ঘৰুৱা মাটিত মুখ থেকেচা! চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হ’ব নেকি পাকিস্তান?

এইবাৰ চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে আৰু ভাৰতে আটাইকেইখন খেল ডুবাইত খেলিব। ২৩ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মেচ ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

ঘৰুৱা মাটিত মুখ থেকেচা! চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হব নেকি পাকিস্তান?

পাকিস্তান

Updated On: 

20 Feb 2025 11:08 AM

চলি আছে পাকিস্তানে আয়োজন কৰা  চেম্পিয়নছ ট্ৰফী ২০২৫। এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচতেই নিজৰ মাটিত পৰাজয় লাভ কৰে পাকিস্তান ক্ৰিকেট দলে। চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণী খেলখন কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত পাকিস্তান আৰু নিউজিলেণ্ডৰ দলৰ মাজত অনুষ্ঠিত হৈছিল। এই মেচত পাকিস্তানে অতি দুৰ্বল প্ৰদৰ্শন কৰি ৬০ ৰানত পৰাজয় বৰণ কৰে। এই পৰাজয়ৰ লগে লগে আয়োজক দেশখনৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰা কঠিন হৈ পৰিছে। পাকিস্তানৰ পৰৱৰ্তী খেল আছে ভাৰতৰ লগত।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী মুঠ ৮ টা দলৰ মাজত অনুষ্ঠিত হৈছে। ভাৰত, নিউজিলেণ্ড আৰু বাংলাদেশৰ সৈতে গ্ৰুপ এত আছে পাকিস্তান দল। গ্ৰুপ পৰ্যায়ত এই তিনিটা দলৰ বিৰুদ্ধে ১-১ খন মেচ অনুষ্ঠিত হ’ব। অৰ্থাৎ এতিয়া গ্ৰুপ পৰ্যায়ত পাকিস্তানৰ মাত্ৰ ২ খন মেচ বাকী আছে। ২৩ ফেব্ৰুৱাৰীত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলিব আৰু তাৰ পাছৰ খেল আছে বাংলাদেশৰ বিৰুদ্ধে। যদি পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশ কৰিব বিচাৰে তেন্তে বাকী থকা মেচকেইখনত জয়ী হ’ব লাগিব। লগতে ৰাণ ৰেট উন্নত কৰিব লাগিব।

উল্লেখ্য যে, ছেমি ফাইনেলত প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰিবলৈ ৩ খন মেচৰ ভিতৰত কমেও দুখনত জয়ী হ’ব লাগিব। এনে পৰিস্থিতিত যদি পাকিস্তানে দুয়োখন মেচত পৰাজয় বৰণ কৰে তেন্তে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব। যদি গ্ৰুপ পৰ্যায়ত মাত্ৰ এখন মেচত জয়ী হয় তেন্তে দলটোৱে বাকী দলৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

ডুবাইত পাকিস্তানৰ খেল

উল্লেখ্য যে, এইবাৰ চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে আৰু ভাৰতে আটাইকেইখন খেল ডুবাইত খেলিব। ২৩ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মেচ ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এতিয়ালৈকে এই ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ দলৰ মাজত ২ খন এদিনীয়া খেল অনুষ্ঠিত হৈছে। কিন্তু এই দুয়োখন মেচতে পাকিস্তানৰ দলটোৱে পৰাজয় লাভ কৰিছে। গতিকে দলটোৱে যদি ছেমি ফাইনেলত প্ৰৱেশ কৰিব বিচাৰে তেন্তে পৰাজয়ৰ ধাৰা সলনি কৰিব লাগিব।

উল্লেখ্য যে, চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছিল পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত। এই খেলত নিউজিলেণ্ডৰ হাতত পাকিস্তানে ৬০ ৰানত পৰাস্ত হয়। এই মেচত নিউজিলেণ্ডে পাকিস্তানক ৩২০ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও পাকিস্তানে ৪৭.২ অভাৰত মাত্ৰ ২৬০ ৰান কৰিবলৈহে সক্ষম হয়। পাকিস্তানৰ পৰৱৰ্তী মেচ আছে ভাৰতৰ সৈতে, গতিকে এই সময়চোৱাত দলটোৰ প্ৰদৰ্শন লক্ষণীয় হ’ব।

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত