সফল হৈও ব্যৰ্থ হ’ল ৰজত পাটিদাৰঃ ছৈয়দ মুস্তাক আলী ট্ৰফী জয় মুম্বাইৰ

ভাৰতৰ ঘৰুৱা টি-২০ ক্ৰিকেট লীগ ছৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীৰ খিতাপ জয় কৰিছে তাৰকা সমৃদ্ধ মুম্বাই ক্ৰিকেট দলে। আজি প্ৰতিযোগিতাৰ ফাইনেলত মধ্যপ্ৰদেশক ৫ উইকেটত পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা শ্ৰেয়স আয়াৰৰ নেতৃত্বত মুম্বাইয়ে অৰ্জন কৰে শ্ৰেষ্ঠত্ব।

সফল হৈও ব্যৰ্থ হ’ল ৰজত পাটিদাৰঃ ছৈয়দ মুস্তাক আলী ট্ৰফী জয় মুম্বাইৰ

ছৈয়দ মুস্তাক আলী ট্ৰফী জয় মুম্বাইৰ

Published: 

15 Dec 2024 21:58 PM

ঘৰুৱা ক্ৰিকেটত নিজৰ আধিপত্য অব্যাহত ৰাখি মুম্বাইয়ে আন এক সাফল্য লাভ কৰিছে। ভাৰতৰ ঘৰুৱা টি-২০ ক্ৰিকেট লীগ ছৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীৰ খিতাপ জয় কৰিছে তাৰকা সমৃদ্ধ মুম্বাই ক্ৰিকেট দলে। আজি প্ৰতিযোগিতাৰ ফাইনেলত মধ্যপ্ৰদেশক ৫ উইকেটত পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা শ্ৰেয়স আয়াৰৰ নেতৃত্বত মুম্বাইয়ে অৰ্জন কৰে শ্ৰেষ্ঠত্ব। বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত মধ্যপ্ৰদেশে দিয়া ১৭৫ ৰানৰ লক্ষ্য মাত্ৰ ১৮ অভাৰতে অতিক্ৰম কৰি মুম্বাইয়ে দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰিছে।

মেচখনত প্ৰথমে বেটিং কৰি মধ্য প্ৰদেশে ৮ উইকেট হেৰুৱাই ১৭৪ ৰান সংগ্ৰহ কৰিছিল। প্ৰাৰম্ভিক বিপৰ্যয় নেওচি অধিনায়ক ৰজত পাটিদাৰৰ বিস্ফোৰক বেটিঙেৰে এই স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল মধ্য প্ৰদেশে। মুম্বাইৰ নিয়ন্ত্ৰিত বলিঙত দলটোৱে ইনিংছৰ ৯ নৱম অভাৰত মাত্ৰ ৫৪ ৰানতে ৪টা উইকেট হেৰুৱাইছিল। ইয়াৰ পিছত আশা কৰাৰ দৰেই ৰজত পাটিদাৰে অধিনায়কোচিত বেটিঙেৰে আগুৱাই নিয়ে দলৰ ইনিংছ।

প্ৰতিযোগিতা নিজৰ পঞ্চমটো অৰ্ধশতকৰ ৰূপত পাটিদাৰে অপৰাজিত ৮১ ৰান সংগ্ৰহ কৰে। তেওঁৰ এই মাত্ৰ ৮০ বলৰ ইনিছটোত কোবায় ৬টাকৈ ছয় আৰু চাৰি। তেওঁৰ বাদে শুব্ৰাংশু সেনাপতিয়ে ২৩, ভেংকটেশ আয়াৰে ১৭ আৰু ৰাহুল বাথামে ১৯ ৰানৰ অৱদান আগবঢ়ায়। ইফালে মুম্বাইৰ হৈ ৰয়ষ্টন ডিয়াছ আৰু শ্বাৰ্দুল ঠাকুৰেদুটা আৰু অথৰ্ৱ আনকোলেকাৰ, শিৱম ডুবে আৰু সূৰ্যাংশ শ্বেডগেই এটাকৈ উইকেই লাভ কৰে।

ইফালে এই ১৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰা মুম্বাইৰো আৰম্ভণি সুখকৰ নাছিল। দলীয় স্ক’ৰ ১৫ ৰানত অপেনাৰ পৃথ্বী শ্ব’ৰ উইকেট হেৰুওৱাৰ পিছত ৪৭ ৰানত হেৰুৱায় অধিনায়ক শ্ৰেয়স আয়াৰৰ উইকেট। ইয়াৰ পিছত অৱশ্যে ফৰ্মত থকা অভিজ্ঞ তাৰকা ৰাহানে আৰু ভাৰতীয় দলৰ টি-২০ অধিনায়ক সূৰ্যকুমাৰে দলৰ ইনিংছ আগবঢ়াই নিয়ে। দলৰ ৯৯ ৰানত পতন ঘটে ৰাহানে (৩৭) উইকেট।

আনহাতে যাদৱৰ বেটৰ পৰা আহে সৰ্বাধিক ৪৮ ৰান। ব্যৰ্থ হয় ডুবে (৯)। ১২৯ ৰানত যাদৱৰ উইকেট পতনৰ পিছত মধ্য প্ৰদেশৰ বাবে কিছু আশাৰ সঞ্চাৰ হৈছিল যদিও সূৰ্যাংশ আৰু অথৰ্ৱই এই আশা ভংগ কৰি আৰু কোনো হানি ঘটিবলৈ নিদি দুটা অভাৰ বাকী থকা অৱস্থাতে দলক বিজয়ৰ সোৱাদ দিয়ে। বিস্ফোৰক বেটিঙেৰে সূৰ্যাংশই মাত্ৰ ১৫টা বলতে তিনিটাকৈ ছয় আৰু চাৰিৰে ৩৬ ৰানত অপৰাজিত থকাৰ বিপৰীতে অথৰ্ৱই ৬ বলত ১৬ ৰান কৰি অপৰাজিত হৈ ৰয়।

অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে সূৰ্যাংশ মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। আনহাতে সমগ্ৰ প্ৰতিযোগিতাখনত দৰ্শনীয় বেটিঙেৰে মুম্বাইৰ এই জয়ৰ অন্যতম প্ৰদান নায়ক ৰাহানে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। ৰাহানেই এই প্ৰতিযোগিতাখনত ৯খন মেচৰ ৮টা ইনিংছত ৫টা অৰ্ধশতসহ ৫৮.৬২ গড়ে আৰু ১৬৪.৫৬ ষ্ট্ৰোইক ৰেটেৰে সৰ্বাধিক ৪৬৯ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ ১০০ টকাৰ মূল্য কানাডাত কিমান হয় জানেনে?
শীতকালত বহু স্বাস্থ্যজনিত সমস্যাৰ সমাধান কেঁচা হালধি! এইদৰে ব্যৱহাৰ কৰক
শীতকালত ‘দেহৰ বন্ধু’ কমলা? কমলাৰ গুণৰ বিষয়ে জানিলে উপকৃত হ’ব আপুনি
বছৰৰ শেষৰ পূৰ্ণিমাৰ দিনা ভাগ্য ফুলিব এই ৪ ৰাশিৰ, বৃদ্ধি হ'ব ধন-সম্পত্তি, সুখ-শান্তি