শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ইংলেণ্ডৰ বিপক্ষে শৃংখলাঃ দেখা নাযাব এইকেইগৰাকী তাৰকাক!

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ইংলেণ্ডৰ বিপক্ষে হ’বলগীয়া এদিনীয়া শৃংখলাত ভাৰতীয় দলৰ প্ৰতিগৰাকী মুখ্য খেলুৱৈক সুযোগ দিয়া হ’ব আৰু তাৰ ভিত্তিতে চেম্পিয়নছ ট্ৰফীৰ দল ঘোষণা কৰা হ’ব পাৰে বুলি চৰ্চা চলিছে। অৱশ্যে শৃংখলাত ভাৰতীয় দলৰ কেইগৰাকীমান তাৰকাক হয়তো দেখা পোৱা নাযাব পাৰে। এই বিষয়ে চাওঁ আহক।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ইংলেণ্ডৰ বিপক্ষে শৃংখলাঃ দেখা নাযাব এইকেইগৰাকী তাৰকাক!
ইংলেণ্ডৰ বিপক্ষে শৃংখলাত নাথাকিব এইকেইগৰাকী খেলুৱৈ!
monjit-dutta
Monjit Dutta | Published: 09 Jan 2025 13:54 PM

ক্ৰিকেট বিশ্বত এতিয়া চেম্পিয়নছ ট্ৰফীৰ চৰ্চা। আইচিচিৰ এই অন্যতম প্ৰধান ইভেণ্টলৈ মাজত আৰু মাত্ৰ প্ৰায় এটা মাহ। এই প্ৰতিযোগিতাৰ বাবে ক্ৰিকেট বিশ্বত দেখা গৈছে উৎসুকতা। বিশেষকৈ ভাৰতীয় অনুৰাগীৰ মাজত প্ৰতিযোগিতাখনৰ বাবে অধিক প্ৰতীক্ষা পৰিলক্ষিত হৈছে। অষ্ট্ৰেলিয়াৰ বিপক্ষে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজয়ৰ বেদনাত দগ্ধ ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে চেম্পিয়নছ ট্ৰফী জয়েৰে ভাৰতীয় দলে এই বেদনাৰ অৱসান ঘটাই আনন্দৰ সুযোগ আনি দিন বুলি আশা কৰিছে। সেয়ে এতিয়া চেম্পিয়ছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণালৈ অপেক্ষা কৰিছে সকলোৱে।

অৱশ্যে এই প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতীয় দলে ইংলেণ্ডৰ বিপক্ষে সীমিত অভাৰৰ ঘৰুৱা শৃংখলাত অৱতীৰ্ণ হ’ব। প্ৰথমে পাঁচখন মেচৰ টি-২০ শৃংখলা আৰু তাৰ পিছত চেম্পিয়নছ ট্ৰফীৰ আগে আগে তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিব ভাৰতীয় দলে। এই শৃংখলাত দলৰ প্ৰতিগৰাকী মুখ্য খেলুৱৈক সুযোগ দিয়া হ’ব আৰু তাৰ ভিত্তিতে চেম্পিয়নছ ট্ৰফীৰ দল ঘোষণা কৰা হ’ব পাৰে বুলি চৰ্চা চলিছে। অৱশ্যে শৃংখলাত ভাৰতীয় দলৰ কেইগৰাকীমান তাৰকাক হয়তো দেখা পোৱা নাযাব পাৰে।

ভাৰত আৰু ইংলেণ্ডৰ এই এদিনীয়া শৃংখলা ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ১২ ফেব্ৰুৱাৰীত অন্তিমখন মেচ অনুষ্ঠিত হ’ব। এই শৃংখলাত অৱশ্যে ভাৰতীয় দলৰ মুখ্য পেচাৰ যশপ্ৰীত বুমৰাহক জিৰণি দিয়া হ’ব। ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্টৰ অন্তিম টেষ্টত বলিং কৰাৰ সময়ত পিঠি বিষৰ সমস্যাত ভুগিছিল বুমৰাহে। এইপৰ্যন্ত তেওঁৰ আঘাত সন্দৰ্ভত কোনো স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই। কিন্তু চেম্পিয়ছ ট্ৰফীৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডৰ বিপক্ষে শৃংখলাত বুমৰাহক জিৰণি দিয়াটো নিশ্চিত।

বুমৰাহৰ লগতে দলৰ আন এগৰাকী তাৰকা পেচাৰ মহম্মদ চিৰাজক এই শৃংখলাত জিৰণি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। অষ্ট্ৰেলিয়াৰ বিপক্ষে শৃংখলাত ধাৰাবাহিকভাৱে বলিং কৰা চিৰাজক চেম্পিয়নছ ট্ৰফীৰ বাবে ফিট কৰি ৰখাৰ মানসেৰে জিৰণি দিয়া হ’ব। এই দুই তাৰকাৰ বিপৰীতে ইংলেণ্ডৰ বিপক্ষে শৃংখলাত আন তিনিগৰাকী খেলুৱৈকো দেখাৰ সম্ভাৱনা কম। ইয়াৰ ভিতৰত প্ৰথমেই নাম আহিব ভাৰতীয় দলৰ টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱ।

তাৰকা বেটাৰগৰাকী ২০২৩ চনৰ এদিনীয়া বিশ্বকাপলৈকে ভাৰতৰ এদিনীয়া দলৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। কিন্তু টি-২০ত চমক দি অহা যাদৱে এদিনীয়া ফৰ্মেটত দাঙি ধৰিব নোৱাৰিলে আশানুৰূপ প্ৰদৰ্শন। সেয়ে বিশ্বকাপৰ পিছৰ পৰাই এদিনীয়াত আৰু দেখা পোৱা নাই যাদৱক। আনকি ঘৰুৱা এদিনীয়া প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীতো যাদৱ ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে। সূত্ৰ অনুসৰি এদিনীয়া ফৰ্মেটতো তেওঁ এতিয়া দীম মেনেজমেণ্টৰ পৰিকল্পনাত নাই।

একে সময়তে টি-২০ত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়োৱা সঞ্জু চেমছনকো এই শৃংখলাত সুযোগ দিয়াৰ আশা নাই। প্ৰায় ১৩ মাহ পূৰ্বে ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁ ভাৰতীয় দলৰ হৈ অন্তিমখন এদিনীয়া খেলিছিল। উক্ত মেচখনত তেওঁ দৰ্শনীয় শতক অৰ্জন কৰিছিল যদিও পুনৰ এদিনীয়া দলত স্থান লাভ কৰা নাই। তদুপৰি দলত উইকেটকীপাৰ হিচাপে ঋষভ পণ্ট আৰু কে এল ৰাহুলৰ ওপৰতে বিচিচিআইয়ে অধিক আস্থা ৰাখিছে। এনে কাৰণতে চেমচনৰ লগতে বাদ পৰিব ঈশানো ।

ভাৰতীয় ক্ৰিকেটৰ অন্যতম এগৰাকী সম্ভাৱনাময় খেলুৱৈ হিচাপে উচ্চাৰিত হোৱা ঈষান কিষাণ প্ৰায় ডেৰ বছৰ জুৰি দলৰ পৰা বাহিৰত আছে। কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ দিয়া হৈছে উইকেটকীপাৰ বেটাৰগৰাকীক। এদিনীয়াত দ্বিশতকৰ অধিকাৰী ঈশানে বিজয় হাজাৰে ট্ৰফীতো ৪৫ গড়ে৩১৬ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পিছতো এই মুহূৰ্তত তেওঁৰ বাবে সুযোগ পোৱাটো কঠিন যেন ধাৰণা হয়। পণ্ট আৰু ৰাহুলৰ উপস্থিতিয়ে কিষাণক সুযোগ নিদিয়াৰ সম্ভাৱনাই অধিক।

Latest News