অলিম্পিকত আজি ভাৰতৰ খেলঃ আজি পুনৰ প্ৰতিদ্বন্দিতাত নামিব ব্ৰঞ্জ জয়ী মনু
কালি পেৰিছ অলিম্পিকত পদক জয়ৰ পাতনি মেলাৰ পিছত আজি অধিক আত্মবিশ্বাসেৰে নিজ নিজ ইভেণ্টত নামিব ভাৰতীয় খেলুৱৈ। অনবদ্য সাফল্যৰে কালি দেশবাসীক গৌৰৱান্বিত কৰি তোলা মনু ভাকৰে আজি পুনৰ আগবঢ়াব প্ৰতিদ্বন্দিতা। চাওঁ আহক অলিম্পিকত আজি ভাৰতৰ সূচী।
চলিত পেৰিছ অলিম্পিকৰ দ্বিতীয় দিনা আকাংক্ষিত খবৰ লাভ কৰিলে ভাৰতে। দেশবাসীৰ আশা-আকাংক্ষা পূৰ কৰি পেৰিছত কালি ব্ৰঞ্জ জয়েৰে উজলি উঠে শ্বুটাৰ মনু ভাকৰ। দেওবাৰে পেৰিছত ভাৰতীয় দলে দাঙি ধৰে তুলনামূলকভাৱে আশানুৰূপ প্ৰদৰ্শন। অৱশ্যে মহিলা আৰ্চাৰী দল আৰু টেবুল টেনিছত শৰত কমলৰ পৰাজয়ে নিৰাশ কৰে দেশবাসীক। কালি পদক জয়ৰ পাতনি মেলাৰ পিছত আজি অধিক আত্মবিশ্বাসেৰে নিজ নিজ ইভেণ্টত নামিব ভাৰতীয় খেলুৱৈ। অনবদ্য সাফল্যৰে কালি দেশবাসীক গৌৰৱান্বিত কৰি তোলা মনু ভাকৰে আজি পুনৰ আগবঢ়াব প্ৰতিদ্বন্দিতা। চাওঁ আহক অলিম্পিকত আজি ভাৰতৰ সূচী-
১২ বজাত বেডমিণ্টনত পুৰুষৰ ডাবলছৰ গ্ৰুপ ষ্টেজত অৱতীৰ্ণ হৈছে সাত্বিক-চিৰাগৰ যুটি। পেৰিছত পদক জয়ৰ সম্ভাৱনা প্ৰকাশ কৰা খেলুৱৈৰ তালিকাত শীৰ্ষতে আছে এই যুটি। শনিবাৰে সফল আৰম্ভণি ঘটোৱা সাত্বিক-চিৰাগে আজিও অদমনীয় প্ৰদৰ্শন আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে দেশবাসীয়ে।
১২:৪৫ বজাত ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড টিম ইভেণ্টৰ কোৱালিফায়িং ৰাউণ্ডত অৱতীৰ্ণ হ’ব ভাৰতৰ দুই যুটি সৰবজোত সিং-মনু ভাকৰ আৰু অৰ্জুন সিং-ৰিদম চাংৱান। এই ইভেণ্টটো নিশ্চিত পদকৰ আশা কৰিছে ভাৰতে।
১২:৫০ বজাত বেডমিণ্টনৰ মহিলা ডাবলছৰ গ্ৰুপ ষ্টেজ মেচত অৱতীৰ্ণ হ’ব অশ্বিনী পোনাপ্পা আৰু তানিষা ক্ৰাষ্টো যুটি।
১ বজাত মহিলাৰ শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত নামিব ৰমিতা জিন্দাল। জিন্দালৰ জৰিয়তে আজি আন এটা পদকৰ আশা কৰিছে ভাৰতে।
১ বজাতে শ্বুটিঙত পুৰুষৰ ট্ৰেপ ইভেণ্টত কোৱালিফায়িং ৰাউণ্ডত অৱতীৰ্ণ হ’ব পৃথ্বীৰাজ টোণ্ডাইমান। তাৰকাগৰাকীৰ পৰাও এইবাৰ আশা কৰা হৈছে অলিম্পিক পদক।
৩:৩০ বজাত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত অৱতীৰ্ণ হ’ব অৰ্জুন বাবুতা। যদি বাবুতা সফল হয়, ভাৰতে আজি লাভ কৰিব পাৰে আন এক পদক।
৪:১৫ বজাত ভাৰতৰ পুৰুষ হকী দলে গ্ৰুপ ষ্টেজৰ দ্বিতীয়খন মেচত আৰ্জেণ্টিনাৰ সন্মুখীন হ’ব। টকিঅ’ত ব্ৰঞ্জ জয়ী ভাৰতীয় দলটোৱে প্ৰথম মেচত নিউজিলেণ্ডক পৰাস্ত কৰি ইতিমধ্যে পেৰিছত ঘটাইছে আশানুৰূপ আৰম্ভণি। ২৯ জুলাইত আৰ্চাৰীত পদকৰ আশা
সন্ধিয়া ৫:৩০ বজাত বেডমিণ্টনৰ পুৰুষৰ একক শাখাৰ গ্ৰুপ ষ্টেজ মেচত নামিব লক্ষ্য সেন। প্ৰথম মেচত জয়েৰে দেশবাসীৰ আশা বৃদ্ধি কৰা সেন এইবাৰ পদকৰ অন্যতম দাবীদাৰ।
সন্ধিয়া ৬:৩১ বজাত দেখিবলৈ পোৱা যাব দিনটোৰ অন্যতম পদক জয়ৰ আশা থকা আৰ্চাৰী ইভেণ্টত পুৰুষ দলৰ খেল। কোৱাৰ্টাৰ ফাইনেলত তৰুনদীপ ৰায়, ধীৰাজ বম্মাদেৱৰা আৰু প্ৰবীণ জাধৱ যুটিয়ে ভাৰতৰ আশা-আকাংশাক বহন কৰিব।
যদি কোৱাৰ্টাৰত জয়ী হয় ভাৰতীয় দলটো পুনৰ ৭:১৭ বজাত ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব। ছেমিতো জয়ী হ’লে ৮:৪১ বজাত ফাইনেলত নামিব ভাৰত। আনহাতে ছেমিত পৰাস্ত হ’লে ৮:১৮ বজাত ব্ৰঞ্জ পদকৰ বাবে যুঁজ দিব।
দিনটোৰ অন্তিমটো ভাৰতীয় খেলুৱৈৰ ইভেণ্ট হিচাপে নিশা ১১:৩০ বজাত টেবুল টেনিছৰ মহিলা একক শাখাৰ অন্তিম ৩২ত নামিব শ্ৰীজা আকুলা।