৮ লাখ জোৱান নিয়োজিত থকাৰ পিছতো…পহলগাম আক্ৰমণক লৈ ভাৰতীয় সেনাক অকৰ্মণ্য, মিডিয়াক বলীউড আখ্যা শ্বাহিদ আফ্ৰিদীৰ
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতীয় সেনাক জগৰীয়া কৰিছে পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে। পাকিস্তানী চেনেলত মন্তব্য প্ৰদান কৰি আফ্ৰিদীয়ে ভাৰতীয় সেনাক অকৰ্মণ্য বুলি অভিহিত কৰি কয় যে তেওঁলোকে সকলো কামতে পাকিস্তানক দোষাৰোপ কৰে।

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছিল। দেশৰ জনতাৰ বুকুত জ্বলি উঠা ক্ষোভৰ জুইকুৰা হয়তো এতিয়াও ক্ষান্ত হোৱা নাই। এই আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱালে। ইয়াৰ পিছত পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত চৰকাৰে । ইয়াৰ পাছতে এই কথাত ক্ষুব্ধ হৈ পৰিছে পাকিস্তান। ভাৰতে বন্ধ কৰি দিছে পাকিস্তান সীমান্ত। ভাৰতত উপস্থিত থকা সকলো পাকিস্তানী নাগৰিকক উভতাই পঠিয়াই দিয়া হৈছে। ইয়াৰ উপৰিও পাকিস্তানৰ সৈতে পানী ভাগ-বতৰা সিন্ধু জল চুক্তিও বাতিল কৰা হৈছে। ইয়াৰ মাজতে ভাৰতীয় সেনাক লৈ এক বিতৰ্কিত বক্তব্য প্ৰদান কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে।
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতীয় সেনাক জগৰীয়া কৰিছে পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে। পাকিস্তানী চেনেলত মন্তব্য প্ৰদান কৰি আফ্ৰিদীয়ে ভাৰতীয় সেনাক অকৰ্মণ্য বুলি অভিহিত কৰি কয় যে তেওঁলোকে সকলো কামতে পাকিস্তানক দোষাৰোপ কৰে। আফ্ৰিদীয়ে কয়, “ভাৰতত ফটকা বিস্ফোৰণ হ’লে দোষ পাকিস্তানৰ ওপৰত পৰে। কাশ্মীৰত ৮ লাখ ভাৰতীয় সেনা জোৱান নিয়োজিত আছে। ইয়াৰ পিছতো তাত এনে আক্ৰমণ সংঘটিত হৈছে, যাৰ পৰা স্পষ্টকৈ দেখা যায় যে ভাৰতীয় সেনা অকৰ্মণ্য। ভাৰতীয় সেনাই কাকো নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে।”
ভাৰতীয় সংবাদ মাধ্যমৰ সমালোচনা
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে এই সন্ত্ৰাসবাদী আক্ৰমণৰ বাতৰি পৰিৱেশন কৰাৰ বাবে ভাৰতীয় সংবাদ মাধ্যমকো সমালোচনা কৰিছে। তেওঁ কয়, “আচৰিত কথা যে আক্ৰমণৰ এঘণ্টাৰ ভিতৰতে তেওঁলোকৰ মিডিয়া বলীউডলৈ পৰিণত হ’ল। সকলো বলীউড কৰি নিদিব।মই স্তম্ভিত হৈ পৰিলোঁ, বৰঞ্চ তেওঁলোকে কোৱা ধৰণৰ কথাবোৰ মই উপভোগ কৰি আছিলো।মই কৈ আছিলো, তেওঁলোকৰ চিন্তাধাৰা চাওক, তেওঁলোকে নিজকে শিক্ষিত মানুহ বুলি কয়।প্ৰতিটো টিভি চেনেলে কোনো প্ৰমাণ নোহোৱাকৈ পাকিস্তানৰ ওপৰত মুকলিকৈ অভিযোগ উত্থাপন কৰি আছিল।”
নাম প্ৰকাশ নকৰাকৈয়ে পাকিস্তানক দোষাৰোপ কৰাৰ বাবে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰক তীব্ৰ সমালোচনা কৰে আফ্ৰিদীয়ে। শ্বাহিদ আফ্ৰিদীয়ে কয়, “যি দুগৰাকী ক্ৰিকেটাৰে টীম ইণ্ডিয়াৰ হৈ ইমান ক্ৰিকেট খেলিছে, এম্বেছাদৰ হৈ আহিছে, শীৰ্ষ ক্ৰিকেটাৰ হৈ আহিছে, তেওঁলোকে প্ৰত্যক্ষভাৱে পাকিস্তানক দোষাৰোপ কৰে। ভাই পাকিস্তান কিয়? কিছু প্ৰমাণো দেখুৱাওক বন্ধু।
প্ৰমাণ দেখুৱাওক, অভিযোগ নকৰিব
পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, “আমি আপোনালোকক প্ৰমাণ দিছো। আমাৰ হাতত এতিয়াও এজন আছে, এজনক চাহ খুৱাই ঘূৰাই পঠিয়াইছো। প্ৰমাণ দেখুৱাওক, আমাক অপ্ৰয়োজনীয়ভাৱে দোষ নিদিব।” ইফালে বেলুচিস্তানৰ অশান্তিৰ বাবে ভাৰতক দোষাৰোপ কৰে শ্বাহিদ আফ্ৰিদীয়ে। তেওঁ কয়, “আমাৰ দেশত কি হৈ আছে? বেলুচিস্তানত কি হৈ আছে? ইয়াৰ আঁৰত কোন আছে আমি সকলোৱে জানো। আমি কেতিয়াও কোনো অভিযোগ উত্থাপন কৰা নাছিলো। আমি ভাৰত আৰু বিশ্বক প্ৰমাণ দিছো।”
লগতে পঢক: তেজ উতলি আছে, সকলোৱে ন্যায় পাব: পহলগাম আক্ৰমণ সন্দৰ্ভত ‘মন কী বাত’যোগে প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ