পেৰিছ অলিম্পিকত ডাঙৰ হুলস্থুল, এই খেলুৱৈগৰাকীয়ে ছেইন নদীত সাঁতুৰি পৰিল বিপদত, জানক সবিশেষ | paris olympics 2024 belgium pulls out of triathlon mixed relay after claire michel is ruled out Assam news - Assam Tv9

পেৰিছ অলিম্পিকত ডাঙৰ হুলস্থুল, এই খেলুৱৈগৰাকীয়ে ছেইন নদীত সাঁতুৰি পৰিল বিপদত, জানক সবিশেষ

Updated On: 

05 Aug 2024 23:41 PM

আন এক বিতৰ্ক পোহৰলৈ আহিছে পেৰিছ অলিম্পিকৰ। দৰাচলতে ছেইন নদীত সাঁতুৰি অসুস্থ হৈ পৰে এগৰাকী বেলজিয়ামৰ খেলুৱৈ, যাৰ বাবে তেওঁৰ দলটোৱে পেৰিছ অলিম্পিক গেমছৰ মিক্সড ৰিলে ট্ৰাইএথলনৰ পৰা আঁতৰি আহিছে ।

1 / 5পেৰিছ অলিম্পিকত বিতৰ্ক অব্যাহত আছে। পেৰিছৰ ছেইন নদীত সাঁতুৰি অসুস্থ হৈ পৰে বেলজিয়ামৰ এথলীট ক্লেয়াৰ মিচেল, তাৰ পিছত তেওঁৰ সমগ্ৰ দলটোৱে ৰিলে ট্ৰাইএথলনৰ পৰা আঁতৰি আহিবলগীয়া হয়।

পেৰিছ অলিম্পিকত বিতৰ্ক অব্যাহত আছে। পেৰিছৰ ছেইন নদীত সাঁতুৰি অসুস্থ হৈ পৰে বেলজিয়ামৰ এথলীট ক্লেয়াৰ মিচেল, তাৰ পিছত তেওঁৰ সমগ্ৰ দলটোৱে ৰিলে ট্ৰাইএথলনৰ পৰা আঁতৰি আহিবলগীয়া হয়।

2 / 5

বেলজিয়ামৰ অলিম্পিক কমিটীয়ে জনোৱা মতে, বুধবাৰে মহিলা ট্ৰাইএথলনত অংশগ্ৰহণ কৰা তেওঁলোকৰ খেলুৱৈ ক্লেয়াৰ মিচেল অসুস্থ হৈছে, যাৰ বাবে তেওঁৰ দলটোৱে এতিয়া ৰিলে ট্ৰাইএথলনৰ পৰা আঁতৰি আহিবলগীয়া হৈছে।

3 / 5

৩৫ বছৰীয়া খেলুৱৈ মিচেলে বেলজিয়ামৰ হৈ ইউৰোপীয় চেম্পিয়নশ্বিপ আৰু বিশ্ব চেম্পিয়নশ্বিপত পদক অৰ্জন কৰিছে। ১৯৭৬ চনত তেওঁৰ মাতৃয়েও অলিম্পিকত অংশগ্ৰহণ কৰিছিল, তেওঁ আছিল এগৰাকী সাঁতোৰবিদ ।

4 / 5

পেৰিছ অলিম্পিক গেমছৰ আয়োজকসকলে মিচেলৰ অসুস্থতাৰ সন্দৰ্ভত ততাতৈয়াকৈ কোনো বিবৃতি প্ৰকাশ কৰা নাই যদিও আয়োজক সমিতিয়ে পূৰ্বনিৰ্ধাৰিত সময়সূচী অনুসৰি ছেইননদীত অনুষ্ঠিত হ’ব বুলি জনাইছে।

5 / 5

আৰম্ভণিৰে পৰাই ছেইন নদীৰ পানীৰ মানদণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে। এই কাৰণেই প্ৰথম ট্ৰাইএথলন অনুশীলন বাতিল কৰিবলগীয়া হৈছিল।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!