ক’লা আৰ্মবেণ্ড পৰিধান কৰিব খেলুৱৈসকলে, MI বনাম SRH খেলত নাথাকিব কোনো চিয়াৰলিডাৰ-ফায়াৰৱৰ্ক

আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই ইণ্ডিয়ানছৰ আই পি এল মেচত নাথাকিব চিয়াৰলিডাৰ আৰু ফায়াৰৱৰ্ক । লগতে ক’লা আৰ্মবেণ্ড পৰিধান কৰি এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰিব দুয়োটা দলৰ খেলুৱৈসকলে ।

ক’লা আৰ্মবেণ্ড পৰিধান কৰিব খেলুৱৈসকলে, MI বনাম SRH খেলত নাথাকিব কোনো চিয়াৰলিডাৰ-ফায়াৰৱৰ্ক

MI বনাম SRH খেলত নাথাকিব কোনো চিয়াৰলিডাৰ

Published: 

23 Apr 2025 17:24 PM

আজি বুধবাৰে অনুষ্ঠিত হ’বলগীয়া ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই ইণ্ডিয়ানছৰ আই পি এল মেচত নাথাকিব চিয়াৰলিডাৰ আৰু ফায়াৰৱৰ্ক । লগতে ক’লা আৰ্মবেণ্ড পিন্ধি ২৬ জনকৈ লোক নিহত হোৱা পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকলৈ শোক প্ৰকাশ কৰিব সকলো খেলুৱৈয়ে । লগতে ভুক্তভোগীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দলসমূহে এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰিব।

বিচিচিআইৰ এক সূত্ৰই পিটিআইক জনাইছে যে, কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত সকলোৰে স্মৃতিত দুটা দলৰ খেলুৱৈয়ে ক’লা আৰ্মবেণ্ড পিন্ধি এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰিব। লগতে কোৱা হৈছে যে, সন্মানৰ চিন হিচাপে মুম্বাই বনাম হায়দৰাবাদৰ খেল চলি থকাৰ সময়ত নাথাকিব কোনো চিয়াৰলিডাৰ ।

দক্ষিণ কাশ্মীৰৰ জনপ্ৰিয় পৰ্যটন স্থান পহলগামত মঙলবাৰে সন্ত্ৰাসবাদীয়ে পৰ্যটক আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণত কমেও ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। ইতিমধ্যে নিষিদ্ধ পাকিস্তানস্থিত লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদী সংগঠনৰ অংশ ৰেজিষ্টেন্স ফ্ৰণ্টে (TRF) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। এই আক্ৰমণক সমগ্ৰ বিশ্বই তীব্ৰ নিন্দা কৰাৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে ।

২০০৮ চনৰ মুম্বাইত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় ক্ৰিকেট দলটোৱে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক ক্ৰিকেট খেলাৰ পৰা আঁতৰি আছে । শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছিল ভাৰতীয় ক্ৰিকেট দলে । যাৰ ফলত হাইব্ৰিড মডেলত ভাৰতীয় ক্ৰিকেট দলৰ খেল সমূহত ডুবাইত অনুষ্ঠিত হৈছিল ।

দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ মুখত বাৰে বাৰে ঘাঁ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত ডায়েৰিয়া বা পেট বেয়া হ'লে কি কৰিব? জানক
দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...