শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

খিতাপ জয় কৰিও দলৰ পৰা বাহিৰ হ’ল ৰোহিত! এইগৰাকী তাৰকাক অধিনায়কৰ দায়িত্ব

নিউজিলেণ্ডৰ বিপক্ষে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচখনত ৰোহিত শৰ্মাই দলক সমুখৰ পৰা নেতৃত্ব দি এক অধিনায়কোচিত ইনিংছ খেলে। মেচ বিজয়ী এই ইনিংছটোৰ বাবে ৰোহিত ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও বিবেচিত হয়। পিছে খিতাপ জয় কৰিও এতিয়া দলৰ পৰা বাদ পৰিছে ৰোহিত শৰ্মা।

খিতাপ জয় কৰিও দলৰ পৰা বাহিৰ হ’ল ৰোহিত! এইগৰাকী তাৰকাক অধিনায়কৰ দায়িত্ব
দলত স্থান নাপালে ৰোহিতে
monjit-dutta
Monjit Dutta | Published: 10 Mar 2025 20:14 PM

অন্ত পৰিল চেম্পিয়নছ ট্ৰফী ২০২৫। দেশবাসীক পুনৰ এবাৰ জয়ৰ আনন্দৰে উল্লাসিত কৰি তুলি ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে জিনিলে চেম্পিয়নছ ট্ৰফীৰ খিতাপ। নিউজিলেণ্ডৰ বিপক্ষে ফাইনেল মেচখনত ৰোহিত শৰ্মাই দলক সমুখৰ পৰা নেতৃত্ব দি এক অধিনায়কোচিত ইনিংছ খেলে। মেচ বিজয়ী এই ইনিংছটোৰ বাবে ৰোহিত ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও বিবেচিত হয়। পিছে খিতাপ জয় কৰিও এতিয়া দলৰ পৰা বাদ পৰিছে ৰোহিত শৰ্মা। চেম্পিয়নছ ট্ৰফীৰ জয়ক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত এতিয়াও আনন্দ উদযাপন চলি থকাৰ সময়তে আহিছে এই খবৰ।

দেওবাৰে চেম্পিয়নছ ট্ৰফী সমাপ্ত হোৱাৰ পিছতে আজি আইচিচিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰ নাম ঘোষণা কৰে। লক্ষণীয়ভাৱে আইচিচিৰ দ্বাৰা ঘোষিত এই দলত স্থান লাভৰ পৰা বঞ্চিত হয় খিতাপজয়ী অধিনায়ক ৰোহিত শৰ্মা। ঘোষিত এই দলটোত আইচিচিয়ে ১২ জন খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে। দলটোত সৰ্বাধিক ৬ গৰাকী খেলুৱৈ ভাৰতীয় দলৰ পৰাই নিৰ্বাচিত হৈছে। অৱশ্যে আইচিচিৰ এই সিদ্ধান্ত আচৰিত বুলিব পৰাও নহয়।

ফাইনেলৰ পূর্বে এই প্রতিযোগিতাত ৰান সংগ্ৰহত ব্যৰ্থ হৈছিল ৰোহিত। সমগ্ৰ প্ৰতিযোগিতাখনত ৰোহিতে ৫টা ইনিংছত মাত্ৰ ১৮০ ৰানহে সংগ্ৰহ কৰে। ইয়াৰে ৭৬ ৰান তেওঁ ফাইনেলত স্ক’ৰ কৰে। এনে পৰিস্থিতিত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলত অ’পেনাৰ হিচাপে ৰোহিতৰ স্থান কঠিন হৈ পৰিছিল। টুৰ্ণামেণ্টৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৰচিন ৰবীন্দ্ৰ আৰু আফগানিস্তানৰ অ’পেনাৰ ইব্ৰাহিম জড্ৰানক অ’পেনাৰ হিচাপে নিৰ্বাচিত কৰা হয়।

বেটাৰ হিচাপে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱাত বিফল হোৱাৰ বাবেই খিতাপ জয়ৰ পিছতো চেম্পিয়নছ ট্ৰফী ২০২৫ৰ শ্ৰেষ্ঠ দলটোত স্থান লাভৰ পৰা বঞ্চিত হয় ৰোহিত। ভাৰতীয় অধিনায়কগৰাকীৰ পৰিৱৰ্তে দলৰ অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিছে ৰাণাৰ্ছ আপ নিউজিলেণ্ডৰ অধিনায়ক মিচেল চেণ্টনাৰে। প্ৰতিযোগিতাখনত ৯টা উইকেট দখল কৰি চেণ্টনাৰে দলক ফাইনেলত উপনীত কৰাত অন্যতম ভূমিকা লৈছিল।

ৰোহিতে স্থান নাপালেও এই দলটোত ভাৰতৰ ছয়গৰাকী খেলুৱৈয়ে স্থান পাইছে। বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল, বৰুণ চক্ৰৱৰ্তী, মহম্মদ ছামিৰ লগতে অক্ষৰ পেটেলক দ্বাদশ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে। ৰাহুলক দলত উইকেটকীপাৰ হিচাপে ৰখা হৈছে। লক্ষণীয়ভাৱে এই দলটোত ভাৰতৰ লগতে নিউজিলেণ্ডৰ ৪ গৰাকী আৰু আফগানিস্তানৰ দুগৰাকীয়ে স্থান পাইছে।

ঘোষিত দলটোঃ মিচেল চেণ্টনাৰ (অধিনায়ক), ৰচিন ৰবীন্দ্ৰ, ইব্ৰাহিম জড্ৰান, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), গ্লেন ফিলিপছ, আজমাতুল্লাহ ওমৰজাই, মেট হেনৰী, মহম্মদ ছামি, বৰুণ চক্ৰৱৰ্তী, অক্ষৰ পেটেল (দ্বাদশ খেলুৱৈ)।