া ঘটিব, তাৰ অপেক্ষাত ৰ’বলগীয়া হ’ব অনুৰাগীসকল।