শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ধোনীৰ লগত অন্যায়! চেন্নাইৰ পৰাজয়ৰ পিছতে ক্ষোভত জ্বলিছে অনুৰাগী…

পঞ্জাৱ কিংছৰ হাতত চেন্নাইৰ পৰাজয়ৰ পিছতে সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতিৰ। এই সমগ্ৰ উত্তেজনাৰ কেন্দ্ৰবিন্দুত আছে মহেন্দ্ৰ সিং ধোনীৰ সৈতে জড়িত ন’ বল। চিএছকেৰ ইনিংছৰ ১৮ অভাৰত খেলৰ সময়ত সংঘটিত হৈছে এই ঘটনা।

ধোনীৰ লগত অন্যায়! চেন্নাইৰ পৰাজয়ৰ পিছতে ক্ষোভত জ্বলিছে অনুৰাগী…
১২টা বলত ২৭ ৰান সংগ্ৰহ ধোনীৰImage Credit source: PTI
trishna-kalita
Trishna Kalita | Updated On: 09 Apr 2025 12:42 PM

৮ এপ্ৰিলত ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হোৱা মেচত পঞ্জাৱ কিংছে চেন্নাই ছুপাৰ কিংছক ১৮ ৰানত পৰাস্ত কৰে। চেন্নাইৰ পৰাজয়ৰ পিছত এতিয়া আৰম্ভ হৈছে বিশৃংখলতা। এই বিতৰ্ক হৈছে এটা ন’ বল বিতৰ্কক লৈ, যাৰ কেন্দ্ৰত আছে মহেন্দ্ৰ সিং ধোনী। মেচখনত ধোনীয়ে ২২৫ ষ্ট্ৰাইক ৰেটত ১২টা বলত ২৭ ৰান সংগ্ৰহ কৰে।৫ নম্বৰত বেটিং কৰিবলৈ অহা ধোনীয়ে এই মেচত চিএছকেৰ হৈ সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ বেটছমেন হিচাপে পৰিগণিত হয়। কিন্তু, তেওঁৰ বিস্ফোৰক ইনিংছৰ সময়ত যি ঘটিছিল, সেইটোৱে আইপিএলৰ আয়োজকসকলক কাঠগড়াত থিয় কৰাইছে। ক্ষোভেৰে ভৰি পৰিছে চিএছকেৰ অনুৰাগী।

কেতিয়া সংঘটিত হ’ল ন’ বল কাণ্ড?

এতিয়া প্ৰশ্ন হয়, ন’ বলৰ কথাটো কি? মেচখনৰ সময়ত এই ঘটনা সংঘটিত হৈছিল চিএছকেৰ ইনিংছৰ ১৮ অভাৰৰ শেষ বলত। লকি ফাৰ্গুচনৰ অভাৰৰ সেই হাই ফুল টছ বলত ধোনীয়ে ছয় মাৰিছিল। ফিল্ড আম্পায়াৰে সেই বলটোক ন’ বল ঘোষণা কৰিছিল, তাৰ পিছত সিদ্ধান্ত তৃতীয় আম্পায়াৰৰ ক’ৰ্টলৈ গৈছিল।

ধোনীৰ লগত অন্যায়!

তৃতীয় আম্পায়াৰে কাৰিকৰীভাৱে বলৰ উচ্চতা আৰু ধোনীৰ কঁকালৰ উচ্চতা পৰীক্ষা কৰি তাৰ পিছত বলটো বৈধ হিচাপে পায়। অৰ্থাৎ সেইটো কোনো ন’ বল নাছিল। তৃতীয় আম্পায়াৰে বলটো ধোনীৰ কঁকালৰ উচ্চতা ১.০১ মিটাৰ (০.৯৮ মিটাৰ) তলত থকা বুলি বিবেচনা কৰে। ফলত ফিল্ড আম্পায়াৰে নিজৰ সিদ্ধান্ত সলনি কৰিবলগীয়া হ’ল।

কিন্তু, চি এছ কেৰ অনুৰাগীয়ে এই কথা হজম কৰিব নোৱাৰিলে। এই সন্দৰ্ভত তেওঁ ছ’চিয়েল মিডিয়াত আইপিএলৰ আয়োজকসকলৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।  CSKৰ অনুৰাগীৰ মতে সেই বলটো আছিল স্পষ্ট ন’ বল। আনকি এজন অনুৰাগীয়ে ইয়াক ২০২৫ চনৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী বুলিও অভিহিত কৰে। যেতিয়া  ন’ বল দিয়া হোৱা নাছিল।CSKৰ অনুৰাগীৰ এই সকলোবোৰ মতামত আহিছিল মুফাদ্দাল ভোহৰাই নিজৰ এক্স হেণ্ডেলত দিয়া পোষ্টটোৰ ওপৰত।

ইফালে আইপিএলত দুয়োটা দলৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে পঞ্জাৱ কিংছে এতিয়ালৈকে খেলা ৪ খন মেচৰ ভিতৰত ৩খনত জয়লাভ কৰিছে। আনহাতে চেন্নাই ছুপাৰ কিংছে ৫খন মেচত এখনত জয় লাভ কৰিছে।