12 May 2024 10:01 AM
মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগী দেশৰ বিভিন্ন প্ৰান্ততে আছে। এবাৰ তেওঁক ওচৰৰ পৰা চোৱাৰ অনুৰাগীসকলৰ থাকে আশা। আইপিএলতো দেখা যায় ধোনীৰ অনুৰাগী। কেতিয়াবা তেওঁৰ অনুৰাগীয়ে যিকোনো কামেই কৰিবলৈ সাজু থাকে। (ফটো: পিটিআই)
কেতিয়াবা অনুৰাগীয়ে আই পি এলৰ খেলৰ সময়ত খেলপথাৰত প্ৰৱেশ কৰি নিজৰ প্ৰিয় খেলুৱৈগৰাকীক স্পৰ্শ কৰি চোৱাৰ চেষ্টা কৰে। যাৰ বাবে তেওঁ বিপদৰ সন্মুখীন হ'ব লগাও হয়।(ফটো: পিটিআই)
১০ মে’ শুকুৰবাৰে আহমেদাবাদত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হোৱা মেচখনত ধোনি বেটিং কৰিবলৈ অহাৰ সময়ত শেষৰ অভাৰত এজন অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰি ধোনীৰ ভৰি স্পৰ্শ কৰে। তাৰ পাছত ধোনীয়ে অনুৰাগীজনক হাতেৰে উঠাই দিয়ে। (ফটো: পিটিআই)
লগে লগে খেলপথাৰৰ নিৰাপত্তাৰক্ষী আহি লোকজনক উলিয়াই লৈ যায়। জানিব পৰা মতে আহমেদাবাদ আৰক্ষীয়ে ১১ মে'ত অনুৰাগীজনক গ্ৰেপ্তাৰ কৰি আইপিচিৰ ৪৪৭ ধাৰাত গোচৰ ৰুজু কৰিছে। (ফটো: পিটিআই)
তথ্য় অনুসৰি গুজৰাটৰ ভৱনগৰ নিবাসী ২১ বছৰীয়া কলেজীয়া ছাত্ৰ জয়কুৰ জানি ভাতৃৰ সৈতে খেলখন চাবলৈ আহিছিল। তেওঁৱেই খেলপথাৰত গৈ ধোনীক ভৰি চুই প্ৰণাম কৰিছিল। (ফটো: পিটিআই)