ইতিহাস ৰচি ‘৯০০ ক্লাৱ’ত ৰোনাল্ডোঃ ফুটবল ইতিহাসত ৰচিলে অনন্য অভিলেখ
যোৱা নিশা নেচন লীগৰ এখন মেচত ক্ৰ’ৱেচিয়াক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে পৰ্তুগালে। পৰ্তুগালৰ এই জয়ত দলৰ অধিনায়ক তথা ফুটবল ইতিহাসৰে অন্যতম এগৰাকী শ্ৰেষ্ঠ তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মেচখনত এটা গ’ল স্ক’ৰ কৰি ফুটবল ইতিহাসত এন অনন্য অভিলেখ ৰচে ৰোনাল্ডোৱে।
![ইতিহাস ৰচি ‘৯০০ ক্লাৱ’ত ৰোনাল্ডোঃ ফুটবল ইতিহাসত ৰচিলে অনন্য অভিলেখ ইতিহাস ৰচি ‘৯০০ ক্লাৱ’ত ৰোনাল্ডোঃ ফুটবল ইতিহাসত ৰচিলে অনন্য অভিলেখ](https://images.assamtv9.com/uploads/2024/09/Cristiano-Ronaldo.jpg?w=1280)
ফুটবল বিশ্ব পুনৰ এবাৰ নিমজ্জিত হৈছে ফুটবলৰ অনন্য কলা উপভোগত। বিশ্বজুৰি থকা ফুটবলৰ অলেখ অযুত অনুৰাগীৰ উৎকণ্ঠাৰ অৱসান ঘটাই আৰম্ভ হৈছে নেচন লীগ। যোৱা নিশা প্ৰতিযোগিতাৰ এখন মেচত সন্মুখীন হৈছিল পৰ্তুগাল আৰু ক্ৰ’ৱেচিয়াৰ। মেচখনত পৰ্তুগালে ক্ৰ’ৱেচিয়াক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। পৰ্তুগালৰ এই জয়ত দলৰ অধিনায়ক তথা ফুটবল ইতিহাসৰে অন্যতম এগৰাকী শ্ৰেষ্ঠ তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ডিয়েগো ডালটে দলক প্ৰথমটো গ’লৰ অগ্ৰগতি দিয়াৰ পিছত ৰোনাল্ডোৱে ৩৪ মিনিটত আন এটা গ’ল দি অগ্ৰগতি শক্তিশালী কৰে।
এই গ’লটোৰ জৰিয়তে ৰোনাল্ডোৱে ফুটবল ইতিহাসত এক নতুন অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰিছে। ক্লাব আৰু নিজ দেশৰ হৈ ৰোনাল্ডোৱে কেৰিয়াৰত সম্পূৰ্ণ কৰিছে ৯০০ গ’লৰ সংখ্যা। এই কৃতিত্ব অৰ্জন কৰা ফুটবল বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ক্রিষ্টিয়ানো ৰোনাল্ডো। এই ঐতিহাসিক সাফল্য অৰ্জনৰ পিছতে ৰোনাল্ডোৱে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া।
নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ৰোনাল্ডোৱে তেওঁৰ ফুটবল যাত্ৰাৰ এটা সৰু ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰে। এই ভিডিঅ’টো শ্বেয়াৰ কৰি ৰোনাল্ডোৱে বিশ্বজুৰি থকা তেওঁৰ সকলো অনুৰাগীক ধন্যবাদ জনায়। ভিডিঅ’টোত ৰোনাল্ডোৱে লগতে এই সপোন তেওঁ বহুদিনৰ পৰা দেখি আহিছিল আৰু এতিয়া এই সপোন পূৰণ হৈছে বুলি উল্লেখ কৰে।
এই সপোন পূৰ হ’লেও আৰু কিছু সপোন পূৰণ কৰিবলৈ বাকী আছে বুলিও তেওঁ লগতে মন্তব্য কৰে। এছ’চিয়েটেড প্ৰেছক দিয়া এক সাক্ষাৎকাৰত ৰোনাল্ডোৱে কয় যে এই অভিলেখৰ লক্ষ্যত উপনীত হ’বলৈ তেওঁ বহুদিনৰ পৰা অপেক্ষা কৰি আছিল। এই ঐতিহাসিক সংখ্যাত উপনীত হ’ব বুলি তেওঁ সম্পূৰ্ণ আত্মবিশ্বাসী আছিল আৰু এই মাইলষ্ট’ন স্পৰ্শ যথেষ্ট আৱেগিক বুলি ৰোনাল্ডোৱে লগতে কয়।
উল্লেখ্য যে সম্প্ৰতি তাৰকা ফুটবলাৰগৰাকীয়ে জাতীয় দলৰ লগতে ক্লাব ফুটবলত চৌদি প্ৰ’ লীগৰ ক্লাব আল নাছাৰক প্ৰতিনিধিত্ব কৰি আহিছে। ৩৯ বছৰ বয়সতো ফুটবল ফিল্ডত নিজৰ অসামান্য প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে ৰোনাল্ডোৱে। আন্তঃৰাষ্ট্ৰীয় আৰু ক্লাব কেৰিয়াৰত ৯০০টা গ’ল স্ক’ৰেৰে ফুটবলৰ ইতিহাসত সৰ্বাধিক গ’ল স্ক’ৰাৰ হিচাপে পৰিগণিত হৈছে তাৰকাগৰাকী।
একেদৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলতো ৰোনাল্ডো ১৩১টা গ’লেৰে শীৰ্ষত আছে। ২০০২ চনত কেৰিয়াৰ আৰম্ভ কৰা ৰোনাল্ডোৱে এইপৰ্যন্ত ৰিয়েল মাদ্রিদৰ হৈ ৪৫৮টা গ’ল, মানচেষ্টাৰ ইউনাইটেডৰ হৈ ১৪৫টা গ’ল, জুভেন্টাছৰ হৈ ১০১টা গ’ল আৰু আল নাছাৰৰ হৈ ৬৮টা গ’ল দিছে৷ তদুপৰি তেওঁৰ কেৰিয়াৰ আৰম্ভ হোৱা পৰ্তুগীজ ক্লাব স্প’ৰ্টিং লিছবনৰ হৈ ৫টা গ’ল দিছে ৰোনাল্ডোৱে।
আনহাতে ফুটবল ইতিহাসৰ আন এগৰাকী মহাতাৰকা তথা যোৱা দুটা দশক ধৰি ৰোনাল্ডোৰ দৰেই খেলপথাৰত চমক সৃষ্টি কৰি থকা আৰ্জেণ্টাইন তাৰকা লিঅ’নেল মেছি এই তালিকাত দ্বিতীয় স্থানত আছে। লিঅ’নেল মেছিয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ক্লাব কেৰিয়াৰত মুঠ ৮৫৯টা গ’ল স্ক’ৰ কৰিছে।
![এইসকল লোকে আমলখি খালে হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি! সবিশেষ জানক… এইসকল লোকে আমলখি খালে হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি! সবিশেষ জানক…...](https://images.assamtv9.com/uploads/2024/12/gooseberryyyy.webp?w=400)
![KBC 16: মোৰ ওচৰত পইচা নহ’লে জয়াৰ পৰা বিচাৰিছোঁ… কৌন বনেগা কৰোড়পতিৰ মঞ্চত অমিতাভ বচ্চনে ক’লে এইদৰে KBC 16: মোৰ ওচৰত পইচা নহ’লে জয়াৰ পৰা বিচাৰিছোঁ… কৌন বনেগা কৰোড়পতিৰ মঞ্চত অমিতাভ বচ্চনে ক’লে এইদৰে...](https://images.assamtv9.com/uploads/2024/12/jaya_bachchan_amitabh_bachchan_25_12_2024_1280_720.webp?w=400)
![কোটিপতি হ’ব বিচাৰে নেকি? নতুন বৰ্ষত এই সূত্ৰৰে আৰম্ভ কৰক বিনিয়োগ যাত্ৰা! কোটিপতি হ’ব বিচাৰে নেকি? নতুন বৰ্ষত এই সূত্ৰৰে আৰম্ভ কৰক বিনিয়োগ যাত্ৰা!...](https://images.assamtv9.com/uploads/2024/12/Image-2024-12-26T150010.550.jpg?w=400)
![কনষ্টাছক খুন্দা মৰাৰ ফল ভুগিলে কোহলীয়েঃ সন্মুখীন হ’ল এনে শাস্তিৰ… কনষ্টাছক খুন্দা মৰাৰ ফল ভুগিলে কোহলীয়েঃ সন্মুখীন হ’ল এনে শাস্তিৰ…...](https://images.assamtv9.com/uploads/2024/12/Virat-kohli-vs-Sam-Konstas.jpg?w=400)