5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ACC Emerging Teams Asia Cup 2024 : টিম ইণ্ডিয়াৰ কথা কোৱাত নিষেধাজ্ঞা, আচৰিত সিদ্ধান্ত পাকিস্তান ক্ৰিকেট দলৰ…

ইমাৰ্জিং এছিয়া কাপ চলি থকাৰ সময়ত টিম ইণ্ডিয়াৰ কথা আলোচনা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে পাকিস্তানে। অৰ্থাৎ সমগ্ৰ প্ৰতিযোগিতাখনৰ সময়ছোৱাত পাকিস্তানৰ-A দলৰ কোনো খেলুৱৈয়ে ইণ্ডিয়া-A দলৰ কোনো কথা ক’ব নোৱাৰিব।

ACC Emerging Teams Asia Cup 2024 : টিম ইণ্ডিয়াৰ কথা কোৱাত নিষেধাজ্ঞা, আচৰিত সিদ্ধান্ত পাকিস্তান ক্ৰিকেট দলৰ…
টিম ইণ্ডিয়াৰ কথা কোৱাত নিষেধাজ্ঞা
manas-borah
Manas Borah | Published: 16 Oct 2024 16:43 PM

১৮ অক্টোবৰৰ পৰা মাস্কাট অনুষ্ঠিত হ’ব ইমাৰ্জিং এছিয়া কাপ ২০২৪(ACC Emerging Teams Asia Cup 2024) । এছিয়া ভিত্তিক এই ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ পূৰ্বে পাকিস্তানৰ-A দলে গ্ৰহণ কৰিছে আচৰিত সিদ্ধান্ত । ইমাৰ্জিং এছিয়া কাপ চলি থকাৰ সময়ত টিম ইণ্ডিয়াৰ কথা আলোচনা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে পাকিস্তানে। অৰ্থাৎ সমগ্ৰ প্ৰতিযোগিতাখনৰ সময়ছোৱাত পাকিস্তানৰ-A দলৰ কোনো খেলুৱৈয়ে ইণ্ডিয়া-A দলৰ কোনো কথা ক’ব নোৱাৰিব। পাকিস্তানৰ-A দলৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে অধিনায়ক মহম্মদ হাৰিছে ।

এই সিদ্ধান্ত মূলতে টিম ইণ্ডিয়াৰ কথা আলোচনা কৰিলে পাকিস্তান ক্ৰিকেট দলৰ ওপৰত চাপ বৃদ্ধি পাই বুলি কাৰণ দাঙি ধৰিছে পাকিস্তানৰ-A অধিনায়ক গৰাকীয়ে । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মহম্মদ হাৰিছে কয়, ‘পাকিস্তান-A দলৰ কোনো খেলুৱৈক টিম ইণ্ডিয়াৰ খেলুৱৈৰ কথা আলোচনা কৰিবলৈ দিয়া নহয়। ইমাৰ্জিং এছিয়া কাপৰ সময়ত ইণ্ডিয়া-A ক্ৰিকেট দলৰ বিষয়ে কোনো আলোচনা নহয়। ২০২৩ চনৰ বিশ্বকাপ খেলি থাকোঁতে সকলোৱে টিম ইণ্ডিয়াৰ কথা আলোচনা কৰিছিল আৰু ইয়াৰ ফলত দলটোৰ ওপৰত যথেষ্ট চাপ সৃষ্টি হৈছিল।

উল্লেখ্য যে,১৮ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ইমাৰ্জিং এছিয়া কাপত ৮ টা দলে অংশগ্ৰহণ কৰিব। গ্ৰুপ Aত- আফগানিস্তান, বাংলাদেশ, হংকং আৰু শ্ৰীলংকাৰ দল আছে। আনহাতে B গ্ৰুপত আছে ভাৰত, ওমান, পাকিস্তান আৰু ইউ এ ইৰ এ ।

ভাৰতীয় দলটোৱে ইমাৰ্জিং এছিয়া কাপৰ বাবে এটা শক্তিশালী দল বাছনি কৰিছে । ভাৰতীয় A ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে তিলক ভাৰ্মাক। দলটোত আছে- বৈভৱ অৰোৰা, আয়ুষ বাদনি, ৰাহুল চহৰ, অংশুল কাম্বজ, ছাই কিশোৰ, আকিব খান, অনুজ ৰাৱট । ৰশিখ চালাম, নিশান্ত সিন্ধু, প্ৰভসিমৰন সিং, অভিষেক শৰ্মা, ৰমনদীপ সিং, হৃতিক শৌকিন, নেহল ৱাধেৰাকো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে।

Latest News