5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিষিদ্ধ কোকেইন সেৱন কৰি বিপদত নিউজিলেণ্ডৰ খেলুৱৈঃ ৰোহিতৰ বিপক্ষে আছিল অত্যন্ত সফল

ড্ৰাগছ সেৱনৰ অভিযোগত শাস্তিৰ সন্মুখীন হৈছে নিউজিলেণ্ডৰ এগৰাকী ক্ৰিকেটাৰ। নিষিদ্ধ কোকেইন ব্যৱহাৰ কৰাৰ বাবে খেলুৱৈগৰাকীৰ ওপৰত এমাহৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই খেলুৱৈগৰাকীয়ে ভাৰতীয় দলৰ তাৰকা তথা বৰ্তমানৰ এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক ৰোহিত শৰ্মাত ক্ৰীজত যথেষ্ট সমস্যাত পেলাইছিল।

নিষিদ্ধ কোকেইন সেৱন কৰি বিপদত নিউজিলেণ্ডৰ খেলুৱৈঃ ৰোহিতৰ বিপক্ষে আছিল অত্যন্ত সফল
ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা
monjit-dutta
Monjit Dutta | Updated On: 18 Nov 2024 12:52 PM

ক্ৰিকেট বিশ্বত পুনৰ নিষিদ্ধ ড্ৰাগছৰ জোকাৰণি। এইবাৰ ড্ৰাগছ সেৱনৰ অভিযোগত শাস্তিৰ সন্মুখীন হৈছে নিউজিলেণ্ডৰ এগৰাকী ক্ৰিকেটাৰ। নিষিদ্ধ কোকেইন ব্যৱহাৰ কৰাৰ বাবে খেলুৱৈগৰাকীৰ ওপৰত এমাহৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই খেলুৱৈগৰাকীয়ে ভাৰতীয় দলৰ তাৰকা তথা বৰ্তমানৰ এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক ৰোহিত শৰ্মাত ক্ৰীজত যথেষ্ট সমস্যাত পেলাইছিল। কেৱল ৰোহিতেই নহয়, কিংবদন্তি শচীন তেণ্ডুলকাৰ আৰু বিস্ফোৰক বেটিঙৰ বাবে খ্যাত বীৰেন্দ্ৰ সেহৱাগৰ বিপক্ষেও এই খেলুৱৈগৰাকীয়ে কেৰিয়াৰত লাভ কৰিছিল সফলতা।

অৱশ্যে বিগত এটা বৰ্ষ ধৰি তাৰকাগৰাকী নিউজিলেণ্ডৰ জাতীয় দলৰ পৰা বাহিৰত আছে। ড্ৰাগছ সেৱনৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হোৱা এই কিৱি তাৰকাগৰাকী হৈছে পেচ বলাৰ ডগ ব্ৰেচৱেল। স্প’ৰ্টছ ইনটিগ্ৰিটি কমিছনে এক বিবৃতিত প্ৰকাশ কৰা মতে ব্ৰেচৱেলে গত জানুৱাৰী মাহত ৱেলিংটনৰ বিৰুদ্ধে চেণ্ট্ৰেল ডিষ্ট্ৰিক্টছৰ ঘৰুৱা টি-২০ খেলৰ পূৰ্বে কোকেইন ব্যৱহাৰ কৰিছিল।

এই মেচৰ পিছত পৰীক্ষাত তেওঁৰ শৰীৰত ড্ৰাগছ লোৱাৰ কথা ধৰা পৰিছিল আৰু এনে পৰিস্থিতিত ব্ৰেচৱেলৰ ওপৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ব্ৰেচৱেলে প্ৰতিনিধিত্ব কৰা চেণ্ট্ৰেল ডিষ্ট্ৰিক্টছ দলেও খেলুৱৈগৰাকীয়ে কোকেইন সেৱন কৰা বুলি স্বীকাৰ কৰিছে। কিন্তু মেচৰ লগত ব্ৰেচৱেলৰ ড্ৰাগছ সেৱনৰ বিষয়টোৰ কোনো সম্পৰ্ক নাই বুলিও দলটোৱে স্পষ্ট কৰি দিছে।

দলটোৱে প্ৰকাশ কৰা মতে মেচৰ পূৰ্বে ব্ৰেচৱেলে নিচা সেৱন কৰি আহিছিল আৰু এই বিষয়ে কোনো লোকেই অৱগত নাছিল। অৱশ্যে ব্ৰেচৱেলে ইতিমধ্যেই এই শাস্তি ভুগিছে আৰু সেয়ে পুনৰ তেওঁ শাস্তিৰ সন্মুখীন হ’ব নালাগে। চলিত বৰ্ষৰে এপ্ৰিল মাহত ড্ৰাগছ সেৱনৰ বাবে এমাহৰ নিষেধাজ্ঞা পাৰ কৰিছে। গতিকে তেওঁৰ নিলম্বন সম্পূৰ্ণ হৈছে আৰু তেওঁ পুনৰ ক্ৰিকেটত অংশগ্ৰহণ কৰিব পাৰিব বুলি ৰায় দিয়া হৈছে।

উল্লেখ্য যে ড’প পজিটিভ পোৱাৰ পিছত ব্ৰেচৱেলে চিকিৎসা কাৰ্যসূচীতো অংশ লৈছিল আৰু তাৰ পিছত তেওঁৰ নিষেধাজ্ঞা ৩ মাহৰ পৰা ১ মাহলৈ হ্ৰাস কৰা হৈছিল। তাৰকা পেচাৰগৰাকীয়ে ২০১১ জাতীয় দলৰ হৈ তিনিওটা ফৰ্মেটতে অভিষেক ঘটাইছিল। কেৰিয়াৰত তেওঁ ২৮খন টেষ্টত ৭৪টা উইকেট দখল কৰাৰ লগতে ৫৬৮ ৰান সংগ্ৰহ কৰিছে। একেদৰে ২১খন এদিনীয়াত ২৬টা উইকেট দখল আৰু ২২১ ৰান সংগ্ৰহ কৰে।

আনহাতে ২০খন টি-২০ মেচত ১২৬ ৰান সংগ্ৰহ কৰাৰ লগতে ২০টা উইকেট দখল কৰিছে ব্ৰেচৱেলে। বিগত বৰ্ষৰ মাৰ্চ মাহত শ্ৰীলংকাৰ বিৰুদ্ধে ৱেলিংটন টেষ্ট মেচতে তেওঁ নিউজিলেণ্ডৰ হৈ অন্তিমবাৰ খেলপথাৰত নামিছিল। তেতিয়াৰ পৰাই তেওঁ দলৰ বাহিৰত আছে। লক্ষণীয়ভাৱে নিজ কেৰিয়াৰত ব্ৰেচৱেলে ৰোহিত শৰ্মাক ৪টা ইনিংছত বলিং কৰিছে। এই ৪ বাৰৰ মুখামুখিত দুবাৰ ৰোহিতৰ উইকেট দখল কৰিছে ব্ৰেচৱেলে।

ৰোহিতে এই চাৰিটা ইনিংছত ব্ৰেচৱেলৰ বিপক্ষে ৪৮টা বলৰ মুখামুখি হৈ ৩৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। একেদৰে সেহৱাগো ৩টা ইনিংছত দুবাৰকৈ ব্ৰেচৱেলৰ বলত আউট হৈছে। অৱশ্যে তেওঁ এই ৩টা ইনিংছত ব্ৰেচৱেলৰ ৩৮টা বল খেলি ৫৩ ৰান সংগ্ৰহ কৰিছিল। ইফালে কিংবদন্তি শচীনকো ব্ৰেচৱেলে ৩ বাৰৰ মুখামুখিত এবাৰ আউট কৰিছে। ব্ৰেচৱেলৰ সমুখত ৪৪টা বলত মাত্ৰ ১২ ৰানহে সংগ্ৰজ কৰিবলৈ সক্ষম হৈছিল শচীনে।

Latest News