Javelin Throw Final: পেৰিছ অলিম্পিক ভাৰতৰ হৈ প্ৰথমটো ৰূপ অৰ্জন নীৰজ চোপ্ৰাৰ | Neeraj Chopra javelin throw final wins silver paris olympics 2024 Assam news - Assam Tv9

Javelin Throw Final: পেৰিছ অলিম্পিক ভাৰতৰ হৈ প্ৰথমটো ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ! ইতিহাস ৰচি স্বৰ্ণ জয় পাকিস্তানৰ আৰ্শাদ নাদিমৰ

Updated On: 

09 Aug 2024 07:25 AM

Paris Olympics 2024: স্বৰ্ণ জয়ৰ পৰা এখোজ দূৰত ৰ'লেও তেওঁ অলিম্পিক ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিলে নীৰজ চোপ্ৰাই । ২টা অলিম্পিক পদক জয় কৰা ভাৰতৰ চতুৰ্থজন খেলুৱৈত পৰিণত হ'ল নিৰজ। তেওঁলোকৰ আগতে সুশীল কুমাৰ, পি ভি সিন্ধু আৰু একেখন অলিম্পিকতে মনু ভাকৰে এই আশ্চৰ্যজনক কাম কৰিছিল।

Javelin Throw Final:  পেৰিছ অলিম্পিক ভাৰতৰ হৈ প্ৰথমটো ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ! ইতিহাস ৰচি স্বৰ্ণ জয় পাকিস্তানৰ আৰ্শাদ নাদিমৰ

পেৰিছ অলিম্পিকৰ জেভলিন থ্ৰ’ত ৰূপৰ পদক লাভ নীৰজ চোপ্ৰাৰ

Follow Us On

পেৰিছ অলিম্পিক ২০২৪ত ভাৰতৰ তাৰকা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই তেওঁৰ খিতাপ দখল কৰাৰ পৰা বঞ্চিত হৈছিল। নীৰজ চোপ্ৰাই ৮ আগষ্টৰ নিশা পেৰিছত অনুষ্ঠিত ফাইনেলত সোণৰ পদক জিকিব নোৱাৰিলে। নীৰজে ৮৯.৪৫ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছিল। এনেদৰে তেওঁ দুখন অলিম্পিক পদক জয় কৰা ভাৰতৰ চতুৰ্থ আৰু এথলেটিকছত এনে কৰা কেৱল প্ৰথম এথলীট হয়। নীৰজৰ কঠিন প্ৰতিদ্বন্দী আৰ্শাদ নাদিমে ৰেকৰ্ড থ্ৰ’ৰে অলিম্পিকৰ অভিলেখ ভংগ কৰি সোণৰ পদক অৰ্জন কৰে। আৰ্শাদে ৯২.৯৭ মিটাৰ থ্ৰ’ৰে সোণৰ পদকত তেওঁৰ নাম লিখিছিল। গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৮.৫৪ মিটাৰ লৈ ব্ৰঞ্জ জিকিছে।

প্ৰতিখন প্ৰতিযোগিতাতে ভাল আৰম্ভণি কৰা নীৰজে এইবাৰ অলপ হতবাক হৈ পৰিছিল। তেওঁৰ প্ৰথম থ্ৰ’টো ফাউল কৰা হৈছিল কিয়নো যেতিয়া তেওঁ জেভলিন থ্ৰ’ৰ পিছত ফলো-থ্ৰ’ত তেওঁৰ সোঁ ভৰিখন অলপ লাইনৰ বাহিৰলৈ গৈছিল।
যদিও তেওঁৰ থ্ৰ’ ৮৬ মিটাৰতকৈ অধিক আছিল তাক বিবেচনা কৰা হোৱা নাছিল। পাকিস্তানৰ আৰ্শাদ নাদিমৰো প্ৰথম থ্ৰ’টো ফাউল আছিল। কিন্তু পৰৱৰ্তী থ্ৰ’ত আৰ্শাদে ৯২.৯৭ মিটাৰ লৈ সোণৰ পদক নিৰ্ধাৰণ কৰিছিল।ইয়াৰ সৈতে তেওঁ এক নতুন অলিম্পিক অভিলেখ স্থাপন কৰে। নীৰজেও পৰৱৰ্তী থ্ৰ’ত প্ৰত্যাৱৰ্তন কৰিছিল আৰু ৮৯.৪৫ মিটাৰ লৈ দ্বিতীয় স্থান লাভ কৰিছিল।

এনেদৰে অলিম্পিকত ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী পাকিস্তানী এথলীট হিচাপে পৰিগণিত হয় আৰ্শাদ নাদিম। ইয়াৰ পূৰ্বে পাকিস্তানে ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকত পুৰুষৰ হকীত ব্ৰঞ্জৰ পদক জিকিছিল।তেওঁ অলিম্পিকত পাকিস্তানৰ হৈ ব্যক্তিগত ইভেণ্টত পদক জয় কৰা তৃতীয় এথলীট হিচাপেও পৰিগণিত হৈছিল।

নীৰজে এই ফাইনেলত মাত্ৰ এটা সঠিক থ্ৰ’ কৰিব পাৰিছিল। আনহাতে বাকী ৫টা থ্ৰো তেওঁৰ ফাউল আছিল। যাৰ বাবে তেওঁক যথেষ্ট হতাশ দেখা গৈছিল আৰু আৰ্শাদক পুনৰ প্ৰত্যাহ্বান জনাব নোৱাৰিলে। একে সময়তে,পাকিস্তানৰ আৰ্শাদ নাদিমে ফাইনেলত দুবাৰকৈ ৯০ৰ সীমা অতিক্ৰম কৰে। তেওঁ তেওঁৰ অন্তিম প্ৰচেষ্টাত ৯১.৭৯ মিটাৰ থ্ৰ’ৰে ফাইনেলখন সমাপ্ত কৰিছিল।

 

ইয়াৰ সৈতে নীৰজ অলিম্পিকত দুটা পদক জয় কৰা কেৱল চতুৰ্থ ভাৰতীয় এথলীথ হিচাপে পৰিগণিত হয়। তিনি বছৰ আগতে অনুষ্ঠিত টকিঅ’ অলিম্পিক গেমছত নীৰজে ৮৭.৫৮ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ জয় কৰিছিল। ইয়াৰ লগে লগে নীৰজ চোপ্ৰা অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতৰ দ্বিতীয়গৰাকী খেলুৱৈ আৰু এথলেটিকছত যিকোনো পদক অৰ্জন কৰা প্ৰথম এথলীট হিচাপে পৰিগণিত হয়। সেই ফাইনেলত নীৰজে জুলিয়ান ৱেবাৰ, জেকব ৱাডলেচ আৰু জোহানেছ ভেটাৰক পিছ পেলাইছিল। যিসকলক ইতিমধ্যে ইভেণ্টটো জিকাৰ দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল। ইয়াৰ পিছত নীৰজে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপ ২০২২ত ৰূপৰ পদক জিকিছিল। তাৰ পাছত তেওঁ ডায়মণ্ড লীগৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় আৰু ২০২৩ চনত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version