মুম্বাইৰ শিবিৰলৈ সকাহৰ খবৰঃ সুস্থ হৈ উঠিছে বুমৰাহ, দেখা যাব নেকি আজিৰ মেচত!
আজি ছিজনত নিজৰ চতুৰ্থখন মেচত মুম্বাই ইণ্ডিয়ানছ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মুখামুখি হ’ব। এই মেচখনৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছ দল তথা অনুৰাগীৰ বাবে আহিছে এক সকাহৰ খবৰ। দলটোৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ আঘাত মুক্ত হৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে বুলি প্ৰতিবেদন প্ৰকাশ পাইছে।

প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে বুমৰাহ
বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছ। ২০০৮ চনৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত এইপৰ্যন্ত ৫ বাৰ খিতাপ জয় কৰিছে মুম্বাইয়ে। পিছে এই সাফল্যৰ পিছতো বিগত ছিজনত পইণ্ট তালিকাৰ অন্তিম স্থানতে সন্তুষ্ট থাকিবলগা হৈছিল ফ্ৰেন্সাইজিটো। এইবাৰো মুম্বাইৰ আৰম্ভণি আছিল অত্যন্ত নিৰাশাজনক। প্ৰথম দুয়োখন মেচতে পৰাজয় সহিবলগা হৈছিল দলটোৱে। অৱশ্যে তৃতীয়খন মেচত কলকাতাৰ বিপক্ষে দৰ্শনীয় জয়েৰে মুম্বাইয়ে প্ৰত্যাৱৰ্তনৰ ইংগিত দিছে।
আজি ছিজনত নিজৰ চতুৰ্থখন মেচত মুম্বাই ইণ্ডিয়ানছ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মুখামুখি হ’ব। এই মেচখনৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছ দল তথা অনুৰাগীৰ বাবে আহিছে এক সকাহৰ খবৰ। দলটোৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ আঘাত মুক্ত হৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে বুলি প্ৰতিবেদন প্ৰকাশ পাইছে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত পিঠিত আঘাত পোৱাৰ পিছৰে পৰা খেলপথাৰৰ পৰা আঁতৰি আছে ভাৰতীয় দলৰ তাৰকা পেচাৰগৰাকী।
এই আঘাতৰ বাবে তেওঁ চেম্পিয়নছ ট্ৰফীতো খেলিব পৰা নাছিল। তেতিয়াৰ পৰাই বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ চিকিৎসা দলৰ তত্বাৱধানত বুমৰাহে নিজকে সুস্থ কৰি তোলাৰ চেষ্টা চলাই আহিছে। শেহতীয়াকৈ বুমৰাহক বাংগালুৰুস্থিত চেণ্টাৰ অৱ এক্সেলেন্সত বলিং কৰাও দেখা গৈছিল। ই এছ পি এন-ক্ৰিচিনফ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে বুমৰাহ এতিয়া ফিটনেছ টেষ্টৰ অন্তিম ৰাউণ্ডৰ ওচৰ চাপিছে।
আগন্তুক কেইদিনমানৰ ভিতৰত চি অ’ ইত তেওঁৰ ফিটনেছ টেষ্ট হ’ব। ইয়াৰ পিছতে অতি সোনকালেই বুমৰাহে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত যোগ দিব বুলি অনুমান কৰা হৈছে। অৰ্থাৎ আজি লক্ষ্ণৌৰ বিপক্ষে মেচতো বুমৰাহক দেখা পোৱা নাযাব। আজিৰ মেচখনৰ লগতে তেওঁ ৯ এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিপক্ষে হ’বলগা মুম্বাইৰ পৰৱৰ্তী মেচতো অংশ ল’ব পৰাৰ আশা ক্ষীণ।
এনে পৰিস্থিতিত ১৩ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে মেচত বুমৰাহক দেখা পোৱা যাব বুলি আশা কৰা হৈছে। যদি এই মেচতো নহয়, তেতিয়া ১৭ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মেচৰ জৰিয়তে প্ৰত্যাৱৰ্তন ঘটাব পাৰে তাৰকা পেচাৰগৰাকীয়ে। বুমৰাহৰ অনুপস্থিতিত ট্ৰেণ্ট ব’ল্ট আৰু দীপক চাহাৰৰ লগতে মুম্বাইৰ মূল দলত দেখা গৈছে যুৱ পেচাৰ অশ্বনী কুমাৰ আৰু সত্যনাৰায়ণ ৰাজুক। এতিয়া বুমৰাহৰ প্ৰত্যাৱৰ্তনে মুম্বাইৰ বলিং আক্ৰমণ স্বাভাৱিকতেই অধিক শক্তিশালী কৰি তুলিব।