শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰঞ্জীত চমক উপক্ষিত শ্বাৰ্দুলৰঃ এইবাৰ হেট্ৰিকেৰে নিৰ্বাচকলৈ দিলে ফৰ্মৰ ইংগিত

শেহতীয়া কিছুদিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত আছে পেচ বলিং অলৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰ। লগতে আগন্তুক ছিজনৰ বাবে অনুষ্ঠিত হৈ যোৱা আই পি এলৰ মেগা নিলামতো উপেক্ষিত হৈ ৰয় তাৰকাগৰাকী। পিছে এই উপেক্ষাৰ পিছত খেলপথাৰত ক্ৰমাৎ অধিক উজলি উঠিছে শ্বাৰ্দুল। ৰঞ্জীত বেটিং-বলিং উভয় দিশতে শ্বাৰ্দুলে দিছে অনন্য ফৰ্মৰ উমান।

ৰঞ্জীত চমক উপক্ষিত শ্বাৰ্দুলৰঃ এইবাৰ হেট্ৰিকেৰে নিৰ্বাচকলৈ দিলে ফৰ্মৰ ইংগিত
ৰঞ্জীত উজলিছে শ্বাৰ্দুল
monjit-dutta
Monjit Dutta | Published: 30 Jan 2025 16:10 PM

শেহতীয়া কিছুদিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত আছে পেচ বলিং অলৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰ। লগতে আগন্তুক ছিজনৰ বাবে অনুষ্ঠিত হৈ যোৱা আই পি এলৰ মেগা নিলামতো উপেক্ষিত হৈ ৰয় তাৰকাগৰাকী। শ্বাৰ্দুলৰ বাবে নিলামত নিবিদা আগবঢ়োৱাৰ পৰা বিৰত থাকে প্ৰতিটো দল। পিছে এই উপেক্ষাৰ পিছত খেলপথাৰত ক্ৰমাৎ অধিক উজলি উঠিছে শ্বাৰ্দুল। নিজৰ প্ৰদৰ্শনেৰে শ্বাৰ্দুলে বিগত কিছুদিন ধৰি সংবাদ শিৰোনাম দখল কৰিছে। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক প্ৰদৰ্শনেৰে শ্বাৰ্দুল হৈ পৰিছে মুম্বাই ক্ৰিকেট দলৰ গুৰুত্বপূৰ্ণ সদস্য।

এইবাৰ ৰঞ্জী ট্ৰফীত পুনৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে শ্বাৰ্দুলে। যোৱা ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চলিত ৰঞ্জী ছিজনৰ দ্বিতীয়াৰ্ধত শ্বাৰ্দুলে দাঙি ধৰিছে চমপ্ৰদ প্ৰদৰ্শন। জম্মু-কাশ্মীৰৰ বিৰুদ্ধে বিগত মেচখনত মুম্বাই দলৰ সামগ্ৰিক ব্যৰ্ততাৰ মাজতো জিলিকি উঠিছিল শ্বাৰ্দুল ঠাকুৰ। মেচখনত প্ৰথম ইনিংছত অৰ্ধশতক আৰু দ্বিতীয় ইনিংছত শতক অৰ্জন কৰিছিল অলৰাউণ্ডাৰগৰাকী। বেটিঙৰ পিছত এইবাৰ শ্বাৰ্দুলে বলিঙেৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। মেঘালয়ৰ বিৰুদ্ধে ঘাতক বলিঙেৰে চৰ্চালৈ আহিছে শ্বাৰ্দুল।

আজিৰ পৰা  মেঘালয়ৰ বিৰুদ্ধে আাৰম্ভ হৈছে মুম্বাইৰ এই গ্ৰুপ মেচ। মেচখনত মেঘালয়ে শ্বাৰ্দুলৰ বিধ্বংসী বলিঙৰ সমুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ৮৬ ৰানতে ইনিংছ সামৰে। শ্বাৰ্দুলে দুৰ্দান্ত বলিঙেৰে হেট্ৰিকসহ ৪টা উইকেট দখল কৰে। এইদৰে ৰঞ্জী ট্ৰফীত মুম্বাইৰ হৈ হেট্ৰিক কৰা মাত্ৰ পঞ্চমজন বলাৰ হিচাপে পৰিগণিত হয় শ্বাৰ্দুল ঠাকুৰ। মুম্বাইৰ শাৰদ পাৱাৰ ক্ৰিকেট একাডেমীত অনুষ্ঠিত হৈছে এই মেচখন।

মুম্বাইৰ অধিনায়ক আজিংক্য ৰাহানেই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অভাৰৰ চতুৰ্থ বলতে নিশান্ত চক্ৰৱৰ্তীৰ উইকেট দখল কৰি মেঘালয়ক প্ৰথমটো আঘাত দিয়ে শ্বাৰ্দুলে। ইয়াৰ পিছতে ইনিংছৰ তৃতীয় অভাৰত শ্বাৰ্দুল হৈ পৰে অধিক ভয়াৱহ। অভাৰৰ প্ৰথম ৩টা বলত শ্বাৰ্দুলে ১ ৰান খৰচ কৰিছিল। তাৰ পাছতে চতুর্থ, পঞ্চম আৰু ষষ্ঠ বলত ধাৰাবাহিকভাৱে তিনিটা উইকেট দখল কৰি হেট্ৰিক সম্পূর্ণ কৰে।

শ্বাৰ্দুলৰ এই বলিং তাণ্ডৱৰ ফলতে মাত্ৰ ২ ৰানতে মেঘালয়ে হেৰুৱায় ৫টা উইকেট। এনে ব্যৰ্থতাৰ পৰা কোনোমতে মেঘালয়ে পুনৰ মূৰ তুলিবলৈ সক্ষম নহ’ল আৰু ৮৬ ৰানত ইনিংছ সামৰে। শ্বাৰ্দুলে ১১ অভাৰত ৪৩ ৰান খৰচ কৰি ৪টা উইকেট দখল কৰে। এনে প্ৰদৰ্শনেৰ শ্বাৰ্দুলৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ পথ পুনৰ মুকলি হ’ব বুলি আশা কৰিছে অনুৰাগীয়ে। জুনত ইংলেণ্ডৰ বিপক্ষে হ’বলগীয়া টেষ্ট শৃংখলাত শ্বাৰ্দুলে স্থান পাব পাৰে বুলিও চৰ্চা আৰম্ভ হৈছে।