কোহলী-ৰুট নহয়, টেষ্টত মহান খেলুৱৈ হ’ব ভাৰতৰ এই যুৱ তাৰকা! ভৱিষ্যদ্বাণী গাংগুলীৰ | Not ল or Joe Root Rishabh Pant will become great in test Sourav Ganguly Assam news - Assam Tv9

কোহলী-ৰুট নহয়, টেষ্টত মহান খেলুৱৈ হ’ব ভাৰতৰ এই যুৱ তাৰকা! ভৱিষ্যদ্বাণী গাংগুলীৰ

Updated On: 

09 Sep 2024 19:23 PM

সাম্প্ৰতিক সময়ত ক্ৰিকেট বিশ্বত বিৰাট কোহলী আৰু জ’ ৰুটে দৰ্শনীয় প্ৰদৰ্শনেৰে ক্ৰিকেট বিশেষজ্ঞসকলৰ দৃষ্টিত ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে ধৰা দিছে। পিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে এই দুই তাৰকাৰ পৰিৱৰ্তে ভাৰতৰ এগৰাকী যুৱ তাৰকাহে টেষ্ট ক্ৰিকেটৰ মহান খেলুৱৈৰ তালিকাত স্থান পাব বুলি ভৱিষ্যদ্বাণী কৰিছে।

কোহলী-ৰুট নহয়, টেষ্টত মহান খেলুৱৈ হ’ব ভাৰতৰ এই যুৱ তাৰকা! ভৱিষ্যদ্বাণী গাংগুলীৰ

সৌৰভ গাংগুলী

Follow Us On

আধুনিক ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে সততে চৰ্চিত হয় ভাৰতীয় ক্ৰিকেট দলৰ মহাতাৰকা বিৰাট কোহলীৰ নাম। আনহাতে একেটা সময়তে টেষ্ট ফৰ্মেটত বিগত সময়ছোৱাত দুৰন্ত প্ৰদৰ্শনেৰে জ’ ৰুটে প্ৰশংসা বুটলিছে সকলো ক্ৰিকেট বিশেষজ্ঞৰ। টেষ্টত ক্ৰিকেটৰ ভগৱান খ্যাত শচীন টেণ্ডুলকাৰৰ নামত থকা সৰ্বাধিক ৰানৰ অভিলেখো ৰুটে ভংগ কৰাৰ সম্ভাৱনা দেখা গৈছে। এই দুই তাৰকাই সাম্প্ৰতিক ক্ৰিকেট বিশ্বত নিজৰ দুৰ্দমনীয় প্ৰদৰ্শনেৰে একপ্ৰকাৰে ৰাজত্ব কৰিছে।

পিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে এই দুই তাৰকাতকৈ ভাৰতৰ এগৰাকী যুৱ তাৰকাৰ মাজতহে টেষ্ট ক্ৰিকেটৰ মহান খেলুৱৈৰ লক্ষণ দেখা পাইছে। ভাৰতীয় দলৰ উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টৰ নাম সৰ্বকালৰ টেষ্ট ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছে সৌৰভ গাংগুলীয়ে।

এক অনুষ্ঠানৰ সময়ত গাংগুলীয়ে কয় যে ঋষভ পণ্টক তেওঁ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ টেষ্ট বেটাৰ হিচাপে গণ্য কৰে। বাংলাদেশৰ বিপক্ষে আগন্তুক টেষ্ট শৃংখলাৰ বাবে ঘোষিত দলত ঋষভ পণ্টক স্থান দিয়াৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গাংগুলীয়ে কয় যে টেষ্ট ক্ৰিকেটলৈ পণ্টৰ প্ৰত্যাৱৰ্তনত তেওঁ আচৰিত হোৱা নাই। পণ্টে ভাৰতৰ হৈ টেষ্ট ক্ৰিকেট খেলি থাকিব বুলিও গাংগুলীয়ে ভৱিষ্যদ্বাণী কৰে।

যদি পণ্টে এইদৰে প্ৰদৰ্শন কৰি থাকে তেন্তে তেওঁ টেষ্ট ক্ৰিকেটৰ সৰ্বকালৰ মহান খেলুৱৈৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব বুলি মন্তব্য কৰে গাংগুলীয়ে। ইফালে সীমিত অভাৰৰ ক্ৰিকেটতো পণ্টে উন্নত প্ৰদৰ্শন দাঙি ধৰাত সফল হ’ব বুলি প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে লগতে আশা প্ৰকাশ কৰে। উল্লেখ্য যে ২০২২ চনৰ ডিচেম্বৰ মাহত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত হৈছে পণ্ট।

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আগন্তুক টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টৰ বাবে বিচিচিআইয়ে দেওবাৰে নিশা ভাৰতীয় দল ঘোষণা কৰে। এই দলত স্থান লাভ কৰিছে পণ্টে। ইফালে গোৰোহাৰ অস্ত্ৰোপচাৰৰ বাবে দীৰ্ঘসময় ধৰি দলৰ পৰা আঁতৰি থকা তাৰকা পেচাৰ মহম্মদ ছামীৰ প্ৰত্যাৱৰ্তন প্ৰসঙ্গতো গাংগুলীয়ে মন্তব্য কৰিছে।

চলিত বৰ্ষৰ শেষৰ ফালে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ছামি সম্পূৰ্ণ ফিট হৈ উঠিব বুলি গাংগুলীয়ে আশা প্ৰকাশ কৰে। অৰ্থাৎ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাত ছামিৰ প্ৰত্যাৱৰ্তন ঘটিব বুলি গাংগুলীয়ে উল্লেখ কৰিছে। ইফালে গাংগুলীয়ে এই অষ্ট্ৰেলিয়া ভ্ৰমণতে ভাৰতীয় দলৰ প্ৰকৃত পৰীক্ষা হ’ব বুলি মন্তব্য কৰিছে। যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজৰ লগতে ছামিৰ প্ৰত্যাৱৰ্তনে ভাৰতীয় বেগী বলিং আক্রমণক শক্তিশালী কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে সৌৰভ গাংগুলীয়ে৷

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version