নীৰজৰ জীৱনসংগী হিমানী কোন জানেনে? নিজৰ প্ৰদৰ্শনেৰে নীৰজতকৈ পূৰ্বেই আহিছিল চৰ্চালৈ

দেওবাৰে বিবাহপাশত আৱদ্ধ হ’ল নীৰজ চোপ্ৰা। নীৰজে বিবাহৰ বিষয়ে সদৰী কৰা পোষ্টটোত জীৱন সংগীগৰাকীৰ নাম হিমানী বুলি উল্লেখ কৰাৰ বাদে তেওঁৰ বিষয়ে আন কোনো কথা উল্লেখ কৰা নাছিল। সেয়ে তেওঁৰ বিষয়ে জানিবলৈ সকলোৰে উৎসুকতা বৃদ্ধি পাইছিল। এতিয়া পোহৰলৈ আহিছে নীৰজৰ জীৱনসংগী হিমানীৰ বিষয়ে।

নীৰজৰ জীৱনসংগী হিমানী কোন জানেনে? নিজৰ প্ৰদৰ্শনেৰে নীৰজতকৈ পূৰ্বেই আহিছিল চৰ্চালৈ

নীৰজ চোপ্ৰাৰ বিবাহ

Published: 

20 Jan 2025 13:40 PM

অলিম্পিককে ধৰি ক্ৰীড়া বিশ্বত ইটোৰ পিছত সিটোকৈ পদক জয়েৰে মহাতাৰকাত পৰিণত হোৱা দেশৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই সকলোকে আচৰিত কৰি দেওবাৰে বিবাহপাশত আৱদ্ধ হ’ল। স্বাভাৱিকতেই নীৰজৰ বিবাহৰ খবৰ সকলোৰে বাবে হৈ পৰে আশ্চৰ্যকৰ। কিয়নো দেশৰ তাৰকাগৰাকীৰ বিবাহ সন্দৰ্ভত প্ৰকাশ হোৱা নাছিল কোনো আগতীয়া খবৰ। দেওবাৰে নিশা নিজা সামাজিক মাধ্যম একাউণ্ট যোগে নীৰজে এই বিষয়ে প্ৰকাশ কৰাৰ পিছতহে সকলোৱে এই বিষয়ে জানিব পাৰে। ইয়াৰ পিছতে সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা।

নীৰজে বিবাহৰ বিষয়ে সদৰী কৰা পোষ্টটোত জীৱন সংগীগৰাকীৰ নাম হিমানী বুলি উল্লেখ কৰাৰ বাদে তেওঁৰ বিষয়ে আন কোনো কথা উল্লেখ কৰা নাছিল। সেয়ে তেওঁৰ বিষয়ে জানিবলৈ সকলোৰে উৎসুকতা বৃদ্ধি পাইছিল। বিশ্বজয় কৰা নীৰজৰ হৃদয় জয় কৰা এইগৰাকী হিমানী কোন- এই প্ৰশ্নটো সকলোৰে মনত গুঞ্জৰিত হৈছিল। এতিয়া পোহৰলৈ আহিছে নীৰজৰ জীৱনসংগী হিমানীৰ বিষয়ে। তেওঁৰ সম্পূৰ্ণ নাম হৈছে হিমানী মৌৰ।

হিমানী আৰু নীৰজ দুয়ো হাৰিয়ানাৰে বাসিন্দা। ৰাজ্যখনৰ পানীপট জিলাৰ বাসিন্দা নীৰজ, আনহাতে হিমানীৰ জন্মস্থান হৈছে শোণিপট জিলা। হিমানী পেছাত এগৰাকী টেনিছ প্ৰশিক্ষক। স্প’ৰ্টষ্টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২৫ বছৰীয়া হিমানী মৌৰে শোনিপটৰ এখন স্কুলৰ পৰা প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউচ কলেজৰ পৰা ৰাজনীতি বিজ্ঞান আৰু শাৰীৰিক শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত তেওঁ আমেৰিকাৰ লুইজিয়ানাৰ দক্ষিণ-পূব লুইজিয়ানা বিশ্ববিদ্যালয়তো অধ্যয়ন কৰে। আমেৰিকাত কেৱল অধ্যয়ন কৰাই নহয়, টেনিছ খেলাৰ লগতে টেনিছ প্ৰশিক্ষক হিচাপেও কেৰিয়াৰ আৰম্ভ কৰিছিল হিমানীয়ে। আমেৰিকাৰ নিউ হেম্পশ্বায়াৰৰ ফ্ৰেংকলিন পিয়ৰ্চ বিশ্ববিদ্যালয়ত স্বেচ্ছাসেৱী টেনিছ প্ৰশিক্ষক হিচাপেও তেওঁ কাম কৰিছিল। বৰ্তমান তেওঁ মেছাচুচেটছৰ আমহাৰ্ষ্ট কলেজৰ স্নাতক সহায়িকা আৰু কলেজখনৰ মহিলা টেনিছ দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছে।

সমান্তৰালকৈ হিমানীয়ে মেককৰ্মাকে আইজেনবাৰ্গ স্কুল অৱ মেনেজমেণ্টৰ পৰাও স্প’ৰ্টছ মেনেজমেণ্ট (মেজৰ) ডিগ্ৰী গ্ৰহণ কৰিছে। উল্লেখ্য যে এগৰাকী টেনিছ খেলুৱৈ হিচাপে হিমানীয়ে প্ৰথমবাৰৰ বাবে ২০১২ চনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সেই বৰ্ষত তেওঁ মালয়েছিয়াত অনুষ্ঠিত অনুৰ্ধ-১৪ জুনিয়ৰ ফেড কাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পিছত তেওঁ ২০১৮ চনত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অভিষেক ঘটায়।

প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!