শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্বকাপ জয় কৰিও খালী হাতে উভতিল ভাৰতীয় দলঃ বিচিচিআইয়ে আগবঢ়ালে পুৰস্কাৰ

দেওবাৰে ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰাৰ পিছতো ভাৰতীয় দলে আইচিচিৰ পৰা পুৰস্কাৰ হিচাপে ধনৰাশি লাভ নকৰাকৈয়ে উভতিবলগা হয়। কেৱল মাত্ৰ ট্ৰফী লৈয়ে উভতিব বিশ্বকাপজয়ী ভাৰতীয় দলটো। অৱশ্যে আইচিচিৰ পৰা ধনৰ পুৰস্কাৰ লাভ নকৰিলেও খিতাপ জয়েৰে দেশক গৌৰৱান্বিত কৰি তোলা ভাৰতীয় যুৱ দলটোক বিচিচিআইয়ে নিৰাশ কৰা নাই।

বিশ্বকাপ জয় কৰিও খালী হাতে উভতিল ভাৰতীয় দলঃ বিচিচিআইয়ে আগবঢ়ালে পুৰস্কাৰ
বিশ্বকাপজয়ী ভাৰতীয় দললৈ বিচিচিআইৰ পুৰস্কাৰ
monjit-dutta
Monjit Dutta | Published: 03 Feb 2025 06:46 AM

ক্ৰিকেট বিশ্বত পুনৰ এবাৰ ভাৰতৰ শক্তিৰ উমান দি দেওবাৰে ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰে ভাৰতীয় দলে। নিকি প্ৰসাদ নেতৃত্বাধীন ভাৰতীয় দলে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি দক্ষিণ আফ্ৰিকাক প্ৰায় বিধ্বস্ত কৰি তোলে আৰু ৯ উইকেটত সহজ জয়েৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। অৱশ্যে কেৱল ফাইনেলত বুলিয়েই নহয়, সমগ্ৰ প্ৰতিযোগিতাখনতে ভাৰতীয় দলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি অপ্ৰতিৰোধ্য গতিৰে অপৰাজিত হয়। এইদৰে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ খিতাপ জয় কৰে ভাৰতে।

লক্ষণীয়ভাৱে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অৰ্জনৰ পিছতো ভাৰতীয় দলে আইচিচিৰ পৰা পুৰস্কাৰ হিচাপে ধনৰাশি লাভ নকৰাকৈয়ে উভতিবলগা হয়। কেৱল মাত্ৰ ট্ৰফী লৈয়ে উভতিব বিশ্বকাপজয়ী ভাৰতীয় দলটো। অৱশ্যে আইচিচিৰ পৰা ধনৰ পুৰস্কাৰ লাভ নকৰিলেও খিতাপ জয়েৰে দেশক গৌৰৱান্বিত কৰি তোলা ভাৰতীয় যুৱ দলটোক বিচিচিআইয়ে নিৰাশ কৰা নাই। বিশ্ব চেম্পিয়ন দলটোলৈ ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ব’ৰ্ডে।

বিশ্বকাপজয়ী ভাৰতীয় দলটোৰ সাফল্যৰ প্ৰশংসা কৰি বিচিচিআইয়ে ছ’চিয়েল মিডিয়া পোষ্টযোগে ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। এই পুৰস্কাৰ দলৰ ১৫ গৰাকী খেলুৱৈ, মুখ্য প্ৰশিক্ষক নুছিন আল খাদীৰ আৰু দলৰ বাকী সহায়ক কৰ্মচাৰীৰ মাজত বিতৰণ কৰা হ’ব। নুছিন আল খাদীৰ তত্বাৱধানতে ভাৰতে ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপৰ ২০২৩ চনৰ সংস্কৰণৰ খিতাপ জয় কৰিছিল।

উল্লেখ্য যে বিশ্বকাপ জয় কৰাৰ পিছত ভাৰতীয় দলে আইচিচিৰ পৰা ট্ৰফীৰ লগতে পদক লাভ কৰিছিল যদিও কোনো ধৰণৰ নগদ পুৰস্কাৰ পোৱা নাই। অৱশ্যে এইবাৰেই নহয়, ১৯ বছৰ অনুৰ্ধ পৰ্যায়ত অনুষ্ঠিত হোৱা বিশ্বকাপত বিজয়ী দলটোক আইচিচিয়ে কোনো ধৰণৰ ধনৰাশিৰ পুৰস্কাৰ নিদিয়ে। এই পৰ্যায়ত মহিলাৰ প্ৰতিযোগিতাৰ লগতে পুৰুষৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য। সেয়েহে দেশলৈ গৌৰৱ কঢ়িয়াই অনা দলটোক বিচিচিআইয়ে পুৰস্কৃত কৰিব।

প্ৰতিযোগিতাত ধনৰাশিৰ পুৰস্কাৰ লাভ নকৰিলেও অৱশ্যে যুৱ খেলুৱৈসকলে এই পৰ্যায়ত নিজৰ প্ৰদৰ্শনেৰে ক্ৰিকেট বিশেষজ্ঞৰ লগতে দেশৰ ক্ৰিকেট বৰ্ড তথা নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯ অনুৰ্ধ বিশ্বকাপৰ জৰিয়তে সফলতাৰ যাত্ৰা আৰম্ভ কৰা খেলুৱৈৰ ভাৰতীয় দলত স্থান লাভৰ এনে অনেক উদাহৰণ আছে। এইবাৰো বিশ্বকাপত নিজৰ প্ৰদৰ্শনেৰে সকলোকে আকৰ্ষণ কৰা ভাৰতীয় দলটোৰ এগৰাকী খেলুৱৈ হৈছে গংগাদি তৃষা।

ফাইনেলত প্ৰথমে বলিঙেৰে ৩টা উইকেট দখল কৰাৰ লগতে পিছত বেটিঙেৰেও অপৰাজিত ৪৪ ৰানৰ ইনিংছ উপহাৰ দি দুৰ্দান্ত অলৰাউণ্ড প্ৰদৰ্শন দাঙি ধৰা তৃষা ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হোৱাৰ লগতে প্ৰতিযোগিতাৰো শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়। প্ৰতিযোগিতাৰ ৭ খন মেচত ৭৭.২৫ গড়ে আৰু ১৪৭.১৪ ষ্ট্ৰাইক ৰেটেৰে ৩০৯ ৰান সংগ্ৰহ কৰা তৃষা সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হোৱাৰ লগতে ৬.৪৩ গড়ে ৭টা উইকেটো দখল কৰে।