খঙত তিঙিৰিতুলা পাকিস্তান চৰকাৰঃ ২২ গজত আৰু কেতিয়াও নহ’ব ভাৰত-পাক যুঁজ!

বিগত এটা দশক ধৰি আইচিচিৰ কোনো মূল ইভেণ্ট বা এছিয়া কাপৰ বাদে কোনো দ্বিপাক্ষিক মেচত অংশ লোৱা নাই ভাৰত আৰু পাকিস্তানে। এতিয়া এনে প্ৰতিযোগিতাতো ভাৰত আৰু পাকিস্তানৰ মাজত মেচ বন্ধ হোৱাৰ উপক্ৰম হৈছে। পাকিস্তান চৰকাৰে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণৰ বাবে সাজু হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

খঙত তিঙিৰিতুলা পাকিস্তান চৰকাৰঃ ২২ গজত আৰু কেতিয়াও নহ’ব ভাৰত-পাক যুঁজ!

পুনৰ দেখা নাযাব নেকি ভাৰত-পাক মেচ!

Published: 

11 Nov 2024 13:06 PM

ক্ৰিকেট বিশ্বত ভাৰত-পাক মেচ মানেই এক অনন্য ৰোমাঞ্চ। সমগ্ৰ ক্ৰিকেট বিশ্বতে ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচক লৈ এক বিশেষ উৎকণ্ঠা পৰিলক্ষিত হয়। অৱশ্যে দুয়োটা দলে কেৱল আইচিচিৰ কোনো মূল ইভেণ্ট বা এছিয়া কাপৰ সময়তহে পৰস্পৰৰ বিপক্ষে খেলপথাৰত অৱতীৰ্ণ হৈ আহিছে। দুয়ো দলৰ মাজত বিগত এটা দশক ধৰি কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই। সেয়ে আইচিচিৰ প্ৰতিযোগিতা বা এছিয়া কাপত ভাৰত-পাক মেচৰ তীব্ৰতা যথেষ্ট বৃদ্ধি পায়। পিছে এতিয়া ক্ৰিকেটপ্ৰেমীৰ এই আকৰ্ষণৰ সুযোগো বন্ধ হোৱাৰ উপক্ৰম হৈছে।

হয়তো এতিয়াৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত নহ’ব কোনো ক্ৰিকেট মেচ! এনে এক সম্ভাৱনাৰ খবৰেই এতিয়া আহিছে পোহৰলৈ। অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰিয়েই এই সম্ভাৱনা গা কৰি উঠিছে। চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ অংশগ্ৰহণক লৈ সৃষ্টি হোৱা বিতৰ্ক শেহতীয়াকৈ ক্ৰমাৎ অধিক গাঢ় হৈ পৰিছে। বিচিচিআইয়ে এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল পাকিস্তানলৈ প্ৰেৰণ নকৰে বুলি স্পষ্ট কৰি দিছে।

এনে পৰিস্থিতিত প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছে বিচিচিআইয়ে। আনহাতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত আয়োজনৰ বাবে সন্মতি নিদিয়ে বুলি স্পষ্ট কৰিছে। প্ৰয়োজন হ’লে এই বিষয়ত পিচিবিয়ে বিচিচিআইৰ বিপক্ষে আইনী পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰস্তুতি চলাইছে বুলিও খবৰ প্ৰকাশ পাইছে। তাৰ মাজতে এইবাৰ সৃষ্টি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট মেচৰ অনিশ্চয়তা।

পাকিস্তানী সংবাদ মাধ্যমৰ খবৰ অনুসৰি যদি ভাৰতীয় দলক চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ প্ৰেৰণ কৰায়, তেন্তে পাকিস্তানে আগন্তুক কোনো প্ৰতিযোগিতাত ভাৰতীয় দলৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ নহয়। পাকিস্তান চৰকাৰে শেহতীয়াকৈ এই কঠোৰ স্থিতি গ্ৰহণৰ বাবে চিন্তা-চৰ্চা চলাইছে বুলি খবৰ ওলাইছে। এনে খবৰে স্বাভাৱিকতেই অসন্তুষ্ট কৰিছে ক্ৰিকেটপ্ৰেমীক। এই লৈ এতিয়া চলিছে ব্যাপক চৰ্চা।

শেহতীয়াকৈ বিচিচিআইয়ে ইমেইলযোগে আইচিচিক জনাইছে যে পাকিস্তানত হ’ব পৰা নিৰাপত্তাজনিত উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলক পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এই সিদ্ধান্ত সন্দৰ্ভত আইচিচিৰ পৰা তথ্য লাভ কৰিছে বুলি দেওবাৰে পিচিবিয়ে উল্লেখ কৰিছে। ইয়াৰ পিছতে পিচিবিয়ে পাকিস্তান চৰকাৰক এই বিষয়ে অৱগত কৰে।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই সন্দৰ্ভত অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে যদিও স্থানীয় সংবাদ মাধ্যমত চৰকাৰে এই বিষয়ত কঠোৰ স্থিতি লোৱাৰ সিদ্ধান্ত লৈছে বুলি দাবী কৰা হৈছে। পাকিস্তানী সাংবাদিক ফৈজান লখানীয়ে ‘এক্স’ত এক পোষ্ট যোগে প্ৰকাশ কৰা মতে ভাৰতীয় দল পাকিস্তানলৈ প্ৰেৰণ নকৰা পৰ্যন্ত আগন্তুক কোনো প্ৰতিযোগিতাত পাকিস্তান দলে ভাৰতৰ বিপক্ষে মেচ খেলিব নোৱাৰিব বুলি পাকিস্তান চৰকাৰে সিদ্ধান্ত লৈছে।

 

আনকি প্ৰতিযোগিতাখনৰ নক আউট মেচতো যদি দুয়োটা দল মুখামুখি, পাকিস্তানে সেই মেচত অৱতীৰ্ণ হ’বলৈয়ো অস্বীকাৰ কৰিব বুলি পাকিস্তানী সাংবাদিকগৰাকীয়ে পোষ্টটোত উল্লেখ কৰিছে। এই বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই যদিও এই খবৰে এতিয়া ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। পৰৱৰ্তী সময়ত এই বিষয়ত কেনে পৰিস্থিতিৰ উদ্ভৱ হয় সেয়া হ’ব লক্ষণীয়।

ফ্ৰিজৰ ওপৰত ভুলতেও নাৰাখিব এইসমূহ বস্তু, আৰম্ভ হ'ব বেয়া দিন!
ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...
দেশৰ এখন অভিশপ্ত নদী, যাক স্পৰ্শ কৰিবলৈ ভয় কৰে মানুহে, কাৰণ..