5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৪৭০ কোটি ব্যয়! ভাৰতৰ কোনগৰাকী খেলুৱৈৰ লগত কিমান টকা খৰচ কৰিলে চৰকাৰে?

লক্ষ্য সেন, পি ভি সিন্ধুকে ধৰি বেডমিন্টনৰ খেলুৱৈসকলৰ বাবে মুঠ ৭২.০৩ কোটি টকা ব্যয় কৰা হৈছিল। অৱশ্যে বেডমিন্টনত কোনোৱে পদক লাভ কৰিব নোৱাৰিলে।

৪৭০ কোটি ব্যয়! ভাৰতৰ কোনগৰাকী খেলুৱৈৰ লগত কিমান টকা খৰচ কৰিলে চৰকাৰে?
পেৰিছ অলিম্পিক
Follow Us
barasha-sarma
Barasha Sarma | Published: 11 Aug 2024 18:31 PM

পেৰিছ অলিম্পিক-২০২৪ ত অন্ত পৰিল ভাৰতৰ যাত্ৰা। ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হোৱা অলিম্পিকত ভাৰতৰ ১১৭ জন খেলুৱৈ ১৬ খন খেলত অংশ গ্ৰহণ কৰিছিল। ভাৰতে এই অলিম্পিকত এটা ৰূপৰ পদকৰ লগতে ৫ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে বহু খেলুৱৈয়ে চতুৰ্থ স্থানত থাকি অলপৰ বাবে পদক লাভৰ পৰা বঞ্চিত হয়। পিভি সিন্ধু, মিৰাবাই চানু, নিখাত জৰীন, লাভলীনা বৰগোঁহাই আদি অন্যতম। এই বাৰৰ ভাৰতৰ দল সন্তোষজনক নাছিল।

দেশবাসীয়ে বহু অভিঞ্জ খেলুৱৈৰ পৰা যথেষ্ঠ আশা কৰিছিল যদিও তেওঁলোক পদক লাভৰ পৰা বঞ্চিত হয়। এইবাৰ ভাৰতৰ হৈ বিনেশ ফ’গাটে সোণ লাভ কৰাৰ আশা আছিল যদিও তেওঁ খেলৰ পৰা অযোগ্য ঘোষণা হোৱাত এই আশাত চেঁচাপানী পৰে। কিন্তু আপুনি জানেনে প্ৰতিগৰাকী খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষণৰ নামত কিমান টকা খৰচ হৈছে?

পেৰিছ অলিম্পিকলৈ যোৱা ১১৭ গৰাকী ভাৰতীয় খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে মুঠ ৪৭০ কোটি টকা ব্যয় হৈছে। অৰ্থাৎ ভাৰতে এটা পদকৰ বাবে প্ৰায় ৭৮.৩৩ কোটি টকা খৰচ কৰিব লগা হৈছে। ১৬খন খেলৰ ভিতৰত সৰ্বাধিক খৰচ এথলেটিকছত কৰা হৈছিল। এথলেটিকছৰ বিভিন্ন খেলৰ বাবে মুঠ ৯৬.০৮ কোটি টকা মুকলি কৰি দিয়া হৈছিল, য’ত কেৱল নীৰজ চোপ্ৰাইহে ৰূপৰ পদক লাভ কৰাত সফল হয়। ইয়াৰ পিছত বেডমিণ্টনৰ বাবে সৰ্বাধিক ব্যয় কৰা হৈছিল।

লক্ষ্য সেন, পি ভি সিন্ধুকে ধৰি বেডমিন্টনৰ খেলুৱৈসকলৰ বাবে মুঠ ৭২.০৩ কোটি টকা ব্যয় কৰা হৈছিল। অৱশ্যে বেডমিন্টনত কোনোৱে পদক লাভ কৰিব নোৱাৰিলে। তৃতীয়  স্থানত আছে বক্সিং। এইবাৰ অলিম্পিকত লভলিনা বৰগোহাঁই আৰু নিখাত জৰীণকে ধৰি ৬ গৰাকী বক্সাৰে অংশ লৈছিল। তেওঁলোকৰ প্ৰশিক্ষণৰ বাবে ব্যয় হৈছিল ৬০.৯৩ কোটি টকা। শ্বুটিং ক্ৰীড়াৰ বাবে ব্যয় কৰা হৈছিল ৬০.৪২ কোটি টকা। ইয়াত মনু ভাকৰ আৰু সৰবজোৎ সিঙে মিলি ২ টা পদক লাভ কৰিবলৈ সক্ষম হয়। হকীৰ প্ৰশিক্ষণত ৪১.৩ কোটি টকা আৰু মল্লযুঁজৰ প্ৰশিক্ষণত ৩৭.৮ কোটি টকা খৰচ হৈছিল। ইয়াৰোপৰি ধনুৰ্বিদ্যাৰ বাবে ব্যয় কৰা হৈছিল ৩৯.১৮ কোটি টকা।

পেৰিছ অলিম্পিকত ভাৰতে মুঠ ৬টা পদক লাভ কৰে। ইয়াৰে দুটা দলীয়, আৰু বাকী কেইটা একক। ৰূপৰ পদক বিজয়ী নীৰজ চোপ্ৰাৰ প্ৰশিক্ষণৰ বাবে সৰ্বোচ্চ ৫.৭২ কোটি টকা ব্যয় কৰা হৈছিল আৰু শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰৰ বাবে ১.৬৮ কোটি টকা ব্যয় কৰা হৈছিল। দলীয় ইভেণ্টত থকা সৰাবজোৎ সিঙৰ প্ৰশিক্ষণৰ বাবে ১.৪৬ কোটি টকা ব্যয় কৰা হৈছিল। শ্বুটিঙতেই ব্ৰঞ্জৰ পদক লাভ কৰা স্বপ্নিল কুছালেক ১.৬ কোটি টকাৰ সহায় প্ৰদান কৰা হৈছিল। পদক বিজয়ীসকলৰ ভিতৰত সৰ্বনিম্ন ব্যয় (৭২.৪১ লাখ) হৈছে ২২ বছৰীয়া অমন ছেহৰাৱাটৰ লগত।

কেইজনমান খেলুৱৈ এনে আছে যি পদৰ লাভৰ পৰা মাত্ৰ অলপ দূৰৈত থাকে। তেনে এগৰাকী খেলুলৈ বিনেশ ফ’গাটৰ বাবে সৰ্বনিম্ন ব্যয় ৭০.৪৫ লাখ টকা আৰু সৰ্বাধিক টকা খৰচ হৈছিল সাতৱিক সাইৰাজ আৰু চিৰাগ শ্বেট্টীৰ যুটিৰ বাবে। বিভিন্ন আঁচনিৰ অধীনত তেওঁলোকৰ প্ৰশিক্ষণৰ বাবে ৫.৬২ কোটি টকা দিয়া হৈছিল। আনহাতে, পিভি সিন্ধুৰ বাবে ৩.১৩ কোটি, মিৰাবাই চানুৰ বাবে ২.৭৪ কোটি, অনিশ ভানৱালাৰ ২.৪১ কোটি, ৰোহন বোপান্নাৰ ১.৫৬ কোটি, মণিকা বাতৰাৰ ১.৩ কোটি টকা ব্যয় কৰা হৈছিল।

 

Latest News