ৱিনেশৰ গতিয়েই হ’ল হয় অমনৰ গতি! কিদৰে ১০ ঘণ্টাত ৪.৫ কিলো হ্ৰাস কৰিলে ব্ৰঞ্জ জয়ী অমনে? | Paris Olympics 2024 Aman Sehrawat lost 4.5 kilo weight in just 10 hours wins bronze medal Vinesh Phogat Assam news - Assam Tv9

ৱিনেশৰ গতিয়েই হ’ল হয় অমনৰ গতি! কিদৰে ১০ ঘণ্টাত ৪.৫ কিলো হ্ৰাস কৰিলে ব্ৰঞ্জ জয়ী অমনে?

Published: 

10 Aug 2024 11:47 AM

ৱিনেশৰ দৰেই হয়তো অধিক ওজনৰ বাবে অযোগ্য ঘোষিত হৈ অলিম্পিক পদকৰ পৰা বঞ্চিত হ’লহেঁতেন অমন। কিন্তু অশেষ কষ্ট আৰু একাগ্ৰতাৰে এই বাধা অতিক্ৰম কৰে অমন আৰু তেওঁৰ প্ৰশিক্ষক তথা সহায়ক দলটোৱে। এই অসামান্য কষ্টৰ সুবাদতে শুকুৰবাৰে পেৰিছ অলিম্পিকত ব্ৰঞ্জ জয়েৰে দেশবাসীক গোৰৱান্বিত কৰি তোলে অমনে।

ৱিনেশৰ গতিয়েই হ’ল হয় অমনৰ গতি! কিদৰে ১০ ঘণ্টাত ৪.৫ কিলো হ্ৰাস কৰিলে ব্ৰঞ্জ জয়ী অমনে?

অসাধ্য সাধনেৰে ব্ৰঞ্জ জয় অমনৰ

Follow Us On

চলিত পেৰিছ অলিম্পিকত শুকুৰবাৰে পুনৰ উৰিল ভাৰতীয় ধ্বজা। ভাৰতৰ পদক তালিকাত আন এটা পদকৰ সংযোজন ঘটাই ব্ৰঞ্জ জয়েৰে উজলি উঠে মল্লযুঁজাৰু অমন ছেহৰাৱট। মল্লযুঁজৰ পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাত প’ৱেৰ্ট’ ৰিকোৰ প্ৰতিদ্বন্দী ডেৰিয়ান ট্ৰয় ক্ৰুজক একপক্ষীয়ভাৱে ১৩-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি যুৱ তাৰকাগৰাকীয়ে বুটলে অলিম্পিক ব্ৰঞ্জ। এইদৰে ২১ বৰ্ষীয় অমন অলিম্পিক পদক লাভ কৰা সৰ্বকনিষ্ঠ ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। অমনে এই অনন্য কৃতিত্ব লাভ কৰাৰ পিছতে পোহৰলৈ আহিছে এক বিশেষ খবৰ।

পেৰিছত পদক জয়ৰ নিশ্চিতিৰে মহিলাৰ মল্লযুঁজৰ ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল তাৰকা ৰেষ্টলাৰ ৱিনেশ ফ’গাটে। ৱিনেশৰ জৰিয়তে স্বৰ্ণ লাভৰ আশাত উৎকণ্ঠিত হৈ আছিল সমগ্ৰ দেশ। কিন্তু ৱিনেশৰ লগতে সমগ্ৰ দেশবাসীৰ এই স্বপ্ন ভংগ হৈছিল ফাইনেলৰ পূৰ্বে। নিৰ্ধাৰিত ওজনতকৈ অধিক ওজন থকাৰ ফলত অযোগ্য ঘোষিত হ’ব লগা হয় ৱিনেশ। এই অনাকাংক্ষিত পৰিস্থিতিয়ে দেশবাসীক কৰি তোলে শোকাহত।

শুকুৰবাৰেও এনে এক অনাকাংক্ষিত খবৰেই হয়তো পুনৰ দেশবাসীৰ স্বপ্ন ভংগ কৰিলেহেঁতেন! ৱিনেশৰ দৰেই হয়তো অধিক ওজনৰ বাবে অযোগ্য ঘোষিত হৈ পদকৰ পৰা বঞ্চিত হ’লহেঁতেন অমন। কিন্তু অশেষ কষ্ট আৰু একাগ্ৰতাৰে এই বাধা অতিক্ৰম কৰে অমন আৰু তেওঁৰ প্ৰশিক্ষক তথা সহায়ক দলটোৱে। এই অসামান্য কষ্টৰ সুবাদতে শুকুৰবাৰে পেৰিছ অলিম্পিকত ব্ৰঞ্জ জয়েৰে দেশবাসীক গোৰৱান্বিত কৰি তোলে অমনে।

পোহৰলৈ অহা খবৰ অনুসৰি, ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পিছত প্ৰায় ৪.৫ কিলোগ্ৰাম ওজন বৃদ্ধি পাইছিল অমন ছেহৰাৱটৰ। এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছিল অমনসহ প্ৰশিক্ষক-সহায়কৰ দলটো। ইয়াৰ পিছত ভাৰতীয় প্ৰশিক্ষক জগমন্দৰ সিং আৰু বীৰেন্দ্ৰ দহিয়াৰ লগতে মুঠ ৬ জনীয়া দলে অমন ছেহৰাৱটৰ ওজন হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। কিন্তু ইয়াৰ বাবে তেওঁলোকৰ হাতত আছিল মাত্ৰ ১০ ঘণ্টা সময়।

কিন্তু ইয়াৰ পিছতো হাৰ মনা নাছিল দলটোৱে আৰু অমনক পদক জয়ৰ বাবে সাজু কৰি তোলাৰ চেষ্টা আৰম্ভ কৰে। অমনক প্ৰথমে ডেৰ ঘণ্টাৰ মেট চেচন দিয়া হৈছিল। এই সময়ত তেওঁক কেৱল থিয় হৈ মল্লযুঁজৰ অনুশীলন কৰিবলৈ দিয়া হৈছিল। ইয়াৰ পিছত অমনক এঘণ্টাৰ বাবে ‘হট বাথ চেচন’ দিয়া হয়।

নিশা ১২ বজাৰ পিছত অমনক জিমত এঘণ্টা সময় ট্ৰেডমিলত দৌৰিবলৈ দিয়া হয়। ইয়াৰ পিছত তেওঁক ৩০ মিনিট সময় জিৰণি ল’বলৈ দিয়া হৈছিল আৰু তাৰ পিছত তেওঁক ৫ মিনিটকৈ ৫ টা চেচনত ‘ছ’না বাথ’ দিয়া হৈছিল। এইদৰে তেওঁৰ ওজন ৩.৬ কিলোগ্ৰাম হ্ৰাস পায়।

এনে অবিৰত অনুশীলনৰ পিছত অমনক মালিচ দিয়া হয় আৰু খেলুৱৈজনে ১৫ মিনিট সাধাৰণ শাৰীৰিক ব্যায়াম আৰু দৌৰৰ চেচনত অংশ লয়। এনে অসামান্য পৰিশ্ৰমৰ অন্তত পুৱা ৪.৩০ বজাৰ ভিতৰত অমনৰ ওজন নিৰ্ধাৰিত ওজনৰ ভিতৰলৈ আহে বুলি জানিব পৰা গৈছে। অমন তথা তেওঁৰ সহায়ক দলৰ এই অনবদ্য পৰিশ্ৰমৰ খবৰে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version