ক্ৰিকেটৰ ধাৰাভাষ্যত নতুন ধাৰা, কবিতাৰ ছন্দৰে মেচৰ বৰ্ণনা দিয়া সেই বিশেষ কণ্ঠ
দীৰ্ঘদিন ধৰি ভাৰতীয় ক্ৰিকেটৰ কমেন্টেৰী কৰি আহিছে সিদ্ধুৱে । মাজতে অৱশ্যে আঁতৰি গৈছিল । বিৰতিৰ পাছত কমেন্টেৰী বক্সলৈ ঘূৰি আহোতেও তেওঁৰ শৈলী সলনি হোৱা নাছিল । বৰঞ্চ ক্ৰিকেটাৰ এজনে যেনেকৈ নিজৰ খেলত বৈচিত্ৰ্য আনে, তেনেকৈ সিদ্ধুৱে ধাৰাভাষ্যত নিজৰ নাম উজলাবলৈ চেষ্টা কৰে ।

দেশত এতিয়া আই পি এলৰ জোৱাৰ । বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজী লিগত খেল পথাৰত দেখা গৈছে বিশ্বৰ নামী-দামী ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি উদীয়মান ক্ৰিকেটাৰলৈ সকলোৰে মাজত বেট-বলৰ যুঁজ । খেলুৱৈৰ প্ৰদৰ্শনৰ ওপৰত তীক্ষ্ণ নজৰ দৰ্শকৰ । আলিয়ে-গলিয়ে, হোৱাটছএপ গ্ৰুপ অথবা ভাৰ্চুৱেল আড্ডাতো আই পি এলৰেই চৰ্চা । কোনো খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিলে তাক লৈ আলোচনা আৰু বেয়া খেলিলে সমালোচনা । ক্ৰিকেটপ্ৰেমীয়ে খেলখন কেৱল নাচায়, শুনেও ।
খেলপথাৰত প্ৰৱেশ কৰি খেল উপভোগৰ সুবিধা পালে বেলেগ কথা । নহ’লে এসমত বহুতেই খেলৰ ধাৰাভাষ্য শুনিছিল । সেই ধাৰাভাষ্য শুনিলে চকুৰ আগত ভাঁহি উঠিছিল মেচৰ দৃশ্য । সময়ৰ লগে লগে সলনি হৈছে মাধ্যম । ড্ৰয়িং ৰূমত টেলিভিশনতেই খেল উপভোগ কৰে অনেকেই । শুনে ধাৰাভাষ্যও । নানা তথ্য জানিব পাৰি ।
খেলৰ ধাৰাভাষ্যৰ ক্ষেত্ৰতো আহিছে পৰিৱৰ্তন । এসময়ত মেচৰ মাজতেই সীমাবদ্ধ আছিল ধাৰাভাষ্য । কোনো খেলুৱৈৰ উত্থানক লৈ আলোচনা, কৌশলৰ বিশ্লেষণ, ফিল্ড প্লেছমেন্টৰ বিশ্লেষণ, দুৰ্দান্ত কোনো শ্বট বিশ্লেষণ বাবে গুৰু-গম্ভীৰ শব্দৰ ব্যৱহাৰ এইবোৰেই । আকৌ কোনোবা ক্ৰিকেটাৰ বাৰে বাৰে একেধৰণে আউট হ’লে তেওঁ নানা পৰামৰ্শ দিয়ে কমেন্টেৰী বক্সত থকা প্ৰাক্তনসকলে ।
এতিয়া তেনে নহয় নেকি? নিশ্চয় হয় । লগতে থাকে পুৰণি দিনৰ নানা গল্প । ড্ৰেছিংৰূমৰ নজনা অনেক কথা বৰ্ণনা কৰে প্ৰাক্তনসকলে । তেওঁলোকৰ সময়ৰ দলৰ কোনো স্মৰণীয় মুহূৰ্ত, কিম্বা ঘটনা । ক্ৰিকেট প্ৰেমীৰ দৰেই আড্ডা হয় কমেন্টেৰী বক্সত । কেৱল সেয়াই নে? পুৰণা সতীৰ্থ থাকিলে ধেমালি কৰিবলৈও নেৰে । বিভিন্ন পৰিৱৰ্তন দেখা গৈছে । আগতে মুষ্টিমেয় ভাষাত ধাৰাভাষ্য আছিল । ইংৰাজী আৰু হিন্দী প্ৰধান ভাষা । তাতেই বেছি গুৰুত্ব থাকে । নৱজোত সিং সিদ্ধুৱে এক বিপ্লৱ কঢ়িয়াই আনিছে এই ক্ষেত্ৰত ।
দীৰ্ঘদিন ধৰি ভাৰতীয় ক্ৰিকেটৰ কমেন্টেৰী কৰি আহিছে সিদ্ধুৱে । মাজতে অৱশ্যে আঁতৰি গৈছিল । সেই বিষয়ে এতিয়া নাপাতো বাৰু । বিৰতিৰ পাছত কমেন্টেৰী বক্সলৈ ঘূৰি আহোতেও তেওঁৰ শৈলী সলনি হোৱা নাছিল । বৰঞ্চ ক্ৰিকেটাৰ এজনে যেনেকৈ নিজৰ খেলত বৈচিত্ৰ্য আনে, তেনেকৈ সিদ্ধুৱে ধাৰাভাষ্যত নিজৰ নাম উজলাবলৈ চেষ্টা কৰে । এয়া সকলোৱে ভাল পায় বুলি ক’ব নোৱাৰি । বহুতে এতিয়াও ইংৰাজী ধাৰাভাষ্যৰ সৈতে অধিক অভ্যস্ত । বহুতে অৱশ্যে সুযোগ পালে নিজৰ ভাষাত ধাৰাভাষ্য শুনে ।
বাকীবোৰতকৈ সিদ্ধু কিয় ব্যতিক্ৰম ?
ধৰি লওক অভাৰ শেষ । আন কিছুমানে হয়তো ক’ব, “এই অভাৰ শেষ, বা এই বলাৰৰ স্পেল শেষ, মই বিৰতিৰ পিছত ঘূৰি আহিম!” কিন্তু সিদ্ধুৰ ক্ষেত্ৰত অভাৰৰ শেষত সেই ‘খাট্টাক’ শুনিলে হাঁহি উঠে দৰ্শকৰ । প্ৰথমবাৰৰ বাবে শুনি কোনোবাই হয়তো ভাবিছিল যে সেইটো বন্দুকৰ গুলীৰ শব্দ নে দুৱাৰ বন্ধ হোৱাৰ শব্দ! এয়া মাত্ৰ এটা উদাহৰণ । তেওঁ ধাৰাভাষ্যকো কবিতাৰ স্তৰলৈ লৈ গৈছে । তেওঁ খেলৰ পৰিস্থিতি ছন্দৰে বৰ্ণনা কৰে । ক্ৰিকেট কমেণ্ট্ৰী নে কোনো অডিঅ’ ষ্ট’ৰী অনুষ্ঠান কেতিয়াবা ধৰিবই নোৱাৰিব ।
ট্ৰেণ্ডত থাকিব লাগিব… সেইটোৱেই নিয়ম! সিদ্ধুৰ লগত খোজ মিলাবলৈ বাকীবোৰো যেন শ্বায়েৰ হৈ পৰিছে । যিটো বহু ক্ৰিকেট অনুৰাগীৰ বাবেও বিৰক্তিৰ উৎস হৈ পৰিছে । বহুতে ছ’চিয়েল মিডিয়াত ব’ৰ্ডলৈ বাৰ্তা প্ৰেৰণো কৰিছে । ক্ৰিকেটৰ পৰা গুৰুত্ব আঁতৰাই অনাৰ লগতে কবিতাৰ সমাৱেশ অনুষ্ঠিত হোৱাৰ অভিযোগো উত্থাপন হৈছে । ছচিয়েল মিডিয়াত বিয়পি পৰিছে বিভিন্ন মিম । কিন্তু সেই ‘খাট্টাক’! আলোচনা হওক বা সমালোচনা হওক, সিদ্ধুৰ শব্দতো সকলোৰে ওঁঠত ওলায় ।
প্ৰতিবেদন- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা