পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয় মেচতো পৰাস্ত পাকিস্তান, ২-০ ৰ অগ্ৰগতি নিউজিলেণ্ডৰ
নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচতো পৰাস্ত পাকিস্তান । বৰষুণৰ বাবে ১৫ অভাৰকৈ খেলোৱা হয় মেচখন । নিউজিলেণ্ডে ৫ উইকেটত পৰাস্ত কৰে পাকিস্তানক ।

নিউজিলেণ্ড ক্ৰিকেট দল
নিউজিলেণ্ডে যোৱা এমাহৰ সময়ছোৱাত আপাত দৃষ্টিত পাকিস্তান ক্ৰিকেটাৰসকলক চকুৰ টোপনি নোহোৱা কৰিছে । মঙলবাৰে ডুনেডিনৰ ইউনিভাৰ্চিটি অ’ভেলত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ছলমান আঘা নেতৃত্বাধীন পাকিস্তান দলটো নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় । বৰষুণ ব্যাঘাত জন্মোৱা মেচখনত ব্লেক কেপছে ৫ উইকেটৰ জয় লাভ কৰে । বৰষুণৰ বাবে মেচখনত প্ৰতিটো ইনিংছ ২০ অভাৰৰ পৰিৱৰ্তে ১৫ অভাৰলৈ হ্ৰাস কৰা হয় ।
নিউজিলেণ্ডৰ পেচাৰ জেকব ডাফী (২০ ৰানত ২ উইকেট) আৰু বেন ছিয়াৰ্ছ (২৩ ৰানত ২ উইকেট) পুনৰবাৰ পাকিস্তানৰ দুৰ্বল বেটিং অৰ্ডাৰৰ বাবে মূৰৰ কামোৰণি হৈ পৰিল আৰু সপ্তম অভাৰৰ শেষত দুয়োজনে দুটাকৈ উইকেট দখল কৰি পাকিস্তানক ৪ উইকেটত ৫২ ৰানত সীমাবদ্ধ ৰাখে । পাকিস্তানৰ অধিনায়ক ছলমানে কিছুমান গুৰুত্বপূৰ্ণ বৰঙণি যোগাই চাৰিটা বাউণ্ডেৰী আৰু তিনিটা ছয়ৰ সহায়ত ১৬৪.২৮ ষ্ট্ৰাইক ৰেটত ২৮টা বলত ৪৬ ৰান সংগ্ৰহ কৰে ।
হাফৱে মাৰ্কত ছিয়াৰ্ছৰ বলত মাৰ্ক চেপমেনৰ হাতত ৱাঘা কেট আউট হয় আৰু তেওঁৰ প্ৰথম টি-২০ অৰ্ধশতক অৰ্জন কৰাৰ সুযোগ হেৰুৱায় । ছাদাব খান (১৪টা বলত ২৬ ৰান) আৰু শ্বাহীন আফ্ৰিদীয়ে (১৪টা বলত ২২ ৰান) শেষৰ ফালে কিছু ধৈৰ্যৰে খেলি দলৰ স্ক’ৰ ৯ উইকেটত ১৩৫ ৰানলৈ বৃদ্ধি কৰে ।
শ্বাহিনে টিম ছেইফাৰ্টৰ মেডেন অভাৰেৰে ডিফেন্স আৰম্ভ কৰিছিল যদিও তাৰ পিছত ফিন এলেনে পিছৰ অভাৰত ৰুকী পেচাৰ মহম্মদ আলীক তিনিটা ছয় কোবাই আক্ৰমণ আৰম্ভ কৰে । দুই অ’পেনাৰে অৰ্ধশতকত উপনীত নহ’ল যদিও পাৱাৰপ্লেৰ শেষত (এই মেচত পাঁচ অভাৰ) এটা উইকেট হেৰুৱাই নিউজিলেণ্ড দলক ৬৬ ৰাণৰ অগ্ৰগতি প্ৰদান কৰে ।
২২টা বলত ৪৫ ৰান সংগ্ৰহ কৰা ছিফাৰ্টৰ ৰূপত নিউজিলেণ্ডে প্ৰথমটো উইকেট হেৰুৱাই । পঞ্চম অভাৰত আলীয়ে ছিফাৰ্টৰ উইকেট দখল কৰে । এলেনক পেভিলিয়নলৈ ওভতাই পঠিয়ায় জাহানদাদ খানে । এলেনে ৩৮ ৰান সংগ্ৰহ কৰে । ১৩ নং অভাৰত ১৪ ৰান সংগ্ৰহ কৰি হৰিছ ৰউফৰ বলত আউট হৈছিল ডেৰিল মিচেল ।
মিচেল হেই (১৬ বলত ২১ ৰাণ ) এটা বাউণ্ডেৰী আৰু ছয় মাৰি ১১ টা বল বাকী থকা অৱস্থাত দলটোক বিজয়ী কৰে । পাঁচখন খেলৰ টি-২০ শৃংখলাত নিউজিলেণ্ডে ২-০ ত অগ্ৰগতি লাভ কৰিছে আৰু এতিয়া দুয়োটা দলে অকলেণ্ডত শুকুৰবাৰে (২১ মাৰ্চ) তৃতীয়খন মেচ খেলিব ।