ক্ৰিকেট বিশ্বত অৱসান ভাৰতৰ শ্ৰেষ্ঠত্ব, উত্থান পাকিস্তানৰ! বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দলত নাই এগৰাকীও ভাৰতীয়

ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়া দল। লক্ষণীয়ভাৱে এই দলটোত স্থান পোৱা নাই এগৰাকীও ভাৰতীয় তাৰকাই। কেৱল ভাৰতৰে নহয়, আন দুই ক্ৰিকেট শক্তি অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ কোনো খেলুৱৈয়েও ঘোষিত এই দলটোত স্থান পোৱা নাই।

ক্ৰিকেট বিশ্বত অৱসান ভাৰতৰ শ্ৰেষ্ঠত্ব, উত্থান পাকিস্তানৰ! বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দলত নাই এগৰাকীও ভাৰতীয়

ভাৰতীয় ক্ৰিকেট দল

Published: 

24 Jan 2025 14:45 PM

ক্ৰিকেট বিশ্বত ভাৰতীয় দলৰ শক্তি প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰেই জ্ঞাত। বেটিং, বলিং, ফিল্ডিং উভয় দিশতে ভাৰতীয় দলে দাঙি ধৰা প্ৰদৰ্শনে দলক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেট শক্তি হিচাপে প্ৰতিষ্ঠা কৰাইছে। দীঘলীয়া সময় ধৰি ক্ৰিকেট বিশ্বত দেখিবলৈ পোৱা গৈছে এই শ্ৰেষ্ঠত্ব। অৱশ্যে শেহতীয়া কেইটামান মাহ ভাৰতীয় ক্ৰিকেটৰ বাবে বিশেষ ভাল হোৱা নাই। শ্ৰীলংকাৰ বিপক্ষে এদিনীয়া শৃংখলাত পৰাজয়, ঘৰুৱা টেষ্ট শৃংখলাত নিউজিলেণ্ডৰ বিপক্ষে পৰাজয় আৰু অষ্ট্ৰেলিয়াৰ বিপক্ষে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজয়ে ভাৰতীয় অনুৰাগীক হতাশ কৰিছে।

এইবাৰ আন এক খবৰে ভাৰতীয় অনুৰাগীক হচকিত কৰি তুলিছে। ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়া দল। লক্ষণীয়ভাৱে এই দলটোত স্থান পোৱা নাই এগৰাকীও ভাৰতীয় তাৰকাই। কেৱল ভাৰতৰে নহয়, আন দুই ক্ৰিকেট শক্তি অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ কোনো খেলুৱৈয়েও ঘোষিত এই দলটোত স্থান পোৱা নাই। আইচিচিৰ এই শ্ৰেষ্ঠ এদিনীয়া দলত শ্ৰীলংকাৰ সৰ্বাধিক ৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে।

আনহাতে এছিয়াৰ আন দুটা দল পাকিস্তান আৰু আফগানিস্তানৰ ৩ গৰাকীকৈ খেলুৱৈক এই দলত অন্তৰ্ভুক্ত কৰা হৈছে। দলত স্থান পোৱা আনগৰাকী খেলুৱৈ হৈছে ৱেষ্ট ইণ্ডিজ দলৰ। আইচিচিৰ এই ঘোষিত দলটোত অ’পেনাৰ হিচাপে নিৰ্বাচিত হৈছে পাকিস্তানৰ ছেম আয়ুব আৰু আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজ। তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে শ্ৰীলংকাৰে পাথুম নিছাংকা, কুশল মেণ্ডিছ আৰু চাৰিথ আছালাংকা।

মেণ্ডিজে দলত উইকেটকীপাৰ হিচাপে স্থান পোৱাৰ বিপৰীতে আছালাংকাক দলৰ অধিনায়ক হিচাপে নিৰ্বাচন কৰা হৈছে। ইয়াৰ পিছতে অলৰাউণ্ডাৰ হিচাপে দলত আছে ৱেষ্ট ইণ্ডিজৰ শ্বেৰফানে ৰাডাৰফোৰ্ড,  আফগানিস্তানৰ আজমাতুল্লাহ ওমৰজাই আৰু শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা। প্ৰধান পেচাৰ হিচাপে দলটোত স্থান দিয়া হৈছে পাকিস্তানৰ শ্বাহীন আফ্ৰীদি আৰু হেৰিছ ৰ’ফক। একে সময়তে আফগানিস্তানৰ যুৱ স্পিনাৰ আল্লাহ মহম্মদ গাজানফৰকো দলত অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে ভাৰতীয় দলৰ খেলুৱৈয়ে এই দলত স্থান লাভ নকৰাটো এক কথাত প্ৰায় নিশ্চিত আছিল। কিয়নো ২০২৪ বৰ্ষত ভাৰতে মাত্ৰ ৩ খন এদিনীয়া মেচ খেলিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে এই শৃংখলাটোত ভাৰত ০-২ ব্যৱধানত পৰাস্ত হৈছিল। ইফালে অষ্ট্ৰেলিয়াই ১২খন এদিনীয়া মেচ খেলিছিল যদিও এই মেচসমূহত দলটোৱে বহু খেলুৱৈক সুযোগ দিছিল। সেয়ে অষ্ট্ৰেলিয়াৰো কোনো এগৰাকী খেলুৱৈ আইচিচিৰ এই বৰ্ষশ্ৰেষ্ঠ দলটোত নাই।

ঘোষিত দলটোঃ ছেম আয়ুব, ৰহমানুল্লাহ গুৰবাজ, পাথুম নিছাংকা, কুশল মেণ্ডিছ, চাৰিথ আছালাংকা, শ্বেৰফানে ৰাডাৰফোৰ্ড, আজমাতুল্লাহ ওমৰজাই, ৱানিন্দু হাছাৰাংগা, শ্বাহীন আফ্ৰীদি, হেৰিছ ৰ’ফ আৰু আল্লাহ মহম্মদ গাজানফাৰ।

কোন ভাৰতীয়ই ত্ৰিৰংগাৰ ডিজাইন কৰিছিল?
কামাখ্যা মন্দিৰৰ ঐতিহাসিক 'মেখেলা উজোৱা' পথটোৰ ৰহস্যৰ বিষয়ে জানেনে?
গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...