নৰ্থইষ্ট ইউনাইটেডক পৰাস্ত কৰি বৰদলৈ ট্রফী জয় ৰে’লৱেৰঃ সামৰণি অনুষ্ঠানত অংশ ল’লে মুখ্যমন্ত্রীয়ে
আজি গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেল মেচত নৰ্থইষ্ট ইউনাইটেডক পেনাল্টি শ্বুট আউটত পৰাস্ত কৰি ৰে’লৱেই দখল কৰে সন্মানীয় প্ৰতিযোগিতাখনৰ খিতাপ। যথেষ্টসংখ্যক ফুটবলপ্ৰেমীৰ সমুখত এক দৃষ্টিনন্দন মেচ উপহাৰ দি দুয়োটা দলেই ফাইনেল মেচখন উপভোগ্য কৰি তোলে।

আজি সামৰণি পৰিল ঐতিহ্যমণ্ডিত ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ টুফী ফুটবল প্রতিযোগিতাৰ ৭০ সংখ্যক সংস্কৰণ। দেশৰ ভিতৰতে অন্যতম পুৰণি এই আগশাৰীৰ প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই। আজি গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেল মেচত নৰ্থইষ্ট ইউনাইটেডক পেনাল্টি শ্বুট আউটত পৰাস্ত কৰি ৰে’লৱেই দখল কৰে সন্মানীয় প্ৰতিযোগিতাখনৰ খিতাপ। যথেষ্টসংখ্যক ফুটবলপ্ৰেমীৰ সমুখত এক দৃষ্টিনন্দন মেচ উপহাৰ দি দুয়োটা দলেই ফাইনেল মেচখন উপভোগ্য কৰি তোলে।
আজি প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড’ শর্মাই কয় যে ১৯৫২ চনত আৰম্ভ হোৱা লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতা গুৱাহাটীৰ লগতে সমগ্র দেশতে যথেষ্ট জনপ্রিয় আছিল। কেইবা বছৰ ধৰি বিভিন্ন কাৰণত এই প্রতিযোগিতাখনৰ জনপ্রিয়তা স্তিমিত হৈ পৰা পৰিলক্ষিত হৈছিল বুলি তেওঁ দোহাৰে।
তেওঁ কয় যে এই বছৰ গুৱাহাটী ক্রীড়া সস্থাই অসম চৰকাৰৰ সহযোগিতাত ৬০৮ খন খেল অনুষ্ঠিত কৰি বৰদলৈ টুফী ফুটবল প্রতিযোগিতাখনক পুনৰ জনপ্ৰিয় কৰি তোলাৰ প্রয়াস কৰিছে। ২০ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ প্রথম পর্যায়ৰ প্রতিযোগিতা, ১০ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্রুৱাৰীলৈ দ্বিতীয় পর্যায়ৰ প্রতিযোগিত্য আৰু ১ মার্চৰ পৰা অনুষ্ঠিত হোৱা চূড়ান্ত পৰ্যায়ৰ প্রতিযোগিতাৰ জৰিয়তে আজি লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হৈছে।
এই বর্ষত ৰাজ্যৰ ২৮০ ফুটবল ক্লাবে এই প্রতিযোগিতাত অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিছে বুলি আঙুলিয়াই দি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগে লগে ৰাজ্যত ফুটবলৰ প্রতি জনসাধাৰণৰ আকৰ্ষণ পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে। ১৯ বৰ্ষৰ অনুৰ্দ্ধৰ খেলুৱৈসকলৰ বাবে আয়োজন কৰা এই প্রতিযোগিতাই বৰদলৈ ট্রফীলৈ এটা বিশেষ উদ্যমতাও কঢ়িয়াই আনিছে বুলি তেওঁ লগতে কয়।
গুৱাহাটী ক্রীড়া সন্থাই ১৯ বৰ্ষৰ অনুৰ্দ্ধৰ খেলুৱৈসকলক খেলাৰ সুযোগ প্রদান কৰাৰ লগতে ১৭ গৰাকী খেলুৱৈক বিশেষ নির্বাচকৰ দ্বাৰা নির্বাচিত কৰি স্পেইনত প্রশিক্ষণৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিঃসন্দেহে এই ব্যৱস্থাই খেলুৱৈসকলক উৎসাহিত কৰিছে বুলি তেওঁ লগতে কয়। গুৱাহাটী ক্রীড়া সস্থাৰ এনে অভিনৱ প্রচেষ্টাৰ বাবে মুখ্যমন্ত্রীয়ে ধন্যবাদ জ্ঞাপন কৰে।
মুখ্যমন্ত্রীয়ে আজি অনুষ্ঠিত হোৱা লোকপ্রিয় বৰদলৈ টুফী ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলত অংশগ্রহণ কৰিবলৈ সুবিধা পোৱা দুয়োটা দলকে অভিনন্দন জনোৱাৰ লগতে প্রতিযোগিতাখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে। আজিৰ এই অনুষ্ঠানত ক্রীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্রী নন্দিতা গার্লোছা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী ক্রীড়া সস্থাৰ সভাপতি পৰেশ চন্দ্র দাস উপস্থিত থাকে।
তেওঁলোকৰ লগতে গুৱাহাটী ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া, উত্তৰ পূব সীমান্ত বে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্রীবাস্তৱ, অসম চৰকাৰৰ সপ্তম বিত্তীয় আয়োগৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতা, ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী সংমণ্ডলৰ মুখ্য মহাপ্রৱন্ধক এছ বাধা কৃষ্ণণ, বিশিষ্ট অতিথি তথা ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ পুত্র বলীন বৰদলৈ, অসম ফুটবল সস্থাব সম্পাদক ড’ চাংগৰাং ব্রহ্ম, নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখ্য কাৰ্যবাহী বিষয়া মন্দৰ তামহানে প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।