ভাৰতৰ তালিকাত আজিয়েই পদক সংযোজিত হোৱাৰ আশাঃ চাওক অলিম্পিকত আজি ভাৰতৰ সূচী... | Paris Olympics 2024 28 July Indian athlete schedule and time Manu Bhaker Nikhat Zareen PV Sindhu Assam news - Assam Tv9

ভাৰতৰ তালিকাত আজিয়েই পদক সংযোজিত হোৱাৰ আশাঃ চাওক অলিম্পিকত আজি ভাৰতৰ সূচী…

আজি ভাৰতীয় দলে পেৰিছ অলিম্পিকত পদৰ অভিযান আৰম্ভ কৰিব বুলি পূৰ্ণ আশাৰে বাট চাইছে দেশবাসীয়ে। বিশেষকৈ যদি আশা কৰাৰ দৰেই খেলুৱৈসকলে নিজৰ সৰ্বোচ্চ প্ৰদৰ্শন দাঙি ধৰিব পাৰে, তেন্তে আৰ্চাৰী আৰু শ্বুটিঙৰ জৰিয়তে আজি ভাৰতে লাভ কৰিব পাৰে গৌৰৱময় খবৰ। চাওঁ আহক আজি পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে অংশ ল’বলগা ইভেণ্ট আৰু সময়।

ভাৰতৰ তালিকাত আজিয়েই পদক সংযোজিত হোৱাৰ আশাঃ চাওক অলিম্পিকত আজি ভাৰতৰ সূচী...

অলিম্পিকত আজি ভাৰতৰ সূচী

Published: 

28 Jul 2024 12:47 PM

পেৰিছ অলিম্পিকৰ আজি দ্বিতীয় দিন। প্ৰথম দিনাৰ প্ৰায় আশানুৰূপ প্ৰদৰ্শনৰ পিছত আজি ভাৰতীয় দলে পেৰিছত পদক তালিকাত নাম সংযোজিত কৰাৰ পূৰ্ণ সম্ভাৱনাৰে অৱতীৰ্ণ হ’ব। দেশৰ ক্ৰীড়ানুৰাগীসকলেও আজি ভাৰতীয় দলে পেৰিছ অলিম্পিকত পদৰ অভিযান আৰম্ভ কৰিব বুলি পূৰ্ণ আশাৰে বাট চাইছে। বিশেষকৈ যদি আশা কৰাৰ দৰেই খেলুৱৈসকলে নিজৰ সৰ্বোচ্চ প্ৰদৰ্শন দাঙি ধৰিব পাৰে, তেন্তে আৰ্চাৰী আৰু শ্বুটিঙৰ জৰিয়তে আজি ভাৰতে লাভ কৰিব পাৰে গৌৰৱময় খবৰ। চাওঁ আহক আজি পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে অংশ ল’বলগা ইভেণ্ট আৰু সময়-

আজি শ্বুটিং, বেডমিণ্টন, ৰ’য়িং, টেবুল টেনিছ, আৰ্চাৰী, ছুইমিং, বক্সিং আৰু টেনিছত  অৱতীৰ্ণ হ’ব ভাৰতীয় খেলুৱৈ। এতিয়া ১২:৪৫ বজাত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ কোৱালিফাইং ৰাউণ্ডত নামিছে এলভেনিল ৱালাৰিভান আৰু ৰমিতা জিন্দাল।

১২:৫০ বজাত বেডমিণ্টনৰ গ্ৰুপ ষ্টেজত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু অৱতীৰ্ণ হ’ব। গত দুবাৰৰ অলিম্পিকত ব্ৰঞ্জ আৰু ৰূপ জয়ী সিন্ধুৱে এইবাৰ নিশ্চিতৰূপে স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি অভিযান আৰম্ভ কৰিব।

১:০৬ বজাত ৰ’য়িং ৰিপিচেজ) ইভেণ্টত অৱতীৰ্ণ হ’ব বলৱন্ত পানৱাৰ।

২:১৫ বজাত টেবুল টেনিচৰ মহিলাৰ একক শাখাত নামিব শ্ৰীজা আকুলা।

২:৩০ বজাত সাঁতোৰৰ পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰোক হিটছত অৱতীৰ্ণ হ’ব শ্ৰীহৰি নটৰাজ। একে সময়তে মহিলাৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল হিটছত নামিব ধিনিধি দেছিংঘু।

২:৪৫ বজাত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ কোৱালিফায়িং ৰাউণ্ডত অৱতীৰ্ণ হ’ব সন্দীপ সিং আৰু অৰ্জুন বাবুতা।

৩ বজাত টেবুল টেনিছৰ পুৰুষৰ একক শাখাত অভিযান আৰম্ভ কৰিব অভিজ্ঞ শৰত কমল। অভিজ্ঞ তাৰকাগৰাকীৰ পৰাও পদকৰ আশা কৰা হৈছে।

৩:৩০ বজাত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত নামিব মনু ভাকেৰ। অলিম্পিকত এইবাৰ সম্ভাৱ্য পদক জয়ী খেলুৱৈ হিচাপে শীৰ্ষত থকা ভাকেৰে পেৰিছত ভাৰতৰ পদকৰ পাতনি মেলিব বুলি সকলোৱে আশাৰে বাট চাইছে।

৩:৩০ বজাতে পুৰুষৰ টেনিছৰ একক শাখাত সুমিত নাগালে অভিযান আৰম্ভ কৰিব। আনহাতে ৰোহন বোপন্না আৰু শ্ৰীৰাম বালাজীয়ে ডাবলছ অভিযান আৰম্ভ কৰিব।

৩:৫০ বজাত মহিলা বক্সিঙৰ ৫০ কেজি শাখাত ৰাউণ্ড অৱ ৩২ মেচত অৱতীৰ্ণ হ’ব নিখাত জাৰিন। দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাতো পেৰিছ অলিম্পিকত ভাৰতৰ অন্যতম পদক জয়ৰ আশা।

৪:৩০ বজাত টেবুল টেনিছৰ মহিলাৰ একক শাখাত অভিযান আৰম্ভ কৰিব মনিকা বাট্ৰাই।

৫:৪৫ বজাত ভাৰতৰ অন্যতম পদক জয়ৰ আশা হিচাপে আৰ্চাৰীৰ মহিলাৰ দলীয় শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নামিব দীপিকা কুমাৰী, ভজন কৌৰ আৰু অংকিতা ভকতৰ দল। কোৱাৰ্টাৰত জয়ী হ’লে দলটো ৭:১৭ বজাত ছেমি আৰু ৮:৪১ বজাত ফাইনেলত অৱতীৰ্ণ হ’ব। আনহাতে ছেমিত পৰাস্ত হ’লে ৮:১৮ বজাত ব্ৰঞ্জ পদকৰ মেচত অৱতীৰ্ণ হ’ব দলটো।

৮ বজাত বেডমিণ্টনৰ পুৰুষৰ একক শাখাত অভিযান আৰম্ভ কৰিব এইচ এছ প্ৰণয়ে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?