অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছৰ সফল সামৰণি, অসমৰ অৰ্ণৱী দেৱনাথৰ দ্বিমুকুট, চান্দোগ্য-পাৰ্থিৱৰ ডাবলছ খিতাপ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত থকা টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ চন্দোগ্য পাঠক আৰু পাৰ্থিৱ কলিতাই প্ৰতিযোগিতাত ১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ ডাবলছ শাখাৰ খিতাপ লাভ কৰিছে৷ ফাইনেলত অসমৰ যুটিটোৱে বংগৰ অবনদ্বীপ চৌধুৰী আৰু লাবাম মুখাৰিয়াক ৬-৩, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে৷

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছৰ সফল সামৰণি, অসমৰ অৰ্ণৱী দেৱনাথৰ দ্বিমুকুট, চান্দোগ্য-পাৰ্থিৱৰ ডাবলছ খিতাপ

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছৰ সফল সামৰণি

Updated On: 

16 Aug 2024 22:35 PM

অসমৰ অৰ্ণৱী দেৱনাথে গুৱাহাটীত অনুষ্ঠিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দ্বিমুকুট অৰ্জন কৰিছে৷ আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অৰ্ণৱীয়ে ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ খিতাপ জয় কৰাৰ লগতে ১৬ বছৰ অনূধ্বৰ্ৰ ডাবলছ শাখাৰ খিতাপো লাভ কৰিবলৈ সক্ষম হয়৷ একক শাখাৰ ফাইনেলত অৰ্ণৱীয়ে ৬-৪, ৬-৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে বংগৰ ইন্দ্ৰাক্ষী ভট্টাচাৰ্যক৷ আনহাতে, ডাবলছ শাখাত অৰ্ণৱীয়ে মহাৰাষ্ট্ৰৰ শিৱানী গুপ্তেৰ লগত যুটি খেলি আজি হোৱা খিতাপৰ যুঁজত অসমৰ নাঈম হুছেইন আৰু নবিহা মৰিয়ম যুটিক ৬-১, ৬-৩ ৰ ব্যৱধানত পৰাস্ত কৰে৷ স্মৰ্তব্য যে অৰ্ণৱীৰ ডাবলছ সংগী শিৱানীয়েও ১৬ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ খিতাপ জয় কৰি দ্বিমুকুট অৰ্জন কৰিবলৈ সক্ষম হয়৷

ইফালে, সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত থকা টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ চন্দোগ্য পাঠক আৰু পাৰ্থিৱ কলিতাই প্ৰতিযোগিতাত ১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ ডাবলছ শাখাৰ খিতাপ লাভ কৰিছে৷ ফাইনেলত অসমৰ যুটিটোৱে বংগৰ অবনদ্বীপ চৌধুৰী আৰু লাবাম মুখাৰিয়াক ৬-৩, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে৷ চান্দোগ্য ১৪ আৰু ১৬ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ ফাইনেলতো প্ৰৱেশ কৰিছিল যদিও উভয়ৰে খিতাপৰ যুঁজত পৰাস্ত হয়৷

আজি হোৱা ১৬ বছৰ অনূধ্বৰ্ৰ ফাইনেলত মহাৰাষ্ট্ৰৰ ৰাঘৱ সৰোদে ৬-৩, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে চান্দোগ্যক৷ আনহাতে, ১৪ বছৰ অনূধ্বৰ্ৰ ফাইনেলত বংগৰ মনোদ্বীপ দে ৬-০, ৬-০ ৰ পোনপটিয়া ব্যৱধানত চান্দোগ্যক পৰাস্ত কৰি খিতাপ জয় কৰে৷ ইফালে, বংগৰ ৰিয়া ৰয় আৰু ইন্দ্ৰাক্ষী ভট্টাচাৰ্যই ১৪ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ ডাবলছ খিতাপ জয় কৰাৰ বিপৰীতে ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ ডাবলছ খিতাপ জয় কৰে আশ্বৰ্ কাথুৰিয়া আৰু গুশ্বৰ্ন মেহতাই৷

প্ৰতিযোগিতাৰ অন্তত হোৱা বঁটা বিতৰণ অনুষ্ঠানত অইল ইণ্ডিয়াৰ মুখ্য মহাপ্ৰবন্ধক ৰামানুজ দত্তই বিজয়ী খেলুৱৈসকলক সন্মানিত কৰে৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক তথা সৰ্বভাৰতীয় টেনিছ সন্থাই এই প্ৰতিযোগিতাখনৰ সঞ্চালক ৰূপে দায়িত্ব দিয়া অংকুশ দত্তও অনুষ্ঠানত উপস্থিত থাকে৷ উল্লেখ্য যে দেশৰ ১৮ খন ৰাজ্যৰ ১৮৩ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ যোৱা ১৬ বছৰ ধৰি অইল ইণ্ডিয়া লিমিটেডে এই প্ৰতিযোগিতাখনৰ পৃষ্ঠপোষকতা কৰি আহিছে৷

খেল কিয় গুৰুত্বপূৰ্ণ?

যিবিলাক খেলা সক্রিয় আৰু শক্তিশালী, তেনেধৰণৰ খেলাই শিশুৰ মাংসপেশী নিয়ন্ত্ৰণৰ সহায়ক। দেহৰ অংগসমূহৰ পৰিপক্ক দৈহিক বিকাশ আৰু অংগ-সঞ্চালনাৰ দক্ষতা অর্জন কৰিব পাৰি আৰু শিশুৰ এই দক্ষতাবোৰৰ অভ্যসনৰ সুযোগ পায়। খেলৰ দ্বাৰা যিদৰে সিৰাৰ সুষম বিকাশ ঘটে, ঠিক তেনেদৰে সামগ্রিক পেশীৰ সমন্বয়ো ঘটে। খেলাই কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। শিশুৱে তেওঁৰ চৌপাশৰ পৰিৱেশৰ সম্বন্ধে জ্ঞান আহৰণ কৰাৰ বেলিকা পাঁচ ইন্দ্ৰিয়ৰ ভূমিকাই উৎস স্থল। এই ক্ষেত্ৰত সংবোধন ইন্দ্ৰিয়ৰ ক্ৰিয়া অতিকৈ গুৰুত্বপূৰ্ণ।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...