5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Neeraj Chopra: কেনেকৈ জেভলীন থ্ৰ’ খেলৰ প্ৰতি আকৰ্ষিত হৈছিল নীৰজ চোপ্ৰা, জানক তেওঁৰ ক্ৰীড়াজগতৰ যাত্ৰাৰ বিষয়ে…

এছিয়ান গেমছ ২০১৮-ত, নীৰজ চোপ্ৰা আৰু অৰশদ নাদিমক একেলগে পোডিয়ামত দেখা গৈছিল, য'ত নীৰজে স্বৰ্ণ জয় কৰিছিল। ইয়াৰ পিছত, টকিঅ' অলিম্পিকত তেওঁলোক দুয়োৰে যুটি আটাইতকৈ বেছি মনোযোগ আকৰ্ষণ কৰিছিল। এইবাৰ পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰাৰ।

Neeraj Chopra: কেনেকৈ জেভলীন থ্ৰ’ খেলৰ প্ৰতি আকৰ্ষিত হৈছিল নীৰজ চোপ্ৰা, জানক তেওঁৰ ক্ৰীড়াজগতৰ যাত্ৰাৰ বিষয়ে…
ক্ৰীড়াজগতৰ যাত্ৰাৰ বিষয়ে
Follow Us
barasha-misra
Barasha Misra | Updated On: 06 Aug 2024 23:18 PM

পেৰিছ অলিম্পিকৰ ১০ দিনৰ পিছত, দেশখনে অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাৰ প্ৰথম আভাস। পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰাৰ। পুৰুষৰ জেভেলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় এথলেটিকগৰাকীৰ। ৮ আগষ্টত অনুষ্ঠিত হ’ব ফাইনেল খেল।

আজি নীৰজ চোপ্ৰাৰ বিষয়ে জানো আহক

নীৰজ চোপ্ৰাৰ জন্ম ২৪ ডিচেম্বৰ ১৯৯৭ ত হৈছিল। তেওঁ হৈছে ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ আৰু ভাৰতীয় সেনাৰ এগৰাকী জুনিয়ৰ কমিছণ্ড বিষয়া (JCO)। তেওঁ ট্ৰেক এণ্ড ফিল্ডৰ জেভলীন থ্ৰ’ খেল খেলে। নীৰজ চোপ্ৰাৰ জেভলীন থ্ৰ’ৰ শ্ৰেষ্ট প্ৰদৰ্শন হৈছে ৮৮.০৭ মিটাৰ। তেওঁ ২০২০ টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই সোণৰ পদক লাভ কৰে। ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল। তেওঁ হৈছে জুনিয়ৰ শাখাৰ ট্ৰেক এণ্ড ফিল্ডত বিশ্ব খিতাপ জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ।

টকিঅ’ত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ সময়ত তেওঁ কিলাকুটিত আঘাত পাইছিল, তথাপি তেওঁ ৮৭.৮৬ মিটাৰ থ্ৰ’ কৰি টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত তেওঁ ৮৬.৬৫ মিটাৰ প্ৰদৰ্শন কৰি অৰ্হতা ৰাউণ্ডত যোগ্যতা অৰ্জন কৰিছিল আৰু ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত তেওঁ ৮৭.৫৮ মিটাৰ দলিয়াই ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। অভিনৱ বিন্দ্ৰাৰ পিছত অলিম্পিকৰ যিকোনো ব্যক্তিগত খেলত সোণৰ পদক জয় কৰা তেওঁ হৈছে দ্বিতীয়জন ভাৰতীয় খেলুৱৈ।

১৯৯৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে হাৰিয়ানাৰ পানিপথ জিলাৰ খান্দৰা গাঁৱত নীৰজ চোপ্ৰাৰ জন্ম হৈছিল। তেওঁ চণ্ডিগড়ৰ ডি এ ভি কলেজত শিক্ষা লাভ কৰিছিল। ২০১৬ চনত তেওঁ নায়েব চুবেদাৰ পদবীৰ সৈতে ভাৰতীয় সেনাত এজন কনিষ্ঠ কমিছণ্ড বিষয়া হিচাপে নিযুক্ত কৰিছিল। শৈশৱকালত তেওঁ মৌচাকত শিল নিক্ষেপ কৰি ভাল পাইছিল আৰু তেওঁৰ পিতৃ সতীশ কুমাৰ চোপ্ৰায়ে তেওঁক শৃংখলাবদ্ধ হিচাপে গঠন কৰিবলৈ জেভলীন থ্ৰ’ অনুশীলন কৰিবলৈ প্ৰেৰিত কৰিছিল। শিৱাজী ষ্টেডিয়ামত কিশোৰ অৱস্থাত তেওঁ ২০১১ চনত জেভলিন থ্ৰো’ৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।

নীৰজ চোপ্ৰায়ে ২০১৬ চনত গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয় ক্ৰীড়া ৮৪.২৩ মিটাৰ থ্ৰ’ৰে সোণৰ পদক অৰ্জন কৰিছিল। ইয়াত তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখৰ সমতুল্য আছিল। তেওঁ পোলেণ্ডৰ বাইডগছজজত অনুষ্ঠিত ২০১৬ চনৰ আইএএএফ বিশ্ব অনুৰ্ধ-২০ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। ইয়াত তেওঁ এক বিশ্ব জুনিয়ৰ ৰেকৰ্ডও স্থাপন কৰিছিল। এই প্ৰদৰ্শনৰ স্বত্বেও তেওঁ ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল কিয়নো অলিম্পিকৰ যোগ্যতা নিৰ্ণয়ৰ শেষ তাৰিখ ১১ জুলাই আছিল।

নীৰজে এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ ২০১৭ ত ৮৫.২৩ মিটাৰ থ্ৰ’ৰ সৈতে আন এটা সোণৰ পদক অৰ্জন কৰিছিল। তেওঁ ২০১৮ চনত অনুষ্ঠিত কমনৱেলথ গেমছ (চিডব্লিউজি)ত পুৰুষৰ জেভলীন থ্ৰ’ প্ৰতিযোগিতাত ৮৬.৪৭ মিটাৰ থ্ৰ’ৰ সৈতে সোণৰ পদক অৰ্জন কৰে লগতে চিডব্লিউজিত জেভেলিন থ্ৰ’ত পদক বিজয়ী প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। ২০১৮ চনৰ মে’ মাহত তেওঁ পুনৰ ৮৭.৪৩ মিটাৰ থ্ৰ’ৰে দোহা ডায়মণ্ড লীগত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।

নীৰজ চোপ্ৰাক এএফআইয়ে একমাত্ৰ ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে ২০১৮ বৰ্ষত দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাৰ বাবে মনোনীত কৰিছিল। গোল্ড কোষ্ট কমনৱেলথত স্বৰ্ণ জয় কৰাৰ পিছত নীৰজ চোপ্ৰায়ে ২০১৮ চনত অৰ্জুন বঁটা লাভ কৰিছিল। জাৰ্মান জৈৱ-বলবিজ্ঞান বিশেষজ্ঞ ক্লাউছ বাৰ্টনিয়েৎজ বৰ্তমান তেওঁৰ প্ৰশিক্ষক। ইয়াৰ আগতে গেৰী কালভাৰ্টৰ, ৱেৰ্ণাৰ ডেনিয়েলছ আৰু উৱে হোন তেওঁৰ প্ৰশিক্ষক আছিল।

২০১৮ চনৰ ২৭ আগষ্ট তাৰিখে নীৰজে এছিয়ান গেমছত পুৰুষৰ জেভলীন থ্ৰ’ত স্বৰ্ণ জয় কৰিবলৈ ৮৮.০৬ মিটাৰ দূৰত্ব দলিয়াইছিল আৰু এক নতুন ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। ২০২১ চনৰ ৫ মাৰ্চ তাৰিখে নীৰজ চোপ্ৰাই পুনৰ তেওঁৰ অতীতৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি নতুন অভিলেখ ৮৮.০৭ মিটাৰত স্থাপন কৰে। জেভেলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই তেওঁৰ ২০২১ চনৰ আন্তৰ্জাতিক ছিজন ৮৩.১৮ মিটাৰ থ্ৰোৰে আৰম্ভ কৰিছিল আৰু পৰ্তুগালৰ লিছবনত অনুষ্ঠিত এক অনুষ্ঠানত জেভেলীন থ্ৰ’ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল।

তেওঁ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল। ২০২১ চনৰ ৪ আগষ্টত তেওঁ পুৰুষৰ জেভেলীন থ্ৰ’ত ২০২০ টকিঅ’ অলিম্পিকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ ২০২১ চনৰ ৭ আগষ্টত ৮৭.৫৮ মিটাৰ থ্ৰ’ৰে পুৰুষৰ জেভেলীন থ্ৰ’ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ স্বাধীনতাৰ পিছত এথলেটিকছত স্বৰ্ণ পদক অৰ্জন কৰা তেওঁ প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয়। এথলেটিকছত তেওঁৰ এই অলিম্পিক পদক তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ এথলেটিকছত ভাৰতৰ প্ৰথম অলিম্পিক পদক আছিল।

Latest News