শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আই পি এলৰ মাজতে ধোনীয়ে ৰচিলে অনন্য কৃতিত্বঃ ভৰি দিলে এই বিশেষ ক্লাবত…

ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী। টি-২০, এদিনীয়া বিশ্বকাপৰ লগতে তেওঁৰ নেতৃত্বত চেম্পিয়নছ ট্ৰফীও জিনিছে ভাৰতে। আই পি এলতো তেওঁ অন্যতম সফল অধিনায়ক। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালেও এতিয়াও আইপিএল খেলি আছে ধোনীয়ে। এই যাত্ৰাৰ সুবাদতে ধোনীয়ে স্পৰ্শ কৰে নতুন মাইলষ্ট’ন।

আই পি এলৰ মাজতে ধোনীয়ে ৰচিলে অনন্য কৃতিত্বঃ ভৰি দিলে এই বিশেষ ক্লাবত…
ধোনীৰ অনন্য কৃতিত্বImage Credit source: Chennai Super Kings X
monjit-dutta
Monjit Dutta | Published: 26 Apr 2025 22:47 PM

ক্ৰিকেট মানেই অভিলেখ ভঙা-পতাৰ খেল। নিজ নিজ কেৰিয়াৰত প্ৰায় প্ৰতিজন ক্ৰিকেটাৰেই স্পৰ্শ কৰে কোনো বিশেষ মাইলষ্ট’ন। সেয়া অতিক্ৰম কৰি আগুৱাই গৈ পুনৰ স্পৰ্শ কৰে নতুন মাইলষ্ট’ন। ইয়াৰ মাজত থাকে কঠোৰ পৰিশ্ৰম, বহু দূৰ আগুৱাই যোৱাৰ প্ৰত্যাশা আৰু জিলিকি ৰোৱাৰ প্ৰচেষ্টা। ইয়াৰ বাবে প্ৰয়োজন তীব্ৰ হাবিয়াসৰ। সেয়া নাথাকিলে নতুন মাইলষ্ট’ন স্পৰ্শ কৰাৰ বা নতুন অভিলেখ গঢ়াৰ তাগিদাও নাথাকে। এনে হাবিয়াসৰ জোৰতে টি-২০ ক্ৰিকেটত ৪০০ খন মেচ খেলাৰ কৃতিত্ব অৰ্জন কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে। সফলতা-বিফলতা সকলো সাঙুৰি ধোনী আগবাঢ়িছে এই অনন্য যাত্ৰাত।

ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী। টি-২০, এদিনীয়া বিশ্বকাপৰ লগতে তেওঁৰ নেতৃত্বত চেম্পিয়নছ ট্ৰফীও জিনিছে ভাৰতে। আই পি এলতো তেওঁ অন্যতম সফল অধিনায়ক। আই পি এলত পাঁচটাকৈ ট্ৰফী জয়ৰ অভিলেখ ৰচিছে চেন্নাই আৰু মুম্বায়ে। মুম্বাইৰ হৈ পাঁচটা ট্ৰফী জয়ৰ নায়ক হিচাপে যিদৰে সমাদৃত ৰোহিত শৰ্মা, একেদৰে চেন্নায়েও পাঁচটা ট্ৰফী ধোনীৰ নেতৃত্বতেই জয়ী হৈছে।

২০০৭ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল টি-২০ বিশ্বকাপ। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত সেই বিশ্বকাপত ধোনীৰ নেতৃত্বত খেলিছিল এটা নতুন দলে। টি-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণতেই চেম্পিয়ন হৈছিল ভাৰত। তাৰ পিছত দীৰ্ঘসময়ৰ মূৰকত বিগত বৰ্ষত ভাৰতে টি-২০ বিশ্বকাপৰ ট্ৰফী জয় কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালেও এতিয়াও আইপিএল খেলি আছে ধোনীয়ে। এই যাত্ৰাৰ সুবাদতে ধোনীয়ে স্পৰ্শ কৰে নতুন মাইলষ্ট’ন।

এই দীঘলীয়া কেৰিয়াৰত ভাৰতীয় দল আৰু ফ্ৰেন্সাইজি ক্ৰিকেটৰ দ্বাৰা ৪০০ টি-২০ মেচ খেলিছে ধোনীয়ে। দেশৰ হৈ এবাৰ টি-২০ বিশ্বকাপ আৰু আইপিএলত পাঁচবাৰ খিতাপ জয়ৰ সোৱাদো লাভ কৰিছে। অৱশ্যে ৪০০ মেচৰ এই উপলক্ষ সুখকৰ নহ’ল মাহিৰ। চেপ’কত হায়দৰাবাদৰ বিৰুদ্ধে নামিছিল চেন্নাই। পিছে ঘৰুৱা খেলপথাৰতো দলটো পৰাজয়ৰ সন্মুখীন হয়।

ভাৰতীয় ক্ৰিকেটত টি-২০ ফৰ্মেটত ধোনীৰ আগে-পাছে আছে আঙুলিৰ মূৰত লেখিব পৰা কেইজনমান খেলুৱৈ। ভাৰতীয় ক্ৰিকেটাৰৰ মাজত সৰ্বাধিক টি-২০ মেচ খেলাৰ অভিলেখ আছে ৰোহিত শৰ্মাৰ। দেশৰ হৈ, আইপিএল, চেম্পিয়নছ লীগ সকলো মিলি এই ফৰ্মেটত ৪৫৬ খন মেচ খেলিছে হিটমেনে। এইবাৰো মুম্বাই ইণ্ডিয়ানছৰ সদস্য ৰোহিত। গতিকে তেওঁৰ এই মেচৰ সংখ্যা আৰু বৃদ্ধি পাব ।

ৰোহিতৰ পাছতেই তালিকাত আছে দীনেশ কাৰ্তিক। তেওঁ টি-২০ ফৰ্মেটত খেলিছে ৪১২ খন মেচ। ইয়াৰ পাছতেই আছে কোহলীৰ নাম। আৰচিবিৰ তাৰকাগৰাকীয়ে যোৱা টি-২০ বিশ্বকাপ জয়ৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় টি-২০ ক বিদায় জনায়। কিন্তু আইপিএলত এতিয়াও খেলি আছে কোহলীয়ে। এইদৰে বৰ্তমানলৈকে ৪০৮ খন মেচ খেলিছে বিৰাটে। এতিয়া ধোনীৰ অন্তৰ্ভুক্তি ঘটিছে এই বিশেষ ক্লাবত।