ক্ৰিকেটৰ পিছত এইবাৰ হকীতো অথন্তৰঃ পাকিস্তান হকী দলক দিয়া হ’ল এনে আদেশ…
অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰতো অধিক বাধাৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰভাৱ এতিয়া ক্ৰিকেটৰ পৰা হকীৰ দিশলৈয়ো গতি কৰিছে। ভাৰতত হ’বলগীয়া প্ৰতিযোগিতাৰ বাবে দল প্ৰেৰণ কৰাৰ পূৰ্বে পাকিস্তান হকী ফেডাৰেচনক চৰকাৰৰ পৰা অনুমতি ল’বলৈ নিৰ্দেশ দিয়া হৈছে।
আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা বিবাদে যোৱা কিছুদিন ধৰি ক্ৰিকেট বিশ্বত যথেষ্ট চৰ্চা চলিল। ধাৰাবাহিক আলোচনাৰ অন্তত অৱশেষত শেহতীয়াকৈ এই বিবাদে এতিয়া সমাধানৰ মুখ দেখিলে। এই সমাধান সূত্ৰ অনুসৰি এতিয়া অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত আয়োজন কৰা হ’ব। ভাৰত চৰকাৰৰ সিদ্ধান্ত অনুসৰি বিচিচিআইয়ে ভাৰতীয় দলক এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলতে এই বিবাদৰ সূত্ৰপাত হয়।
ক্ৰিকেটক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে এতিয়া দুয়ো দেশৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰতো অধিক বাধাৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰভাৱ এতিয়া ক্ৰিকেটৰ পৰা হকীৰ দিশলৈয়ো গতি কৰিছে। এইবাৰ জুনিয়ৰ হকী বিশ্বকাপৰ ক্ষেত্ৰতো পৰিছে চেম্পিয়নছ ট্ৰফীৰ বিবাদৰ প্ৰভাৱ। এই প্ৰতিযোগিতাৰ বাবে দল প্ৰেৰণ কৰাৰ পূৰ্বে পাকিস্তান হকী ফেডাৰেচনক চৰকাৰৰ পৰা অনুমতি ল’বলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে ভাৰতে এই FIH জুনিয়ৰ বিশ্বকাপৰ আয়োজন কৰিব। অহা বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। জুনিয়ৰ বিশ্বকাপৰ বাবে পাকিস্তান দলেও যোগ্যতা অৰ্জন কৰিছে। সেয়ে দলটোৱে ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে যদিও শেহতীয়া পৰিস্থিতিৰ পিছত পাকিস্তান দলৰ অংশগ্ৰহণ সন্দেহৰ মাজত সোমাই পৰিছে।
আজি সংবাদ মাধ্যমৰ সৈতে সাক্ষাতৰ সময়ত পাকিস্তান হকী ফেডাৰেচনৰ সাধাৰণ সম্পাদক ৰানা মুজাহিদে চৰকাৰৰ এই নিৰ্দেশনাৰ বিষয়ে অৱগত কৰে। মুজাহিদে কয় যে পাকিস্তানৰ জুনিয়ৰ হকী দলটোক জুনিয়ৰ বিশ্বকাপৰ বাবে প্ৰেৰণ কৰাৰ পূৰ্বে চৰকাৰৰ পৰা আপত্তিহীন প্ৰমাণ পত্ৰ ল’ব লাগিব বুলি নিৰ্দেশনা লাভ কৰিছে। অৰ্থাৎ তেওঁলোকৰ জুনিয়ৰ হকী দলটো বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব নে নাহিব সেয়া কেৱল পাকিস্তান চৰকাৰেহে সিদ্ধান্ত ল’ব।
তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বেও যেতিয়াই ভাৰতত কোনো ডাঙৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, তেতিয়াই কোনো সমস্যা নোহোৱাকৈ পাকিস্তান দল প্ৰেৰণ কৰা হৈছে যদিও এইবাৰ ফেডাৰেচনক ভাৰতত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আৰু দল নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব। পাকিস্তান হকী ফেডাৰেচনে ইয়াৰ আঁৰৰ কাৰণ উল্লেখ কৰা নাই যদিও চেম্পিয়নছ ট্ৰফী বিতৰ্কৰ বাবেই এনে পৰিস্থিতি অহা বুলি ধাৰণা কৰা হৈছে।
উল্লেখ্য যে ভাৰতীয় দলে নিৰাপত্তাৰ ভাবুকি আৰু ভাৰত চৰকাৰৰ অনুমতি লাভ নকৰাৰ দোহাই দি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পাছতে বিচিচিআই আৰু পিচিবিৰ মাজত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। কেৱল চেম্পিয়নছ ট্ৰফীয়েই নহয়, বিগত মাহত পাকিস্তানত অনুষ্ঠিত হোৱা ব্লাইণ্ড টি-২০ বিশ্বকাপৰ বাবেও ভাৰতীয় দলটোক পাকিস্তান ভ্ৰমণৰ অনুমতি দিয়া নাছিল চৰকাৰে।