শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সুন্দৰ চেহেৰাৰ বাবেই দলত ঈৰ্ষাৰ বলি! সতীৰ্থৰ বিপক্ষে বিস্ফোৰক অভিযোগ পাকিস্তানী ক্ৰিকেটাৰৰ

খেলপথাৰৰ প্ৰদৰ্শনৰ দিশতকৈয়ো এতিয়া নানা বিতৰ্কৰ বাবেহে চৰ্চালৈ আহিছে পাকিস্তান ক্ৰিকেট। বিশেষকৈ দলটোৰ কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈৰ মন্তব্যই সময়ে সময়ে বিস্ফোৰণ ঘটাই আহিছে। এতিয়া এনে এগৰাকী খেলুৱৈয়েই দলত দেখনীয়াৰ হোৱাৰ বাবে ঈৰ্ষাৰ বলি হোৱা বুলি অভিযোগ কৰিছে।

সুন্দৰ চেহেৰাৰ বাবেই দলত ঈৰ্ষাৰ বলি! সতীৰ্থৰ বিপক্ষে বিস্ফোৰক অভিযোগ পাকিস্তানী ক্ৰিকেটাৰৰ
পাকিস্তান ক্ৰিকেট দল
monjit-dutta
Monjit Dutta | Published: 26 Jan 2025 20:35 PM

দলীয় বিসম্বাদ, ব’ৰ্ডৰ সৈতে খেলুৱৈৰ সংঘাত ইত্যাদি বিভিন্ন কাৰণত প্ৰায়েই চৰ্চালৈ আহে পাকিস্তান ক্ৰিকেট। সংবাদ মাধ্যমৰ প্ৰায়েই চৰ্চাৰ বিষয় হৈ পৰে পাকিস্তান ক্ৰিকেটৰ ভিতৰুৱা কিছুমান কথা। এই কথা অনস্বীকাৰ্য যে, ক্ৰিকেট বিশ্বত পাকিস্তানে দিছে বহুকেইজন কিংবন্তি তাৰকা, যিসকল ক্ৰিকেটাৰে নিজৰ প্ৰদৰ্শনেৰে পাকিস্তান বিশ্বৰ অন্যতম ক্ৰিকেট শক্তি হিচাপে প্ৰতিষ্ঠিত কৰি তুলিছিল। বৰ্তমান সময়তো দলটোৰ কেইগৰাকীমান তাৰকাই ক্ৰিকেট বিশ্বত নিজৰ প্ৰদৰ্শনেৰে সুকীয়া স্থান দখল কৰিছে।

কিন্তু প্ৰদৰ্শনৰ দিশতকৈয়ো এতিয়া নানা বিতৰ্কৰ বাবেহে চৰ্চালৈ আহিছে পাকিস্তান ক্ৰিকেট। বিশেষকৈ দলটোৰ কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈৰ মন্তব্যই সময়ে সময়ে বিস্ফোৰণ ঘটাই আহিছে। এই খেলুৱৈসকলৰ ভিতৰত আহমেদ শ্বেহজাদো অন্যতম। বিগত সময়ছোৱাত শ্বেহজাদে প্ৰায়ে পাকিস্তান ব’ৰ্ড আৰু খেলুৱৈৰ বিপক্ষে ক্ষোভ উজাৰি আহিছে। শেহতীয়াকৈ পুনৰ শ্বেহজাদে আন এক মন্তব্যৰ বাবে চৰ্চালৈ আহিছে।

বৰ্তমান ৩৩ বছৰীয়া আহমেদে পাকিস্তানক ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটতে প্ৰতিনিধিত্ব কৰিছে। ২০০৯ চনতে তেওঁ পাকিস্তানৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল। কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাত আহমেদ শ্বেহজাদক ভাৰতীয় তাৰকা বিৰাট কোহলীৰ সৈতে তুলনা কৰা হৈছিল। মুখাৱয়বৰ সামান্য সামঞ্জস্যৰ লগতে তেওঁৰ খেলৰ বাবেও শ্বেহজাদক ‘পাকিস্তানৰ বিৰাট কোহলী’ বুলিও আখ্যা দিয়া হৈছিল।

নিজৰ বেটিং আৰু লুক দুয়োটাৰ বাবে যথেষ্ট চৰ্চালৈ আহিছিল যদিও শ্বেহজাদ হঠাতে দলৰ বাদ পৰিছিল। ইয়াৰ পিছত আৰু জাতীয় দললৈ তেওঁৰ প্ৰত্যাৱৰ্তন নঘটিল। এতিয়া এই শ্বেহজাদেই দলৰ সতীৰ্থ খেলুৱৈসকলৰ বিপক্ষে পুনৰ ক্ষোভ উজাৰিছে, উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ। শ্বেহজাদে অভিযোগ কৰা মতে, তেওঁৰ ভাল চেহেৰাৰ বাবেই প্ৰাক্তন তথা জ্যেষ্ঠ খেলুৱৈসকলে তেওঁক ঈৰ্ষা আৰু ঘৃণা কৰিছিল।

এক প’ডকাষ্টত শ্বেহজাদে কয়, ”আমাৰ ইয়াত যদি আপুনি দেখিবলৈ ভাল হয়, ভাল সাজ-পোছাক পৰিধান কৰিব পাৰে আৰু ভালদৰে কথা ক’ব জানে তেতিয়া অভিজ্ঞ আৰু প্ৰাক্তন খেলুৱৈসকলে ঈৰ্ষা কৰে। মই সৰুৰে পৰা ক্ৰিকেট খেলি আহিছো আৰু মই কেতিয়াও ভবা নাছিলো যে মানুহে ভাল চেহেৰাৰ দৰে বিষয়তো বাচ-বিচাৰ কৰিব।” শ্বেহজাদে লগতে তেওঁৰ লগতে আন খেলুৱৈয়ো এনে আচৰণৰ বলি হোৱা বুলি অভিযোগ কৰে।

উল্লেখ্য যে ২০০৯ চনত শ্বেহজাদে এদিনীয়া আৰু টি-২০ত অভিষেক ঘটাইছিল যদিও ২০১৩ চনতহে দলত তেওঁৰ স্থান কিছু নিগাজী হৈছিল। কিন্তু বেছিদিনলৈ দলত স্থান নিশ্চিত কৰিব নোৱাৰিলে শ্বেহজাদে। ২০১৭ চনত তেওঁ কেৰিয়াৰৰ অন্তিম টেষ্ট আৰু এদিনীয়া খেলিছিল। আনহাতে ২০১৯ চনত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলিছিল শ্বেহজাদে। তিনিওটা ফৰ্মেটতে তেওঁ মুঠ ১৫৩খন মেচত ৫হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছিল।